দৈৰ বিষয়ে- আয়ুৰ্বেদ শাস্ত্ৰ মতে দৈ এবিধ ৰুচিকাৰক, শুক্ৰবৰ্ধক, অগ্নিদীপক অৰ্থাৎ মন্দাগ্নি নিবাৰক তথা বাতৰোগ প্ৰশমক পুষ্টিকৰ খাদ্য পদাৰ্থ। এয়া গাখীৰৰ তুলনাত ই (দৈ) অধিক পুষ্টিকাৰক আৰু সুপাচ্য অৰ্থাৎ সহজে হজম হোৱা প্ৰকৃতিৰ উপকাৰী খাদ্য পদাৰ্থ। ইয়াৰ নিয়মিত সেৱনে দেহৰ ৰোগ প্ৰতিৰোধী শক্তি বঢ়াই তোলে। ইয়া পাকস্থলীৰ উষ্ণতা প্ৰশমিত কৰি পেটৰ ভিতৰত সৃষ্টি হোৱা হানিকাৰক জীৱাণুবোৰ নাশ কৰি পেটৰ যথেষ্ট উপকাৰ সাধন কৰে। দৈৰ নিয়মিত সেৱনে বৃদ্ধাৱস্থাৰ গতি লেহেম কৰাই নহয়, ই কেঞ্চাৰৰ নিচিনা দূৰাৰোগ্য ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো এটা ইতিবাচক ভূমিকা গ্ৰহণ কৰে বুলি খাদ্য বিশেষজ্ঞসকলে মত পোষণ কৰিছে। দৈয়ে বৃহদান্ত্ৰৰ বেৰত এক বিশেষ আৱৰণৰ সৃষ্টি কৰি কিছুমান ক্ষতিকাৰক বীজাণুৰ পৰা দেহক বচাই ৰাখে। বয়সিয়াল লোকৰ বাবে দৈ বিশেষভাৱে উপকাৰী। দৈৰ ঔষধি গুণঃ দৈত কেলছিয়াম আৰু লেষ্ট্ৰিক এচিড প্ৰচুৰ মাত্ৰাত পোৱা যায়। নিয়মিত ৰূপত ইয়াক সেৱন কৰিলে গাৰ ছালৰ কোমলতা বৃদ্ধি পায়। দৈৰ লগত জালুক (মিহিকৈ পিহি) মিহলাই চুলি ধুলে চুলি ঘন, কোমল আৰু অধিক ক’লা হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত পোৱা যায়। দৈৰ নিয়মিত সেৱনে কেঞ্চাৰ ৰোগৰ আশংকা কিছু পৰিমাণে কমাই ৰাখে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰিছে। বৃদ্ধাৱস্থাত প্ৰতিদিনে কমেও ১৫০ মিলিগ্ৰামকৈ দৈ সেৱন কৰিলে দেহৰ ‘এণ্টিবডী’ অৰ্থাৎ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বৃদ্ধি ঘটে। দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ খৰ আদিত লগালে সোনকালে খৰ নাশ হয়। কলৰে সৈতে দৈ খালে মুখৰ ছাল যোৱা আদিত সুফল পোৱা যায় আৰু সোনকালে মুখৰ ছাল যোৱা ৰোগ নিৰাময় হয়। দৈ অতিসাৰ শোথ ৰোগত যথেষ্ট উপকাৰী। ২৫০ মিলিগ্ৰামমান দৈৰ লগত মিঠা আমৰ লচ্চী (চৰবত) তৈয়াৰ কৰি খালে চেহেৰা তেজাল আৰু দীপ্তমান হৈ পৰে বুলি আয়ুৰ্বেদ শাস্ত্ৰত পোৱা যায়। টেঙা দৈৰে মূৰ (চুলি) ধুলে মূৰৰ উফি নাশ হয়। দৈ কেতিয়া খাব নালাগেঃ জ্বৰ হোৱা অৱস্থাত দৈ খাব নালাগে। মূৰৰ বিষ, ৰক্তপিত্ত, এলাৰ্জীক চাইনাচাইটিছ আদি ৰোগত ভোগা ব্যক্তিয়ে দৈ খাব নালাগে। চেনিৰে সৈতে দৈ খাব নালাগে। চেনিৰে সৈতে দৈ সেৱন কৰিলে উপকাৰিতাৰ মাত্ৰা হ্ৰাস পায়। দৈ সেয়ে সদায় নিমখৰ সৈতে সেৱন কৰা উচিত। ৰক্ত সম্পৰ্কীয় ৰোগত ভোগা ব্যক্তিয়ে সাধাৰণতে ৰাতিৰ ভাগত দৈ খাব নালাগে। দৈনন্দিন খাদ্য তালিকাত দৈৰ নিয়মীয়া অন্তৰ্ভুক্তিৰে নিঃসন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো। (উৎসঃ অসম বাণী, ভুৱনেশ্বৰ ডেকা)