মিজেল্ছ(Measles) বা সৰুআই আৰু ৰুবেলা(Rubella) দুটা ভাইৰাছৰ দ্বাৰা হোৱা ভয়াৱহ সংক্ৰামক ৰোগ৷ ই সংক্ৰমিত ব্যক্তিৰ পৰা সুস্থ্য ব্যক্তিলৈ কাঁহ, হাঁচি বা শ্বাস-প্ৰশ্বাস ৰ দ্বাৰা বিয়পে৷ সৰুআই বেমাৰ হ’লে তীব্ৰ জ্বৰ, গাৰ চালত ৰঙা দমলা উঠা, কাহ, নাকেৰে শেঙুন ওলাই থকা বা চৰ্দি, চকু ৰঙা পৰা আদি লক্ষণ দেখা যায়৷ এই ৰোগ হ’লে অধিকাংশ শিশু ডায়েৰিয়া আৰু নিমুনিয়া হৈ মৃত্যু মূখত পৰে৷ কিছু সংখ্যক শিশুৰ মগজুৰ সংক্ৰমন হৈ মৃত্যুমুখত পৰে বা মানসিক বিসংগতিৰ সৃষ্টি হয়৷ আনহাতে ৰুবেলা ৰোগ হ’লে সাধাৰণতে গাত ৰঙা দমলাৰ সৈতে মধ্যমীয়া জ্বৰ,বমি ভাৱ আৰু চকু ৰঙা পৰা আদি লক্ষণবোৰ দেখা দিয়ে৷

ডিঙি আৰু কাণৰ তলফালৰ গ্ৰন্হি ফুলি উঠা হৈছে এই ৰোগৰ বিশেষ চাৰিত্ৰিক বৈশিষ্ট্য৷ এই ৰোগ বিশেষকৈ গৰ্ভৱতী মহিলাৰ প্ৰথম অৱস্থাত হ’লে গৰ্ভপাত হ’ব পাৰে বা মৃত সন্তান প্ৰসৱ কৰিব পাৰে৷ আটাইতকৈ ডাঙৰ কথা আক্ৰান্ত মহিলা গৰাকীৰ জীৱিত সন্তান জন্ম হ’লেও শাৰিৰিক বা মানসিক ভাৱে অক্ষম বা বিকলাংগ শিশু হ’ব পাৰে যাক চিকিৎসা বিজ্ঞানৰ ভাষাত "কনজেনিটেল ৰুবেলা চিনড্ৰম"(congenital rubella syndrome)বা চমুকৈ চি.আৰ.এছ বোলা হয়৷ চি.আৰ.এছ ত ভোগা প্ৰায়ভাগ শিশুৰে জন্মগত অন্ধতা, কাণ কলা হোৱা, হৃদপিণ্ডৰ বিসংগতি আদি থকা দেখা যায়৷

এই দুয়োটা ৰোগৰে বৰ্তমানলৈ কোনো ফলপ্ৰসূ চিকিৎসা নাই ৷কেৱল ভেকচিনৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰি৷ MMR ভেকচিন বহু বছৰ আগৰে পৰা বজাৰত উপলব্ধ৷ বৰ্তমান চৰকাৰী চিকিৎসালয়তো MR ভেকচিন বিনামূলীয়াকৈ দিয়া হয় ৷MR ভেকচিনৰ প্ৰথম পালি বেজী ৯ মাহৰ পৰা ১২ মাহ আৰু দ্বিতীয় পালি বেজী ১৬ মাহৰ পৰা ২৪ মাহৰ ভিতৰত দিয়া হয়৷

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে শিক্ষাবিভাগ আৰু সমাজকল্যান বিভাগৰ সহযোগত অহা ১৭ আগষ্টৰ পৰা সমগ্ৰ অসমত ৯ মাহৰ পৰা ১৫ বছৰৰ সকলো শিশু আৰু কিশোৰ কিশোৰীক MR ভেকচিন দিয়াৰ এক বৃহৎ কাৰ্যসূচী হাতত লৈছে৷ এই কাৰ্য্যসূচী সকলো স্কুল, অংগনবাদীকেন্দ্ৰ আৰু স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হ’ব৷

এই "মিজেল্ছ ৰুবেলা টীকাকৰণ অভিযান" ৰ মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ ৯ মাহৰ পৰা ১৫ বছৰৰ সকলো শিশু আৰু কিশোৰ কিশোৰীক ২০২০ চনৰ ভিতৰত মিজেল্ছ আৰু ৰুবেলা বেমাৰৰ পৰা মুক্ত কৰা৷ ইতিমধ্যে এই অভিযান ভাৰতবৰ্ষৰ বহু ৰাজ্যত সফলতাৰে সম্পন্ন হৈ গৈছে ৷আমাৰ অসমতো এই অভিযান সফল কৰো আহক।

লেখক: ডাঃ ইন্দুভূষণ শৰ্মা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ