ৰোগ যন্ত্ৰণাত ছটফটাই থকা ৰোগীসকলৰ বাবে চিকিৎসকসকল হ’ল দেৱতা বা ভগৱানৰ লেখীয়া। এই চিকিৎসকসকলে মানৱ জাতিলৈ আগবঢ়োৱা মানৱীয় সেৱাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে এটা বিশেষ দিন উদযাপন কৰা হয়।

প্ৰতি বছৰৰ ১ জুলাই দিনটো এই দিৱস অৰ্থাৎ ‘চিকিৎসক দিৱস’(Doctors Day) হিচাপে পালন কৰি অহা হৈছে, যিটো প্ৰতিজন চিকিৎসকৰ বাবে এটা বিশেষ দিন।

চিকিৎসাৰ লগত জড়িত প্ৰতিজন চিকিৎসককে চিকিৎসা বৃত্তিটোৰ ভিতৰত ধৰা হয়। চিকিৎসক দিৱসে এই সকলো চিকিৎসককে সামৰি লয়।

ভাৰতত চিকিৎসক দিৱসৰ সূচনাৰ কাহিনীটো অতি আকৰ্ষণীয়। এই দিৱস ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম দিৱসত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পালন কৰা হয়। এই বিখ্যাত চিকিৎসকজনৰ জন্ম হৈছিল ১৮৮২ চনৰ ১ জুলাইত আৰু মৃত্যুও হৈছিল ১৯৬২ চনৰ ১ জুলাইত।

তেখেতে বহুতো অনুষ্ঠান, চিকিৎসালয় প্ৰতিষ্ঠাৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল আৰু ভাৰতীয় সমাজখনক আগুৱাই নিবলৈ নিজকে সম্পূৰ্ণ উৰ্চগা কৰিছিল।

ৰঙা কাৰনেচন(Carnation, Dianthus caryiphylle) ফুলক চিকিৎসক দিৱসৰ আনুষ্ঠানিক প্ৰতীক হিচাপে নিৰ্বাচিত কৰা হৈছে। এই ফুলবি[ধৰ ৰঙা ৰংটোৱে চিকিৎসক বৃত্তিটোৰ উদ্যমক সূচায়। ই শ্ৰদ্ধা, সেৱাৰ মনোভাৱ, ত্যাগ, সাহস আৰু সুবিবেচনাক প্ৰতিনিধিত্ব কৰে।

আমাৰ জীৱনত চিকিৎসকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সোঁৱৰাই দিয়াৰ বাবে এই দিনটো উৎসৰ্গিত। চিকিৎসকসকলে ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এক তীব্ৰ প্ৰত্যাহ্বান লৈ থাকে, য’ত এটা সামান্য ভুলেই এজন ৰোগীৰ জীৱন বন্তি নিৰ্বাপিত কৰিব পাৰে। তেওঁলোকে নিজৰ সৰ্ব সামৰ্থৰে ৰোগীক সুস্থ কৰি তোলাৰ বাবে সেৱা আগবঢ়োৱাৰ সংকল্প লৈ থাকে।

চিকিৎসক দিৱসটোত মানুহে এই বৃত্তিটোত লাগি থকা চিকিৎসকসকলৰ মানসিক চাপক স্বীকৃতি ধন্যবাদ জনোৱা আৰু তেওঁলোকৰ ৰোগ আৰোগ্যৰ সামৰ্থৰ বাবে কৃতজ্ঞতা জনোৱাৰ এটা সঠিক সুযোগ পায়।

আমেৰিকা আৰু আন পশ্চিমীয়া দেশবোৰে চিকিৎসক দিৱস মাৰ্চ মাহৰ ৩০ তাৰিখে উদযাপন কৰে। এই দিনটোত ডাঃ ক্ৰফোৰ্ড ডব্লিউ লঙে বিশ্বত পোন প্ৰথমবাৰৰ বাবে এনাস্থেচিয়া প্ৰয়োগ কৰি জৰ্জিয়াত এজন ৰোগীৰ ডিঙিৰ পৰা এটা টিউমাৰ অস্ত্ৰোপচাৰ কৰি আঁতৰাই পেলাইছিল। ডাঃ লঙৰ এই ঐতিহাসিক সাফল্যৰ স্বীকৃতি স্বৰূপে ৩০ মাৰ্চ তাৰিখটো ‘চিকিৎসক দিৱস’ ৰূপে আমেৰিকা আৰু পশ্চিমীয়া দেশবিলাকে পালন কৰে।

কিউবাত আকৌ ৩ ডিচেম্বৰৰ দিনটো চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। কিউবাৰ বিশিষ্ট চিকিৎসা বিজ্ঞানী তথা ‘ইয়েলো ফিভাৰ’ৰ(Yellow Fever) গৱেষক কাৰ্লোচ জুৱান ফিনলেৰ জন্ম দিনটো হৈছে ৩ ডিচেম্বৰ।

তেওঁলৈ সন্মাই জনাই উক্ত দিনা সমগ্ৰ কিউবাত ‘চিকিৎসক দিৱস’ পালন কৰা হয়। ১৮৮১ চনত তেওঁ প্ৰমাণ কৰিছিল যে এবিধ মহে কামোৰাৰ বাবে ইয়েলো ফিভাৰ হয়।

ইয়াৰ এবছৰ পিছত ‘এডিছ’ প্ৰজাতিৰ মহে কামোৰা বাবে ইয়েলো ফিভাৰ হোৱা বুলি জানিব পৰা গ’ল। চিকিৎসক ফিনলিয়ে দিয়া পৰামৰ্শ অনুসৰি এই মহবিধৰ বংশবৃদ্ধি নিয়ন্ত্ৰণ কৰি ৰোগ বিয়পাত বাধা দিব পৰা গ’ল।

ভিয়েটনামত ‘চিকিৎসক দিৱস’টো ২৭ ফেব্ৰুৱাৰী বা তাৰ আশে-পাশে যিকোনো সুবিধাজনক দিন এটাত পালন কৰা হয়। তাত ১৯৫৫ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পৰাই এই দিৱস পালন কৰি অহা হৈছে।

ইৰাণত এভিচেন্নাৰ জন্ম দিনটো(ইৰাণৰ শ্বাহৰিভাৰ মাহৰ পহিলা তাৰিখ, ইংৰাজী ২৩ আগষ্ট) ৰাষ্ট্ৰীয় চিকিৎসক দিৱসস্বৰূপে পালন কৰা হয়।

চিকিৎসকসকলৰ সেৱাৰ স্বীকৃতি স্বৰূপে কৃতজ্ঞতা আৰু সন্মান জনোৱাৰ বাবে এটা বিশেষ দিন আছুতীয়াকৈ ৰখাৰ ধাৰণাটো প্ৰথমে এণ্ডোৰা ব্ৰাউন আলমণ্ডে প্ৰকাশ কৰিছিল। তেওঁ আছিল ডাঃ চাৰ্লচ বি আলমণ্ডৰ পত্নী।

ডাঃ ক্ৰফৰ্ড ডব্লিউ লঙে বিশ্বত পোন প্ৰথমবাৰৰ বাবে এনাস্থেচিয়া প্ৰয়োগ কৰি অস্ত্ৰোপচাৰ কৰাৰ বৰ্ষপূৰ্তি উদযাপন অনুষ্ঠান পালন কৰি সেই ধাৰণাটোক স্বীকৃতি দিয়া হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন