চিকিৎসাগত সহায় তৎকালে পোৱা নগ’লে এনে প্ৰাথমিক চিকিৎসা ব্যৱস্থা লব লাগে। পোৰা বা দগ্ধ হোৱাৰ প্ৰাথমিক চিকিৎসা যদি শিশুগৰাকীৰ কাপোৰত জুই লাগে তেন্তে তৎকালে শিশুটিক কম্বল বা আন তেনে কাপোৰেৰে মেৰিয়াই মাটিত বগৰাই দি জুই নুমুৱাব লাগে। পোৰা অংশ তৎকালে শীতল কৰিব লাগে। যথেষ্ট পৰিমাণৰ ঠাণ্ডা, পৰিষ্কাৰ পানী ঢালিব লাগে। যদি পোৰা অংশ বিভিন্ন অংগলৈ বিয়পি পৰিছে তেন্তে শিশুটিক ঠাণ্ডা পানীৰ চৌবাচ্চা বা চৰিয়াত বহুৱাই দিব লাগে। পোৰা অংশ ঠাণ্ডা কৰিবলৈ আধা ঘন্টা সময় এনেকৈ ৰাখিব লগা হব পাৰে। পোৰা অংশ পৰিষ্কাৰ আৰু শুকানকৈ ৰাখিব লাগে আৰু ঢিলা বেণ্ডেজৰে ঢাকি থব লাগে। যদি পোৰা অংশটো এটা ডাঙৰ পইছাতকৈ ডাঙৰ হয় বা জোলা বান্ধে তেন্তে শিশুটিক স্বাস্থ্যকৰ্মীৰ কাষলৈ নিব লাগে। পানী জোলাটো ফুটাব নালাগে। কাৰণ জোলাটোৱে আঘাটৰ অঞ্চলটো সুৰক্ষিত কৰি ৰাখে। পোৰা অংশত আন কিবা সামগ্ৰী লাগি থাকিলে সেইবোৰ আতঁৰাব নালাগে। পানীৰ বাহিৰে পোৰা অংশত আন একো লগাব নালাগে। শিশুটিক জুলীয়া খাদ্য যেনে ফলৰ ৰস বা পানীত নিমখ চেনী মিহলাই খাবলৈ দিব লাগে। বৈদ্যুতিক শ্বকৰ প্ৰাথমিক চিকিৎসা যদি শিশুক বৈদ্যুতিক শ্বক লাগে বা পোৰে তেন্তে প্ৰথমে বৈদ্যুতিক সংযোগ বিচ্ছিন্ন বা বুটাম বন্ধ কৰি লব লাগে। যদি শিশুটি অজ্ঞান অৱস্থাত থাকে তেন্তে শিশুটিক উত্তাপৰ মাজত ৰাখিব লাগে আৰু তৎকালীনভাৱে চিকিৎসাগত সহায় বিচাৰিব লাগে। যদি শিশুটিৰ উশাহ লওঁতে কষ্ট হৈছে বা উশাহ বন্ধ হৈছে ওপৰমুৱাকৈ শুৱাই দি লাহেকৈ ডিঙিটো অলমান ওপৰলৈ দাঙি ধৰিব লাগে। মুখেৰে বতাহ সুমুৱাই কৃত্ৰিম উশাহ দিয়াৰ চেষ্টা কৰিব লাগে। শিশুটিৰ বুকু ফুলি উঠিব পৰাকৈ পৰ্য্যন্ত পৰিমাণৰ বায়ু সোমোৱাই দিব লাগে। তিনিলৈকে গনণা কৰি পুনৰ বায়ু ভৰাব লাগে। শিশুটিয়ে নিজে উশাহ নোলোৱালৈকে এনে কাৰ্য্য অব্যাহত ৰাখিব লাগে। পথ দূৰ্ঘটনা আৰু বাগৰি পৰি হোৱা আঘাটত প্ৰাথমিক চিকিৎসা: মূৰ, মেৰুদণ্ড বা বিশেষকৈ ডিঙিত পোৱা আঘাট অতি বিপদজনক আৰু ইয়াৰ ফলত শিশুটিৰ চিৰজীৱনৰ বাবে পক্ষাঘাত হব পাৰে বা মৃত্যুও ঘটিব পাৰে। মূৰ, মেৰুদণ্ড আদি অধিক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ যিমান সম্ভৱ কমকৈ এই অংগ লৰচৰ কৰিব লাগে আৰু বেঁকা-বেঁকি কৰিব নালাগে। লৰচৰ কৰিব নোৱাৰা আৰু অতি বিষত থকা শিশুৰ হাড় ভাঙিব পাৰে। আঘাটপ্ৰাপ্ত অংশটো লৰচৰ কৰিব নালাগে। সতৰ্কভাৱে ঠাইডোখৰক সহায়ক প্ৰদান কৰিব লাগে আৰু তৎকাল চিকিৎসা সেৱা বিচাৰিব লাগে। যদি শিশুটি অজ্ঞান অৱস্থাত থাকে তেন্তে তেওঁক উত্তাপত ৰাখি চিকিৎসকক দেখুৱাব লাগে। যদি আঘাট পোৱা ঠাইখিনি উখহি উঠে তেন্তে আঘাটপ্ৰাপ্ত ঠাইখিনি শীতল পানীৰে বা বৰফ লগাই ১৫ মিনিট সময় ৰাখিব লাগে। বৰফ প্ৰত্যক্ষভাৱে ছালত লগাব নালাগে। ঠাইডোখৰত কাপোৰ মেৰিয়াই দি তাৰ ওপৰত বৰফ দিব লাগে। ১৫ মিনিটৰ পাছত বৰফ আতঁৰাই ১৫ মিনিট সময় অপেক্ষা কৰিব লাগে আৰু প্ৰয়োজন হ’লে পুনৰ বৰফ লগাব লাগে। বৰফে বিষ, উখহি উঠাটো কমাই তুলিব। কটা আৰু ডাঙৰ ক্ষতৰ প্ৰাথমিক চিকিৎসা: সৰু কটা আৰু ঘাঁ ঘাঁ ডোখৰ অতি পৰিষ্কাৰ পানীৰে (উতলাই চেঁচা কৰা) চাবোন সানি ভালদৰে ধুব লাগে। ঘাঁৰ চাৰিওকাষৰ ছাল শুকুৱাই লব লাগে। পৰিষ্কাৰ কাপোৰেৰে ঘাঁ ডোখৰ ঢাকি ওপৰত বেণ্ডেজ লগাই দিব লাগে। ডাঙৰ আৰু জটিল ক্ষত: যদিহে আইনাৰ টুকুৰা বা আন বস্তু কটা ঘাঁত লাগি থাকে তেন্তে সেইবোৰ আতঁৰাব নালাগে। এনে বস্তু আতঁৰালে বেছিকৈ তেজ ওলাব পাৰে বা আঘাট আৰু অধিক জটিল হব পাৰে। যদি শিশুটিৰ অধিক ৰক্তপাত হৈ থাকে তেন্তে আঘাট পোৱা অংশটো কাপোৰেৰে মেৰিয়াই হেঁচি ধৰি বুকুতকৈ ওপৰ অংশলৈ তুলি ধৰিব লাগে। তেজ বন্ধ নোহোৱালৈ এনেদৰে হেঁচা দি থাকিব লাগে। কোনো ধৰণৰ পশুজ বা পাত বন এনে ঘাঁত লগাব নালাগে। ইয়াৰ ফলত সংক্ৰমণ হব পাৰে। আঘাটত বেণ্ডেজ বান্ধি দিব লাগে। ওখহি উঠিব পৰাকৈ ঢিলাকৈ বেণ্ডেজ বান্ধিব লাগে। শিশুটিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যাব লাগে বা চিকিৎসা সেৱা বিচাৰিব লাগে। শিশুটিক টিটেনাছ টক্সাইডৰ বেজী দিব লাগিব নেকি সেই বিষয়ে স্বাস্থ্যকৰ্মীক সুধি লওক। উশাহ বন্ধ হোৱাৰ প্ৰাথমিক চিকিৎসা শিশু আৰু কেঁচুৱাই যদি কাঁহে তেন্তে তেওঁক বাধা দিব নালাগে-কাঁহৰ দ্বাৰা লাগি ধৰা বস্তু বাহিৰ হ’বলৈ দিব লাগে। যদি ডিঙিৰ ভিতৰত থকা সামগ্ৰীটো সোনকালে বাহিৰ ওলাই নাহে তেন্তে শিশুটিৰ মুখৰ পৰা আঙুলীৰে উলিয়াবলৈ চেষ্টা কৰিব লাগে। যদিহে তেতিয়াও সামগ্ৰীটো শিশুটিৰ ডিঙিৰ ভিতৰত লাগি থাকে তেন্তে: কেঁচুৱা আৰু সৰু শিশুৰ ক্ষেত্ৰত: মূৰ আৰু ডিঙিত সহায়ক প্ৰদান কৰিব লাগে। কেঁচুৱাটিক ভৰিতকৈ মুখখন তললৈ কৰি ওলোমাই ধৰিব লাগে। কান্ধৰ মাজত লাহে লাহে চপৰিয়াই দিব লাগে। কেঁচুৱাৰ মুখখন ওপৰলৈ কৰি স্তনৰ মাজত জোৰকৈ ৫ বাৰ ধৰিব লাগে। ডিঙিত থকা সামগ্ৰীটো ওলাই নহালৈ এনেদৰে কৰি যাব লাগে। যদি সামগ্ৰীবিধ ওলাই নাহে তেন্তে তৎক্ষণাত ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ শিশুটিক লৈ যাব লাগে। ডাঙৰ শিশুৰ ক্ষেত্ৰত: শিশুটিৰ পিছফালে কান্ধৰ সমানত কঁকাল পৰাকৈ ঠিয় হব লাগে। বুঁঢ়া আঙুলীৰে শিশুটিৰ পেটত হেচা প্ৰয়োগ কৰিব লাগে। লাহে লাহে ওপৰলৈ ঠেলি আনিব লাগে। সামগ্ৰীটো ওলাই নহালৈকে এনে কৰিব লাগে। যদি বাহিৰ ওলাই নাহে তেন্তে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ তৎক্ষণাত লৈ যাব লাগে। উশাহ লোৱাত অসুবিধা আৰু পানীত ডুবাৰ প্ৰাথমিক চিকিৎসা: যদিহে শিশুটিয়ে মূৰত বা ডিঙিত আঘাট পোৱা বুলি ধাৰণা কৰা হয় তেন্তে শিশুটিৰ মূৰটো অকনমানো লৰাব নালাগে। মূৰটো নলৰোৱাকৈ তলত দিয়া নিৰ্দেশাৱলী মতে কৰি যাব লাগে। যদি শিশুটিৰ উশাহ লওঁতে কষ্ট হৈছে বা উশাহ লবলৈ পৰা নাই তেন্তে ওপৰ মুৱাকৈ শিশুটিক শুৱাই দিব লাগে। শিশুটিৰ মূৰটো অকনমান পিছলৈ বেঁকা কৰি দিব লাগে। শিশুটিৰ মুখেদি বতাহ সুমুৱাই দিব লাগে। শিশুটিৰ বুকু ফুলি উঠাকৈ বহুত জোৰে সোমোৱাব লাগে। তিনিবাৰ গণনা কৰি পুনৰ এনে কৰিব লাগে। শিশুটিয়ে নিজে উশাহ নোলোৱালৈকে এনে কাৰ্য্য অব্যাহত ৰাখিব লাগে। যদি শিশুটিয়ে উশাহলৈ আছে কিন্তু অজ্ঞান অৱস্থাত আছে তেন্তে শিশুটিক পথালিকৈ শুৱাই দিব লাগে যাতে শিশুটিৰ জিভাই উশাহ লোৱাত বাধা সৃষ্টি নকৰে। বিষসেৱনৰ প্ৰাথমিক চিকিৎসা: যদিহে শিশুটিয়ে বিষাক্ত দ্ৰব্য খাইছে, শিশুটিক বমি কৰোৱাবলৈ চেষ্টা কৰিব নালাগে। এনে কৰিলে শিশুটি অধিক অসুস্থ হৈ পৰিব পাৰে। যদি শিশুটিৰ ছাল বা কাপোৰত বিষাক্ত দ্ৰব্য লাগে তেন্তে ততালিকে কাপোৰ খুলি যথেষ্ট পৰিমাণৰ পানী গাত ঢালি দিব লাগে। চাবোনেৰে ছালখন কেইবাবাৰো ভালদৰে ধুব লাগে। যদি শিশুৰ চকুত বিষাক্ত দ্ৰব্য লাগে তেন্তে ১০ মিনিট সময় ধৰি শিশুটিৰ চকুত পানী মাৰি থাকিব লাগে। শিশুটিক অনতি পলমে স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয়লৈ নিব লাগে। যদি সম্ভৱ হয় বিষাক্ত দ্ৰব্যবিধ বা ইয়াৰ খালি পেকেট বা বটল লগত লৈ যাব লাগে। যিমান সম্ভৱ হয় শিশুটিক স্থিৰ আৰু নিৰৱে ৰাখিব লাগে। উৎস: ইউনিছেফ