কোনো এজন লোক যেতিয়া আঘাটপ্ৰাপ্ত হয় বা হঠাত্ অসুস্থ হৈ পৰে, তেওঁক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰালৈকে যিখিনি সময় পোৱা যায়; সেই সময়খিনি লোকজনৰ জীৱনৰ বাবে বৰ গুৰুত্বপূৰ্ণ আৰু সংকটপূৰ্ণ। ইয়াত কেইটামান প্ৰাথমিক চিকিৎসাৰ পৰামৰ্শ উল্লেখ কৰা হ’ল: ঘৰত এটা প্ৰাথমিক চিকিৎসাৰ সঁজুলিৰ বাকচ থাকিব লাগে। ইয়াক সহজে পোৱা ঠাইত থব লাগে। প্ৰয়োজনীয় সকলো সঁজুলি আৰু ঔষধ যাতে থাকে সেয়া সুনিশ্চিত কৰিব লাগে। সঁজুলি আৰু ঔষধৰে পূৰ্ণ এই প্ৰাথমিক চিকিৎসাৰ বাকচটো সৰু ল’ৰা-ছোৱালীয়ে সহজে ধুকি পোৱা ঠাইত থব নালাগে। আক্ৰান্ত লোকজনক সহায় কৰাৰ আগতে নিজে সুৰক্ষিত হৈ লব লাগে। সামগ্ৰিকভাৱে পৰিস্থিতিটো অধ্যয়ন কৰি লব লাগে। প্ৰয়োজনীয় ক্ষেত্ৰত আক্ৰান্ত ব্যক্তিৰ তেজ বা শৰীৰৰ পৰা নিৰ্গত হোৱা আন পদাৰ্থৰ সংস্পৰ্শলৈ নাহিবৰ বাবে ৰবৰৰ হাত মোজা পিন্ধি লব লাগে। কোনো জৰুৰী অৱস্থাৰ সৃষ্টি হ’লে লক্ষ্য ৰাখিব লাগে যাতে, লোকজনৰ জিভাই মুখেৰে উশাহ লোৱাৰ পথ বন্ধ কৰি নিদিয়ে। মুখখন সদাই উশাহ লব পৰাকৈ মুকলি হৈ থাকিব লাগে। মুখত কোনো জুলীয়া পদাৰ্থ বা বাহিৰা বস্তু যাতে নাথাকে তাৰ প্ৰতি গুৰুত্ব দিব লাগে। আক্ৰান্ত ব্যক্তিয়ে নিজে উশাহ লব নোৱাৰিলে কৃত্ৰিম শ্বাস-প্ৰশ্বাস দিব লাগে। আক্ৰান্ত ব্যক্তিৰ ৰক্তক্ষৰণৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ নাড়ীস্পন্দন আৰু তেজৰ চলাচল ঠিকে আছেনে নাই চাব লাগে। আক্ৰান্ত ব্যক্তিৰ যদি বেছিকৈ তেজ গৈ থাকে, যদি বিহজাতীয় বস্তু সেৱন কৰিছে বা যদি হূদস্পন্দন বা শ্বাস-প্ৰশ্বাস একেবাৰে বন্ধ হৈ গৈছে; তেতিয়া হ’লে খুউব ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এনে অৱস্থাত প্ৰতিটো পল গুৰুত্বপূৰ্ণ। কান্ধ বা শৰীৰৰ পিছফালে আঘাট পোৱা লোকক পৰাপক্ষত লৰচৰ কৰিব নালাগে। এইটো অতি জৰুৰী কথা। অৱশ্যে যদিহে তাতোকৈ বিপদজনক অৱস্থাৰ পৰা তেওঁক ৰক্ষা কৰাটো প্ৰয়োজনীয় হয়, তেন্তে কৰিবই লাগিব। আক্ৰান্ত ব্যক্তিয়ে যদি বমি কৰে, আৰু তেওঁৰ যদি কান্ধটো ভাঙি যোৱা নাই তেন্তে তেওঁক কাটিয়া কৰি শুৱাই দিব লাগে যাতে উশাহ বন্ধ নহয়। কম্বল বা আন কাপোৰেৰে ঢাকি তেওঁৰ শৰীৰটো গৰম কৰি ৰাখিব লাগে। কোনো এজনে প্ৰাথমিক চিকিৎসা দি থকাৰ সময়তে আন এজনে চিকিৎসকক মাতিব লাগে আৰু প্ৰয়োজনত এম্বুলেঞ্চ আহি নোপোৱালৈকে কি কি কৰণীয় তাৰ পৰামৰ্শ লব লাগে। নিজে শান্ত সুস্থিৰভাৱে থাকি আক্ৰান্ত ব্যক্তি গৰাকীক মানসিক ভাৱে সকাহ, সহযোগিতা আগবঢ়াব লাগে। অজ্ঞান হোৱা বা অৰ্ধচেতন লোকক জুলীয়া বস্তু খাবলৈ দিব নালাগে। জুলীয়া পদাৰ্থই শ্বাসনলীত সোমাই তেওঁৰ শ্বাস ৰোধ কৰিব পাৰে। অচেতন ব্যক্তিক চপৰীয়াই বা ধকা মাৰি জগাবলৈ চেষ্টা কৰিব নালাগে। আক্ৰান্ত ব্যক্তিৰ কোনো ঔষধৰ প্ৰতি এলাৰ্জি আছে নেকি, বা কোনো স্বাস্থ্যজনিত গুৰুত্বপূৰ্ণ সমস্যা আছে নেকি সেইটো জনা অতি প্ৰয়োজনীয়। উৎস: আইএনডিজি দল