চুপাৰ স্কিন ফুড গাজৰৰ ৰসে ছালৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে কাৰণে গাজৰক ‘চুপাৰ স্কিন ফুড’ নামেৰে জনা যায়। গাজৰৰ ৰসে ছালৰ ভমভমনি নাইকিয়া কৰিব পাৰে। গাজৰৰ ৰসে শৰীৰৰ তাপৰ উষ্ণতাৰ সমতা ৰক্ষা কৰাত সহায় কৰে। একাপ গাজৰৰ ৰসত আধা সিদ্ধ এটা কণী মিহলাই তাত ৪ চামুচ মৌ দি দিনে ২ বাৰকৈ একেৰাহে ৯০ দিন খালে নপুংসতা ৰোগীয়ে আৰোগ্য লাভ কৰে। গৰ্ভধাৰণ শক্তি বৰ্দ্ধক ফল এটা ডালিমৰ কলি পানীৰে ধুই ৫ চামুচ ঠাণ্ডা পানীৰ লগত মিহলি কৰি সপ্তাহত ২ দিনকৈ একেৰাহে ২ মাহ মান খালেই গৰ্ভধাৰণ শক্তি বাঢ়ে। প্ৰস্ৰাৱ নলীত পোৰণি আৰু প্ৰস্ৰাৱ খোলোচা নোহোৱা সৰু ইলাচিৰ ২ চামুচ দানা(গুটি) পিহি আধাকাপ গৰুৰ গাখীৰৰ লগত দিনে এবাৰকৈ ৩/৪ দিন খালেই প্ৰস্ৰাৱ নলী পোৰণি আৰু প্ৰস্ৰাৱ খোলোচা নোহোৱা ৰোগীয়ে সুফল লাভ কৰে। ৰক্তহীনতা আৰু বীৰ্য দুৰ্বলতা বেলৰ গুড়া ২ চামুচৰ লগত আধা চামুচ মিচিৰিৰ গুড়া মিহলি কৰি একাপ গাখীৰৰ সৈতে সপ্তাহত এবাৰকৈ খালে ৰক্তহীনতা দূৰ হয়, বীৰ্য দুৰ্বলতা নাইকিয়া হোৱাৰ উপৰি শৰীৰত শক্তি বৃদ্ধি হোৱা দেখা যায়। পেটত গেছ জমা জনি গুড়া (এজুৱাইন) এটিপা অলপ পানীৰ লগত খালে পেটত গেছ জমা হোৱাৰ ফলত উগাৰ আহিলে ৰোগীয়ে যথেষ্ট সুফল পায়। ঋতুস্ৰাৱ অনিয়মীয়া আৰু ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষ মানিমুনিৰ পাত আৰু ঠাৰিৰ পৰা ৫ চামুচ (চাহ চামুচেৰে) ৰস উলিয়াই খালে ঋতুস্ৰাৱ নিয়মীয়া আৰু ঋতুস্ৰাৱৰ সময়ত হোৱা পেটৰ বিষ নাইকিয়া হয়। একেৰাহে এমাহ মান খাব লাগে। মুখৰ ভিতৰত হোৱা ঘা বা দেহৰ অন্য ঠাইত হোৱা ঘা মুখৰ ভিতৰত হোৱা শুকুৱাবৰ বাবে মানিমুনি পাত, ঠাৰি আৰু শিপাৰ ৰস উলিয়াই দিনে ৩/৪ বাৰ কুলকুলি কৰিব লাগে। দেহৰ অন্য ঠাইত ঘা শুকুৱাৰ বাবে মানিমুনি পাত ভালদৰে পানীৰে ধুই খুন্দি তাৰ ৰস ঘাঁত চেপি দিব লাগে। দিনে দুবাৰমান ব্যৱহাৰ কৰা উচিত। অম্লপিত্ত আহাৰ গ্ৰহণ কৰাৰ পাছতে ৩ টা লং চোবাই খালে অম্লপিত্ত ৰোগীয়ে সুস্থতা লাভ কৰে। উৎস: বনদৰব আৰু আৰোগ্য।