তেজ চলাচলৰ অন্যতম বিপদজনক গণ্ডগোলৰ কাৰণ হ’ল হৃৎপিণ্ডৰ প্ৰকট অক্ষমতা। সেয়া দেখা দিব পাৰে বহু সময় ধৰি অক্সিজেন গেছৰ স্বল্পতাৰ ফলত। অক্সিজেনৰ স্বল্পতা সৃষ্টি হয়-অতি বেছি পৰিমাণে ৰক্তপাত হ’লে মানসিক আঘাতজনিত কাৰণত স্নায়ু আঘাতপ্ৰাপ্ত হ’লে, হৃৎপিণ্ডৰ কপাটৰ বিকাৰ থাকিলে (মাইট্ৰাল ষ্টেনোচিচ), ৰক্তচাপ বহু বেছি পৰিমাণে বাঢ়ি গ’লে, হৃৎপিণ্ডৰ মাংসপেশী দুৰ্বল হ’লে, বিভিন্ন ধৰণৰ বিষৰ বিষক্ৰিয়া ইত্যাদি বিভিন্ন কাৰণত। হৃৎপিণ্ডৰ প্ৰকট অক্ষমতাত হৃৎপিণ্ডৰ মাংসপেশীয়ে সংকোচন ক্ষমতা হেৰুৱাই পেলায়। সেয়ে হৃৎপিণ্ডলৈ উভতি অহা তেজবোৰ পুনৰ নিক্ষেপ কৰিবলৈ অপাৰগ হয়। ফলত হৃৎপিণ্ডৰ পৰা নিক্ষিপ্ত তেজৰ পৰিমাণ (কাৰ্ডিয়াক আউটপুট) কমি গৈ থাকে আৰু তেজ এঠাইত জমা হৈ থাকে। হৃৎপিণ্ডৰ বাওঁ নিলয়ৰ অক্ষমতাত তেজ জমা হয় প্ৰধানকৈ হাঁওফাঁওৰ ভিতৰত। তেনে অৱস্থাত শ্বাসকষ্ট, নাড়ী দ্ৰুত হোৱা, তেজত অক্সিজেন কমি যোৱা আৰু আম্লাধিক্য হোৱা, হাঁওফাঁওৰ শোথ আদি উপসৰ্গ পৰিলক্ষিত হয়। যদি সোঁ নিলয়ৰ অক্ষমতাই দেখা দিয়ে তেন্তে তেজ সৰবৰাহৰ বৃহৎ চক্ৰত তেজ জমা হ’ব ধৰে। তেতিয়া হাত-ভৰি ফুলা, যকৃতৰ বৃদ্ধি আদি পৰিলক্ষিত হয়। ৰক্তপ্ৰবাহৰ গতি আৰু বিভিন্ন অংগলৈ অক্সিজেনৰ সৰবৰাহ হ্ৰাস পায়। ঘৰুৱা ব্যৱস্থা একাপ গাখীৰৰ সৈতে ২-৩ চামুচ অৰ্জুন গছৰ ছালৰ ৰস আৰু এচামুচ ঘিউ মিহলাই খাব। এনেকৈ দিনত ২-৩ বাৰকৈ খাব লাগে। এক কি.গ্ৰা. ঘিউ ভালকৈ ধুই লোৱা অৰ্জুন গছৰ ডাল দুই কি.গ্ৰা. আৰু চাৰি লিটাৰ পানী একেলগে মিহলাই উতলাব। উতলি উতলি যেতিয়া এক লিটাৰমান থাকিব তেতিয়া নমাই মিশ্ৰণটো চেকি ল’ব। এই ঘিউ ভাগ অলপ অলপকৈ সেৱন কৰিব। ১০০ গ্ৰাম ময়দা, অৰ্জুন গছৰ ছালৰ গুড়ি ১০০ গ্ৰাম, ছাগলীৰ গাখীৰ এক লিটাৰ, ১০০ গ্ৰাম ঘিউ আৰু ১০০ গ্ৰাম চেনি মিহলাই ভালদৰে উতলাব। এই মিশ্ৰণটো মৌৰ সৈতে মিহলাই কিছুদিন খালে অতি প্ৰবল হৃদৰোগো আৰোগ্য হয়। লিখক: ডা: ৰফিক আলী।