হিষ্টিৰিয়া ৰোগৰ আক্ষেপন সাধাৰণতে দিনৰ ভাগত হয়। আক্ষেপনৰ আগমুহুৰ্তত ৰোগীৰ মনত এনে এক অনুভূতি হয় যেন ভীষণ ধৰণৰ অপ্ৰীতিকৰ কিবা এটা ঘটি যাব আৰু ৰোগী তাৰ বাবে খুবেই মুহ্যমান হৈ পৰে। হিষ্টিৰিয়াৰ ৰোগী পৰি যোৱাৰ সময়ত লাহে লাহে সুবিধাজনক ঠাইত পৰি যায়। গতিকে আঘাত লগাৰ সম্ভাৱনা বৰ কম। মুখেৰেও কোনো ধৰণৰ ফেন বা লালটি নোলায়, ৰোগীয়েও সংজ্ঞা নেহেৰুৱায়। শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া ব্যাহত নহয় আৰু চকুৰ মণিয়েও পোহৰৰ প্ৰতি প্ৰতিক্ৰিয়া দেখুৱায়। ৰোগীৰ প্ৰতি যিমানেই নজৰ দিয়া হয় সিমান বেছি সময় ধৰি আক্ষেপন চলি থাকে। সাধাৰণতে অজ্ঞাতে প্ৰস্ৰাৱ নহয়। আক্ষেপন কমি যোৱাৰ পাছত ৰোগী টোপনিত নপৰে, কাণতো তাল নালাগে, ৰোগীয়ে শান্তভাৱে নিজৰ কাম কৰি যাব পাৰে। ৰোগীক ধৰি কেতিয়াও আৱদ্ধ কৰি ৰাখিব নালাগে। শান্ত পৰিৱেশলৈ নি শুৱাই দিব লাগে আৰু বাহিৰা কোনো ব্যক্তি থাকিলে বা কি হৈছে বুলি চাব অহা মানুহবোৰক আঁতৰাই পঠাব লাগে। স্পিৰিট অৱ এম’নিয়া শুঙিবলৈ দিব লাগে। ৰোগীক কোনো ধৰণে বিব্ৰত কৰিব নালাগে। ঘৰুৱা ব্যৱস্থা বগৰী গুটিৰ সাহ, পিপলি, বিৰিণাৰ মূল আৰু নাগেশ্বৰ ফুলৰ কেশৰ মিহলাই পানীৰে বটি খুৱাব লাগে। পিপলি গুড়ি আৰু মৌ চেলেকি খুৱাব লাগে। ৰসসিন্দুৰ ০.৬ গ্ৰাম, পিপলি গুড়ি আৰু মৌৰে সৈতে ৭ দিন খালে মূৰ্ছা ৰোগ ভাল হয়। ৰাজ মৃগাংক ৰস এই ৰোগৰ উৎকৃষ্ট দৰৱ। ধনিয়াৰ ক্কাথ আৰু মিছিৰি ইয়াৰ অনুপান। এই ৰোগৰ ৰোগীয়ে দিনৰ ভাগত পুৰণি চাউলৰ ভাত, মগু, মচুৰ, বুট, মাটিমাহ, কাৱৈ, মাগুৰ, শিঙি, খলিহণা আদি মাছ, ছাগলীৰ মঙহ, কচু, কোমোৰা, বেঙেনা, কলডিল, মাখন, দৈ, ডালিম, আম, অমিতা, ডাৱৰ পানী, পগোৱা গাখীৰ আদি খাব। টেঙা, জ্বলা, ভজা-পোৰা খোৱা, চিন্তা, ভয়, শোক, খং অতিকৈ এলাহ বা অতিপাত শ্ৰম; শৌচ-প্ৰস্ৰাৱ, টোপনি আদিৰ বেগ ৰোধ নিষেধ। লিখক: ডা: ৰফিক আলী।