বুকুৰ ওপৰত যদি ভীষণ জোৰে আঘাত লাগে, খোচা লাগে, বুকুৰ কামিহাড় ভাঙে তেন্তে হাঁওফাঁও আঘাতপ্ৰাপ্ত হ'ব পাৰে। হাঁওফাঁওৰ বিভিন্ন অসুখ যেনে-যক্ষ্মা, কৰ্কট, শোথ আদিৰ ফলতো হাঁওফাঁওৰপৰা ৰক্তপাত হ'ব পাৰে। এনে ক্ষেত্ৰত দুৰ্দশাগ্ৰস্তৰ থুৰ সৈতে বা কাহোতে টিকটিকীয়া উজ্জ্বল ৰঙা তেজ বাহিৰ হয়। থুৰ সৈতে বা মুখেৰে তেজ ওলাই আহিলে দুৰ্দশাগ্ৰস্তৰ শ্বাস-প্ৰশ্বাসত বাধা জন্মিম পাৰে। সেয়ে লগে লগে দুৰ্দশাগ্ৰস্তৰ পোছাক খুলি দি আধা বহা অৱস্থাতে শুৱাই ৰাখিব লাগে। কোনো ধৰণৰ লৰচৰ কৰিব দিব নালাগে। যি কোঠাত দুৰ্দশাগ্ৰস্তক ৰখা হয়, সেই কোঠাত মুক্ত বায়ুৰ চলাচল অতি প্ৰয়োজন আৰু কোঠাতো শীতল হোৱা উচিত। দুৰ্দশাগ্ৰস্তক কোনো ধৰণৰ কথা পাতিব দিব নালাগে। গভীৰভাৱে শ্বাস-প্ৰশ্বাস ল'ব দিব লাগে আৰু যিকোনো প্ৰকাৰে কাহ দমাই ৰাখিব লাগে। বুকুত বৰফৰ বেগ ৰাখিব পাৰিলে ভাল। ঘৰুৱা ব্যৱস্থা বাহকা পাতৰ ৰস ৩০ মিলিৰ সৈতে ১০ গ্ৰাম মৌ মিহলাই দিনত তিনিবাৰকৈ খালে উপকাৰ পোৱা যায়। দুবৰি বনৰ ৰস ৩০ মিলিৰ সৈতে ১০ গ্ৰাম মিচিৰি বা চেনি মিহলি কৰি দিনে তিনিবাৰকৈ খাব লাগে। ৫ গ্ৰাম অৰ্জুন গছৰ বাকলিৰ চূণৰ লগত ৫ গ্ৰাম ৰঙা চন্দনৰ চূৰ্ণ আৰু প্ৰয়োজন অনুযায়ী চেনি মিহলাই চাউল-ধোৱা পানীৰে দিনত তিনিবাৰ খাব লাগে।