আমাৰ জন বিশ্বাসত সাপৰ এক বিশেষ ভূমিকা আছে। সতী বেউলাৰ স্বামী ভক্তি আৰু প্ৰেমগাথাৰ মূলতে হ’ল সাপ। দেৱাদিদেৱ মহাদেৱৰ ডিঙিৰ শোভাবৰ্দ্ধন কৰি থকা সাপৰ কাহিনী আৰু মনসা দেৱীৰ আখ্যানে আমাৰ ধৰ্মীয় বিশ্বাসত সাপৰ মহত্বকে সোঁৱৰায়। সেয়েহে হয়তো সাপে দংশন কৰিলে প্ৰথমতে ওজা-বেজ মন্ত্ৰ আদিৰ কথা সমাজত বহু কালৰপৰাই চলি আহিছে। কিন্তু সৰ্প দংশন ডাক্তৰী চিকিৎসাও যে সম্ভৱ, সেই সচেতনতা সমাজত কম মানুহৰহে আছে। দৰাচলতে সৰ্প দংশনৰ ডাক্তৰী চিকিৎসাৰ বাহিৰে আন চিকিৎসা সম্ভৱ নহয়। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে, সৰ্প দংশন জন স্বাস্থ্যৰ এটা অৱহেলিত বিষয়। আমাৰ দেশত সৰ্প দংশনৰ ফলত বছৰি প্ৰায় ৪৫,০০০ লোক মৃত্যুমুখত পৰে। বহুত লোক জীৱনলৈ ঘূণীয়া হয়। কিন্তু এই হিচাপটো সিমান বিশ্বাসযোগ্য বুলিব নোৱাৰি। কাৰণ বহু লোকে চিকিৎসালয় নাপায়গৈ, ওজা-বেজৰ হাততে মৃত্যুমুখত পৰে আৰু এইটো হিচাপ চৰকাৰে নাপায়। মাত্ৰ ২২ শতাংশ লোকহে চিকিৎসালয়লৈ আহে। এটা ভাল কথা হ’ল- আন বহু ৰোগতকৈ সৰ্প দংশনৰ চিকিৎসাৰ বাবে প্ৰথম বিহ প্ৰতিৰোধী ঔষধ ১৮৯৫ চনত আৱিষ্কাৰ কৰে ফৰাচী বিজ্ঞানী এলবাৰ্ট কেমেটে। তেওঁ ভাৰতীয় ফেটী সাপৰ দংশনৰ চিকিৎসাৰ বাবে এই ঔষধ আৱিষ্কাৰ কৰে। পৃথিৱীত প্ৰায় ৩ হেজাৰ প্ৰজাতিৰ সাপ আছে আৰু তাৰে প্ৰায় ৬০০ প্ৰজাতি বিষধৰ। আমাৰ দেশত প্ৰায় ২১৬ টা প্ৰজাতিৰ সাপৰ ভিতৰত প্ৰায় ৬০ টা প্ৰজাতিৰ সাপ বিষধৰ। এটা তথ্য মতে, অসমৰ আনুমানিক ১৪ টা প্ৰজাতিৰ অতি বিষধৰ আৰু ৮ টা প্ৰজাতিৰ কম বিষধৰ সাপ পোৱা যায়। সাপৰ বিহৰ প্ৰকাৰ - সাপৰ বিহ মূলতঃ দুই প্ৰকাৰৰ- ১)নিউৰোটক্সিক আৰু ২)হিম’টক্সিক। এই প্ৰধান দুই প্ৰকাৰ বিষৰ উপৰি আন এক প্ৰকাৰ বিষ হৈছে চাইট’টক্সিক বিহ। নিউৰোটক্সিক বিহ থকা সাপে কামূৰিলে বিষে ব্যক্তিৰ নাৰ্ভ মানে স্নায়ু কলাত আঘাত কৰে আৰু ব্যক্তিৰ চকুৰ পটা নামি যায়, উশাহ-নিশাহ লোৱাত কষ্ট পায়, হাত-ভৰি দুৰ্বল হৈ পৰা আদি লক্ষণে দেখা দিয়ে। হিম’টক্সিক বিহ থকা সাপে কামূৰিলে, ব্যক্তিৰ তেজৰ কণাবোৰ ধ্বংস হৈ যায়। দেহত বিভিন্ন অংগৰপৰা ৰক্তক্ষৰণ হ’ব পাৰে। চাইট’টক্সিক বিহে দংশন কৰা ঠাইৰ কোষবোৰ ধ্বংস কৰে। সৰ্প দংশনৰ মৃত্যুৰ কাৰকসমূহ - কেইবাটাও কাৰকৰ ফলত সৰ্প দংশনত ৰোগীৰ মৃত্যু ঘটে। প্ৰাপ্তবয়স্ক লোকতকৈ শিশু আৰু বৃদ্ধ লোকৰ ওপৰত সাপৰ বিহৰ প্ৰভাৱ বেছি। গাত, মুখত বা সিৰা-উপসিৰাৰ ওপৰত কামোৰ চিধাচিধি পৰিলে ব্যক্তিৰ গাত সহজতে বিহ লাগে। সাপে কামূৰিলে দৌৰাদৌৰি কৰা বা উত্তেজিত হ’ব নালাগে। তেনে কৰিলে সাপৰ বিহ সহজতে দেহত বিয়পি পৰিব পাৰে। সাপে যদি একেলগে কেইবাবাৰো কামোৰ, দাঁত যদি দলৈকে বহে, যদি সাপটোৱে কামুৰি ধৰি থাকে, তেন্তে বিহ বেছি হোৱৰ সম্ভাৱনা আছে। সাপভেদে বিহৰ ঘাতক ক্ষমতা কম-বেছি হয়। সাপৰ মুখত যদি কিবা বীজাণু থাকে, তেন্তে সেই বীজাণুৰ আক্ৰমণেও ব্যক্তিক অন্যায় কৰিব পাৰে। সাপে কামোৰাৰ পিছত প্ৰাথমিক চিকিৎসা কেনেদৰে দিছে আৰু কামোৰাৰ কিমান সময় পিছত এন্টিভেনম দিয়া হৈছে, তাৰ ওপৰতো সৰ্পদংশনৰ চিকিৎসাৰ সাফল্য নিৰ্ভৰ কৰে। কাপোৰৰ ওপৰেৰে বা জোতাৰ ওপৰেৰে কামূৰিলে বিহ বেছিকৈ লগাৰ সম্ভাৱনা কম। তদুপৰি ৰাইজৰ মাজত ডাক্তৰী চিকিৎসা সম্পৰ্কে সজাগতাৰ অভাৱ, সাপে কামোৰাৰ পিছত ওজা-বেজক দেখুওৱাৰ ফলত বহুমূলীয়া সময় নষ্ট হৈ যায়। অসুচল যাতায়তৰ ব্যৱস্থা, ঔষধৰ অভাৱ, প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসাকৰ্মীৰ অভাৱ, আকস্মিক চিকিৎসাৰ বাবে আন আন ঔষধৰ অভাৱ, আই চি ইউ, ভেন্টিলেটৰৰ অভাৱ আদি অসুবিধাবোৰতো আছেই। সৰ্প দংশনৰ প্ৰাথমিক চিকিৎসা - ১)বিষাক্ত সাপৰ দংশনৰ একমাত্ৰ ফলপ্ৰসূ চিকিৎসা হৈছে ডাক্তৰী চিকিৎসা। কিন্তু দংশনৰ পিছতে ব্যক্তিজনে নিজেই হওক, কেতবোৰ প্ৰাথমিক ব্যৱস্থা লোৱাটো প্ৰয়োজন। ২)সাপে কামোৰৰ পিছত ভয় খোৱাৰ প্ৰয়োজন নাই। ভাল কথা যে প্ৰায় ৭০ শতাংশ দংশনেই বিহহীন সাপৰদ্বাৰা হয়। থাকিল মাত্ৰ ৩০ শতাংশ দংশনৰ কথা। এই ৩০ শতাংশ বিহযুক্ত সাপৰ দংশনৰ আকৌ ৫০ শতাংশ কামোৰত বিহ নাথাকে। এনেকুৱা কামোৰাক ইংৰাজীত ড্ৰাই বাইট বুলি কয়। এইখিনি কথা জনাই মানুহজনৰ মনত সাহস যোগাব লাগে। ৩)সাপে কামোৰাৰ পিছত দৌৰাদৌৰি কৰিব নালাগে। তেনেকুৱা কৰিলে তেজৰ চলাচল বাঢ়ে আৰু বিহো শৰীৰত দ্ৰুতগতিত বিয়পি পৰা সম্ভাৱনা থাকে। ৪)বেছিভাগ দংশন হাত বা ভৰিতে হয়। দংশন হোৱা অংগটো লৰচৰ নকৰাৰ ব্যৱস্থা কৰিব লাগে। প্ৰথমতে, কামোৰা ঠাইৰয়পৰা গামোচা বা তেনেকুৱা কাপোৰেৰে ঢিলাকৈ পকাই পকাই যিমান পাৰি ওপৰলৈ বা হাতত কামূৰিলে কিলাকুটিৰ ওপৰলৈ বান্ধিব লাগে। যুব জোৰকৈ আটি আটি বান্ধিব নালাগে। বান্ধৰ তলেৰে যাতে এটা আঙুলি সহজতে সোমাব পাৰি, সেয়া চাই ল’ব লাগে। এতিয়া বাঁহ, কাঠ বা তেনেকুৱা কিবা(পি ভি চি পাইপ) লাঠী ভৰি বা হাতৰ দুইফালে বান্ধি দিয়ক যাতে লৰচৰ কৰিব নোৱাৰে। ৫)ব্যক্তিজনক বাওঁফালে কাটি কৰি শুৱাই ৰাখিব লাগে। এনেকুৱা কৰিলে বমি হ’লেও শ্বাস-প্ৰশ্বাসৰ নলীৰে বমি সোমাই নাযায়। ৬)চিকিৎসালয় নোপোৱালৈকে মুখেৰে একো খাব নিদিয়াই ভাল। ৭)যিমান পাৰি সোনকালে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। এইখিনি সময়ত আপোনাৰ শুভাকাংক্ষীসকলে নিজৰ অভিজ্ঞতাৰ ভিত্তিত বিভিন্ন ধৰণৰ পৰামৰ্শ দিব। কিন্তু মনত ৰাখিবলগীয়া কথাটো হ’ল- ডাক্তৰী চিকিৎসাৰ বাহিৰে সৰ্প দংশনৰ আন ফলপ্ৰসূ চিকিৎসা আছে বুলি কোৱা টান। সেয়েহে বিলম্ব নকৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে। ১০৮ মাতিব পাৰে, এম্বুলেন্স মাতিব পাৰে। যদি ১০৮ আহোঁতে দেৰি হোৱাৰ সম্ভাৱনা থাকে ৰৈ থাকিব নালাগে। চাইকেল, মটৰ চাইকেল, গাড়ীৰ যোগাৰ কৰিব লাগে। নিজে চলাই যাব নালাগে। ৮)জোতা, আঙুঠি, ঘড়ী, কিবা অহংকাৰ, আট খাই থকা পোছাক আদি কামোৰা ঠাইৰপৰা আঁতৰাব লাগে। ৯)কামোৰা ঠাই বা ওচৰত যদি কিবা পানী জ্বলা উঠে, ফুটাই দিব নালাগে। সৰ্পই দংশন কৰিলে কি কি কৰিব নালাগে - ১)দংশন কৰাৰ পিছত সাপটো দেখিলে, চিনি পালে বেয়া নহয়। কিন্তু চিনি নাপালেও কথা নাই। সাপটো ধৰিবলৈ বা মাৰিবলৈ চেষ্টা কৰিব নালাগে(তেনে কৰিলে আকৌ কামোৰাৰ সম্ভাৱনা থাকে)। ২)সৰ্প দংশন কৰা ঠাইখিনি কাটি তেজ উলিওৱা বা মুখেৰে চুহি তেজ উলিয়াবলৈ চেষ্টা কৰা অনুচিত। ৩)দংশন কৰা ঠাইখিনি কাটি তেজ উলিওৱা বা মুখেৰে চুহি তেজ উলিয়াবলৈ চেষ্টা কৰা অনুচিত। ৩)দংশন কৰা ঠাইখিনি ধুই পৰিষ্কাৰ কৰা, মালিচ কৰা, ঔষধ লগোৱা আদি কৰি বহুমূলীয়া সময় নষ্ট কৰিব নালাগে। ৪)সাপে দংশন কৰা ঠাইৰ ওপৰত সাধাৰণতে ৰছীৰে গাঁঠি দিয়া দেখা যায়। কেতিয়াও গাঁঠি দিব নালাগে। গাঁঠি দিলে নিম্নাংশত তেজ চলাচল বন্ধ হৈ ৰোগীৰ অন্যায় কৰিব পাৰে। ৫)সৰ্প দংশনত ওজা, বেজ বিচাৰি বহুমূলীয়া সময় নষ্ট কৰিব নালাগে। সৰ্প দংশনৰ লক্ষণ - সৰ্প দংশনৰ লক্ষণ, দংশণ কৰা সাপৰ প্ৰজাতি, বিষৰ পৰিমাণ, দংশন কৰা অংগ, সাপে আহাৰৰ আগতে নে পিছত দংশন কৰিছে, এবাৰ নে একেলগে কেইবাবাৰো দংশন কৰিছে, কিমান সময় আগতে দংশন কৰিলে আদি কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ১)সাপে দংশন কৰা অংশখিনি ক’লা পৰি মৰি যাব পাৰে, ফুলি উঠি বিষাব পাৰে, পানীজোলা বান্ধিব পাৰে, ছালৰ তলত তেজ জমা হ’ব পাৰে। ২)চকুৰ পটা নামি যোৱা, চকুৰে বস্তুবোৰ দুটা দুটা দেখা, ভালকৈ কথা ক’ব নোৱৰা হোৱা, কথা ক’লে লাগি ধৰা হোৱা, উশাহ লোৱা বা খোৱা-লোৱাত অসুবিধা হোৱা, এটা অংশ অৱশ হৈ যোৱা আদি লক্ষণ দেখা যায়। ৩)দাঁতৰ আলুৰপৰা, চকুৰপৰা, নাকৰপৰা, পুৰণি ঘাঁৰপৰা তেজ ওলাব পাৰে নাইবা পেটত বা মগজুত ৰক্তক্ষৰণ হ’ব পাৰে। তেজ বমি হ’ব পাৰে। প্ৰস্ৰাৱৰ লগত তেজ যাব পাৰে, প্ৰস্ৰাৱ কম বা বন্ধ হৈ যাব পাৰে। দংশন কৰা ঠাইৰপৰা তেজ ওলোৱা বন্ধ নহ’ব পাৰে। অধিক ৰক্তক্ষৰণৰ বাবে ৰোগী মূৰ্চ্ছা যাব পাৰে। ৪)মাংসপেশীবোৰ বিষাব ফুলি উঠিব পাৰে, মাংসপেশী সংকুচিত হৈ যাব পাৰে। বিহহীন সাপে দংশন কৰিলেও উদ্বিগ্নতাৰ- হেতু বুকু ধপ ধপ কৰা, যথেষ্ট পৰিমাণে ঘাম ওলোৱা, হাত-ভৰিৰ কঁপনি, ঘনকৈ উশাহ লোৱা, উচ্চ ৰক্তচাপ, হাত-ভৰিৰ জিনজিননি আদি কিছুমান লক্ষণ দেখা যাব পাৰে। চিকিৎসা - ভাৰতবৰ্ষত পোৱা বিষাক্ত সাপবোৰক মূলতঃ তিনিটা পৰিয়ালত ভগোৱা হৈছে। পৰিয়ালভেদে সাপৰ বিষ বেলেগ বেলেগ আৰু সেই অনুসৰি বিষ প্ৰতিৰোধী দৰবো(এন্টিস্নেক ভেনম) বেলেগ বেলেগ হয়। কিন্তু আমাৰ দেশত যিটো এন্টিস্নেক ভেনম পোৱা যায়, তাত কেইবাটাও পৰিয়ালৰ সাপৰ বিহৰ বাবে বিহ প্ৰতিৰোধী দৰব একেলগে থাকে। গতিকে সাপটো চিনি নাপালেও কথা নাই, বিষাক্ত সাপে দংশন কৰা বুলি চিনাক্ত কৰিব পাৰিলেই হ’ল। যিমান সোনকালে বিহনাশক দৰব দিব পৰা যায়, সিমানেই ভাল। দেহত বিষৰ ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি ৰোগীক কেতিয়াবা ইনটেনচিভ কেয়াৰ ইউনিট বা ভেন্টিলেটৰত ৰাখিবলগীয়া হয়। কেতিয়াবা তেজ দিবলগীয়া হয় আৰু বৃক্ক বিকল হ’লে ডায়েলাইছিছৰো প্ৰয়োজন হয়। মাংসপেশীৰ ওপৰত পৰা বিষৰ প্ৰভাৱত বাবে কেতিয়াবা শল্য চিকিৎসা আৰু পৰৱৰ্তী পৰ্যায়ত ফিজিঅ’থেৰাপীৰো প্ৰয়োজন হয় গতিকে বিষাক্ত সাপে দংশন কৰা বুলি সন্দেহ হ’লে অযথা সময় নষ্ট নকৰি প্ৰাথমিক চিকিৎসাৰ পিছত সৰ্প দংশনৰ সুবিধা থকা চিকিৎসালয়ত ৰোগীক দেখুওৱাৰ ব্যৱস্থা কৰিব লাগে। লেখক: ডাঃ প্ৰদীপ কুমাৰ শৰ্মা