শ্বাসপথত বাহিৰৰ বিজাতীয় বস্তু সোমাই, শ্বাসপথক সম্পূৰ্ণৰূপে খামুচি ধৰি-শ্বাসৰোধৰ সৃষ্টি কৰিব পাৰে। শিশুসকলৰ ক্ষেত্ৰত বেছিকৈ এনে হোৱা দেখা যায়। ডাঙৰৰ ক্ষেত্ৰত শ্বাসপথত বেছিকৈ প্ৰৱেশ কৰে খাদ্য দ্ৰব্য, যেতিয়া খাই থকাৰ সময়ত কথা কৈ থাকে অথবা অধিজিহ্বা বা এপিগ্লটিছৰ অসুখ হ’লে। এপিগ্লটিছ দুৰ্বল হ’লে খাদ্য-দ্ৰব্য গিলাৰ সময়ত কণ্ঠনলীৰ পথ টানকৈ বন্ধ কৰিব নোৱাৰা হয়। ফলত খাদ্য-দ্ৰব্য গৈ, গভীৰ নি:শ্বাস লোৱাৰ সময়ত কণ্ঠনলী আৰু শ্বাসনলীত সোমাই পৰে। লগে লগে সৃষ্টি হয় ভীষণ কাহ আৰু হাঁচিৰ। বিজাতীয় বস্তু প্ৰায়ে কাহৰ লগে লগে বাহিৰ হৈ যায়। ডাঙৰ আকাৰৰ বিজাতীয় বস্তু হ’লে স্বৰগ্ৰন্থীৰ সংকোচন হ’ব পাৰে। তেনে অৱস্থাত বাহিৰৰ বিজাতীয় বস্তু দৃঢ়ভাৱে খামোচ খাই ধৰে আৰু কন্ঠনলীৰ ফুটা সম্পূৰ্ণৰূপে বন্ধ হৈ উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হয়। যদি জোৰে কাহাৰ পাছতো বস্তুটো ওলাই নাহে তেনেহ’লে সক্ৰিয়ভাৱে বাহিৰ কৰি দিবলৈ চেষ্টা কৰিব লাগে। দুৰ্দশাগ্ৰস্তক ভাঁজ কৰা আঠুৰ ওপৰত উবুৰিয়াই এনেকৈ ল’ব লাগে যাতে মূৰটো ওলমি থাকে। তাৰ পাছত হাতেৰে পিঠিত এনেকৈ চাপৰ দিব লাগে যাতে বক্ষপিঞ্জৰত কম্পনৰ সৃষ্টি হয়। ইয়াতো যদি ফল নধৰে তেন্তে দুৰ্দশাগ্ৰস্তক মেজ এখনৰ ওপৰত এনেকৈ চিৎ কৰাই শুৱাই ল’ব লাগে যাতে মূৰটো যিমান সম্ভৱ পিছফালে বেঁকা হৈ থাকে আৰু খোলা মুখৰ ভিতৰেৰে কণ্ঠনলীৰ ভিতৰখন ভালকৈ দেখা যায়। যদি বস্তুটো দেখা যায় তেন্তে আঙুলি বা চেপেনাৰ সহায়েৰে উলিয়াই আনিব লাগে। তাৰ পাছতো দুৰ্দশাগ্ৰস্তক চিকিৎসালয়লৈ নিব লাগে।‘ লিখক: ডা: ৰফিক আলী।