মৃগী বা কোনো ৰোগত হঠাৎ মাংসপেশী টান মাৰি ধৰাটোকে শিৰামূৰি ধৰা বোলা হয়। এই মাংসপেশী বোৰ আমাৰ অনিচ্ছাকৃতভাৱে কোচ খাই পৰে। আক্ৰান্ত ব্যক্তিয়ে উশাহ লোৱাটো বন্ধ কৰিলে ভয়াবহ অৱস্থাৰ সৃষ্টি হ’ব পাৰে। এনে হ’লে যথাসম্ভৱ সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে। লক্ষণ মাংসপেশীবোৰৰ কঁপনি উঠি টান আৰু থৰঙা হৈ পৰে। আক্ৰান্ত লোকজনে নিজৰ জিভা কামুৰিব পাৰে বা উশাহ বন্ধ হৈ যাব পাৰে। মুখ আৰু ওঠ নীলা বৰণৰ হৈ পৰে। নখত অত্যাধিক লেলাৱতী বা ফেন হ’ব পাৰে। কি কৰিব লাগে আক্ৰান্ত ব্যক্তিৰ ওচৰৰ পৰা সকলো সামগ্ৰী আঁতৰাই তেওঁৰ মূৰৰ তলত কোমল বস্তু কিবা দি শুবলৈ দিব লাগে। দাতঁৰ মাজত বা মুখৰ ভিতৰত একো বস্তু সোমোৱাব নালাগে। আক্ৰান্ত ব্যক্তিৰ মুখত কোনো ধৰণৰ জুলীয়া বস্তু দিব নালাগে বা খুৱাবলৈ যত্ন কৰিব নালাগে। যদি আক্ৰান্ত ব্যক্তিয়ে উশাহ লোৱা বন্ধ কৰে তেন্তে শ্বাস-নলী বন্ধ আছে নেকি চাব লাগে আৰু প্ৰয়োজনত কৃত্ৰিম শ্বাসৰ ব্যৱস্থা কৰিব লাগে। শান্তভাৱে ৰোগীৰ যত্ন ল’ব লাগে যেতিয়ালৈকে চিকিৎসক বা এম্বুলেঞ্চ নাহে। বেছিভাগ ক্ষেত্ৰতে শিৰামূৰি ধৰাৰ পাছত আক্ৰান্ত ব্যক্তি অজ্ঞান হৈ যায় নতুবা পুনৰ শিৰামূৰি ধৰে। যিমান সোনকালে পাৰি চিকিৎসকক দেখুৱাব লাগে। এইটো সাধাৰণতে পাকস্থলীত আলচাৰ হ’লে হয়। যেতিয়া পাকস্থলীত তেজ ভৰ্তি হৈ যায়, তেতিয়া পাকস্থলী সংকোচন হোৱাৰ ফলত ৰোগীৰ মুখুৰে তেজবোৰ ওলাই যায়। এনে বমি এক লিটাৰ বা তাতকৈ বেছিও হ’ব পাৰে। যত্ন ভৰিৰ পতা আৰু ভৰি শৰীৰতকৈ ওপৰত থকাকৈ ৰোগীক শুৱাই দিব লাগে। ৰোগীক উপযুক্ত উষ্ণতা বজাই ৰাখিব লাগে। বেছিকৈ গৰম কাপোৰ বা গৰম পানীৰ বটল দি গৰম কৰিব নালাগে। ৰোগীয়ে ঠাণ্ডা পায় যাতে নকপে তালৈ চকু দিলেই হ’ল। কোনো ধৰণৰ খাদ্য আৰু পানীয় মুখেৰে খাবলৈ দিব নালাগে। মুখখন পানীৰে ধুব পাৰে কিন্তু অলপো পানী যাতে নিগিলে। চিকিৎসকক মাতিব লাগে নতুবা এম্বুলেঞ্চ বা আন গাড়ীৰে ৰোগীক চিকিৎসালয়লৈ নিব লাগে। যদি ৰোগী চেতনাহীন হৈ যায় তেন্তে ততালিকে কাটিয়া কৰি দি ৰিকভাৰি পজিছনলৈ নিব লাগে। ভৰি আৰু ভৰিৰ পতা কিন্তু ওপৰতেই থাকিব লাগে। উৎস: আইএনডিজি দল।