সৰু সৰু লʼৰা ছোৱালীৱে পইছা, মাৰ্বল আদিৰ দৰে সৰু সৰু ধাতব পদাৰ্থ প্ৰায়ে গিলা দেখা যায়। পইছা আদি ধাতৱ পদাৰ্থ গিলাৰ পাছত কেঁহা বা টেঙাজাতীয় খাদ্য একেবাৰে খাব দিব নালাগে। কাৰণ, ধাতুৰ সৈতে অম্ল পদাৰ্থৰ সংযোগৰ ফলত শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি হʼব পাৰে। বমি কৰাবও চেষ্টা কৰিব নালাগে আৰু কোনো ধৰণৰ জোলাপ ঔষধ খাব দিব নালাগে। সাধাৰণতে দুই এদিনৰ ভিতৰতে মলৰ সৈতে পদাৰ্থবিধ বাহিৰ হৈ যায়| এনে অৱস্থাত কোনো তৰল খাদ্য খাব দিব নালাগে| পাউৰুটী, আলু, বন্ধাকবি, গাঁজৰ, বীট, শুকান ৰুটি আদিৰ দৰে আঁহ থকা খাদ্য বেছিকৈ খাব দিলে পদাৰ্থবিধ সোনকালে বাহিৰ হৈ যোৱাত সহায়ক হয়| যদি কোনোধৰণৰ জোঙা বস্তু যেনে -বেজী আদি গিলিলে অথবা গিলি পেলোৱা বস্তুটো যদি আকাৰত ডাঙৰ হয় আৰু তাৰ ফলত উৰ:ফলকৰ পিছফালে আৰু পেটত বিষ আৰম্ভ হয় তেন্তে দুৰ্দশাগ্ৰস্তক কোনো খাদ্য আৰু পানীয় খাব দিব নালাগে। লগে লগে হস্পিতাললৈ লৈ যাব লাগে। যদি কোনোধৰণৰ জোঙা বস্তু যেনে-বেজী আদি গিলিলে অথবা গিলি পেলোৱা বস্তুটো যদি আকাৰত ডাঙৰ হয় আৰু তাৰ ফলত উৰ:ফলকৰ পিছফালে আৰু পেটত বিষ আৰম্ভ হয় তেন্তে দুৰ্দশাগ্ৰস্তক কোনো খাদ্য আৰু পানীয় খাব দিব নালাগে। লগে লগে হস্পিতাললৈ লৈ যাব লাগে। লিখকৰ নাম: ৰফিক আলী।