মুখত ক'লা দাগ পৰা সমস্যাৰ সৈতে আমি সকলোৱে চিনাকি। বিশেষকৈ মহিলা সকলৰ ক্ষেত্ৰত এনে ধৰণৰ সমস্যা প্ৰায়ে দেখা যায়।

আজি প্ৰায়ে সন্মুখীন হোৱা এইবিধ ছালৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছোঁ। সাধাৰণতে পুৰুষ মহিলা সকলোৰে এই সমস্যা হয় যদিও মহিলাসকলৰ এই সমস্যা বেছি হোৱা দেখা যায়।

বৰ গুৰুতৰ শাৰীৰিক ৰোগ বুলি গণ্য কৰা নহয় যদিও মানুহৰ ৰূপ সৌন্দৰ্য্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় বাবে ই এক মানসিক অশান্তিৰ কাৰক হৈ পৰে।

আমাৰ শৰীৰৰ ছালৰ ৰং কিছুমান অংশত স্বভাৱিকতকৈ যদি বেছি গাঢ় হৈ মুগা বা ক'লা পৰে তেতিয়াই এনে সমস্যাৰ সৃষ্টি হয় যাক হাইপাৰপিগমেন্টেচন(Hyperpigmentation) বুলি কোৱা হয়।

আধুনিক ভাষাত মুখমণ্ডলত হলে ইয়াক মেলাজমা, melasma(ফেচিয়েল মেলানোছিছ-facial melanosis)আৰু আয়ুৰ্বেদত ব্যংগ ৰোগ বুলি কোৱা হৈছে।

প্ৰায়ে মুখমণ্ডলত নাকৰ দুয়ো কাষে, কপাল, গালৰ উপৰ অংশ, মুখৰ মাজ অংশ আদিত দেখা যায় যদিও কেতিয়াবা ডিঙি আৰু হাতৰ কিলাকুটিৰ তলৰ অংশতো হোৱা দেখা যায়।

মেলানিন নামৰএবিধ ৰঞ্জক পদাৰ্থ আমাৰ শৰীৰত থাকে যিয়ে ছালৰ, চুলিৰ আৰু আনকি চকুৰ ৰঙ নিৰ্ধাৰণ কৰে। যাৰ শৰীৰত মেলানিন বেছি থাকে তেওঁৰ ছালৰ বৰণ গাঢ় হয়।

শৰীৰত থকা মেলানোচাইট নামৰ কোষ বিধে এই মেলানিন প্ৰস্তুত কৰে। ইউমেলানিন, ফিওমেলানিন, নিওৰমেলানিন আদি বিভিন্ন ধৰণৰ মেলানিন ই প্ৰস্তুত কৰে।

এই পদাৰ্থবিধ প্ৰস্তুত হোৱাৰ মূল উদ্দেশ্য হৈছে আমাৰ শৰীৰটোক সূৰ্য্যৰ আলট্ৰা ভাইওলেট ৰশ্মিৰ পৰা ৰক্ষা কৰা।যেতিয়া মেলানিনৰ পৰিমাণ কোনো অংশত বেছি হয় তেতিয়া কলা বা মুগা ৰঙৰ দাগৰ সৃষ্টি হয়।

কাৰণ সমূহ -

মেলাজমা(ফেচিয়েল মেলানোছিছ)ৰ প্ৰকৃত কাৰণ কি সেয়া নিশ্চিত হোৱা নাই যদিও কিছুমান কাৰক চিনাক্ত কৰা হৈছে যিয়ে এই সমস্যাত ভোগাত অৰিহণা যোগায়। ইয়াৰে দুটা মুখ্য কাৰক হল
অত্যধিক সূৰ্য্যৰ ৰশ্মিৰ(ৰদ) প্ৰভাৱ আৰু হৰমনৰ বিসংগতি। দুয়োটা কাৰণতে শৰীৰত বেছি পৰিমাণে মেলানিন নিঃসৰণ হয়।

ছালখন ৰদৰ প্ৰতি বেছি সংবেদনশীল কৰিব পৰা ঔষধ ব্যৱহাৰ কৰা(উচ্চ ৰক্তচাপ, মূত্ৰনলীৰ সংক্ৰমণ, ভেকুৰজনিত ৰোগ আদিৰ বাবে ব্যৱহাৰ কৰা কিছুমান ঔষধ), বিভিন্ন প্ৰসাধন সামগ্ৰীৰ বাবে হোৱা এলাৰ্জি বা পাৰ্শ্ব ক্ৰিয়া আদিয়েও এনে ৰোগ হোৱাত অৰিহণা যোগায়।

মহিলাৰ ক্ষেত্ৰত গৰ্ভাৱস্থা আৰু গৰ্ভ নিৰোধক ঔষধ সেৱন কৰা এই দুবিধ কাৰণৰ ফলত প্ৰধানকৈ হৰমনৰ বিসংগতি হয়।ৰজনিবৃত্তিৰ(Menopause) সময়তো এনে ধৰণৰ হৰমনৰ বিসংগতিদেখা দিয়ে।
আনহাতে ঔদ্যোগিক ক্ষেত্ৰখনৰ পৰা সৃষ্ট জেনোহৰমোন(xenohormones)ৰ বিৰূপ প্ৰভাৱৰ ফলতো শৰীৰৰ স্বাভাৱিক হৰমনৰ ক্ৰিয়া বাধাপ্ৰাপ্ত হয়। প্ৰজেষ্টৰণ আৰু ইষ্ট্রজেন হৰমনৰ সুস্থ অনুপাতে আন হৰমন সমূহ সুস্থিৰ অনুপাতত ৰখাত সহায় কৰে।

উদাহৰণ স্বৰূপে তীব্ৰ মানসিক চাপৰ বাবে কৰ্টিচল হৰমন বেছিকৈ নিঃসৰণ হয় যাতে আমি ইয়াৰ পৰা সকাহ পাব পাৰোঁ।

কিন্তু ইয়াৰ ফলত সমান্তৰাল ভাৱে শৰীৰত ইষ্ট্রজেন হৰমনৰ পৰিমাণ অতি বেছিকৈ বাঢ়ি যায় আৰু হৰমন বিলাকৰ সুস্থিৰতাত ব্যাঘাত জন্মে। ফলত মেলাজমা হোৱা দেখা যায়।

মেলাজমাৰ অন্য এটা মূল কাৰণ হল অতি বেছি পৰিমানে ৰদৰ দ্বাৰা ছালখন প্ৰভাৱিত হোৱা। যেতিয়া খুব বেছি পৰিমাণে শৰীৰত ৰদ লাগে তেতিয়া সূৰ্য্য ৰশ্মিৰ আলট্ৰা ভাইওলেট ৰশ্মিয়ে ছালৰ মেলানোচাইট সমূহক বেছি পৰিমাণে মেলানিন নিঃসৰণ কৰিবলৈ উৎসাহ যোগায়।

ফলত মুখ বা আন অংশত কলা দাগ পৰিবলৈ আৰম্ভ কৰে। সেইবাবে তুলনামূলক ভাৱে গ্ৰীষ্ম কালত এনে ধৰণৰ দাগ বেছি হোৱা দেখা যায়।

আন কাৰণসমূহ -

*বেছি কেফেইনযুক্ত পানীয় দ্ৰৱ্য গ্ৰহণ কৰা, যেনে-কফি বা অন্য এনাৰ্জি ড্ৰিংক।

*শৰীৰত মেগনেছিয়াম আৰু ভিটামিন বি 6 ৰ অভাৱ হোৱা।

*এলকোহল সেৱন কৰা

*লিভাৰৰ ক্ষতি কৰিব পৰা ঔষধ সেৱন কৰা।

আয়ুৰ্বেদিক দৃষ্টিভংগী -

আয়ুৰ্বেদত বৰ্ণনা কৰা ব্যংগ ৰোগৰ লক্ষণ সমূহৰ সাদৃশ্য এই মেলাজমাৰ লগত দেখা যায়। প্ৰায় সকল আচাৰ্যই ইয়াক ক্ষুদ্ৰ ৰোগৰ অন্তৰ্ভুক্ত কৰিছে যদিও আচাৰ্য চৰক আৰু সুশ্ৰুতে ইয়াক ৰক্তজ ৰোগ বুলিও গণ্য কৰিছে।

সুশ্ৰুতে ক্ৰোধ আৰু অতি পৰিশ্ৰমৰ ফলত দূষিত হোৱা বাত দোষ, পিত্তৰ লগত যুক্ত হৈ এনে ধৰণৰ বিষহীন পাতল কলা দাগৰ উৎপত্তি কৰে বুলি বৰ্ণনা কৰিছে।

গতিকে স্বাভাৱিকতে বুজা যায় যে শাৰীৰিক আৰু মানসিক সুস্থিৰতাৰ ওপৰত এই সমস্যাটো সম্পূৰ্ণ নিৰ্ভৰশীল। সঠিক আহাৰ বিহাৰ আৰু মানসিক ভাৱে প্ৰফুল্লিত হৈ থকাটো অতি জৰুৰী।

*অত্যধিক পৰিশ্ৰম কৰা,

*তেল মছলাযুক্ত পিত্ত বৰ্ধক খাদ্য গ্ৰহণ কৰা,

*খং,

*দুঃচিন্তা,

*নিদ্ৰাহীনতা,

*বিৰুদ্ধ অহাৰ গ্ৰহণ কৰা,

*ৰক্ত ধাতুৰ সঠিক পোষণ নোহোৱা আদি বিভিন্ন কাৰণত এই ৰোগৰ উৎপত্তি হয়।

কেনেদৰে ব্যংগ ৰোগৰ(মেলাজমাৰ) পৰা উপশম পাব পাৰি -

আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখিত ঔষধি যোগ আৰু ঘৰুৱা উপায় কিছুমান সংক্ষেপতে তলত উল্লেখ কৰা হল-

আয়ুৰ্বেদত ৰক্ত শোধক, ৰক্ত প্ৰসাদক(যিয়ে ৰক্ত পোষণ কৰে) আৰু বৰ্ণ প্ৰসাদক দ্ৰব্যৰ ব্যৱহাৰ ইয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

*চন্দন,

*লোধৰা,

*মঞ্জিষ্ঠা,

*বট,

*প্রিয়ংগু,

*হৰিদ্ৰা,

*বচা,

*সাৰিবা ইত্যাদি এনে ধৰণৰ দ্ৰব্য।

এনেবোৰ দ্ৰব্যৰ পৰা প্ৰস্তুত কৰা বিভিন্ন ঔষধ সেৱনৰ দ্বাৰা এই সমস্যাৰ পৰা সম্পূৰ্ণ ভাৱে মুক্ত হব পাৰি।

তাৰোপৰি এনে ধৰণৰ উপাদানেৰে তৈয়াৰী ৰক্তছন্দনাদি লেপ, মতুলঙ্গাদি লেপ, সিদ্ধাৰ্থকাদি লেপ, বৎপত্ৰাদি লেপ আদিৰ বাহ্যিক প্ৰয়োগৰ দ্বাৰাও অনেক সুফল পোৱা যায়।

অৰ্জুন গছৰ ছালৰ চূৰ্ণ মৌৰ লগত মিহলাই লেপ বনাব লাগে। আৰু ৰাতিপুৱা কমেও10 মিনিট বা নিজে নিজে শুকাই যোৱালৈকে লগাই ৰাখি পিছত পানীৰে ধুই দিব লাগে।

আন কিছুমান ঘৰতে কৰিব পৰা উপায় -

*ঘৃতকুমাৰী(aloe vera)ৰ সতেজ ৰস 15 মিনিটমান লগাই গৰম পানীৰে ধুই দিব লাগে। ইয়াত থকা mucilaginous polysaccharides নামৰ পাদাৰ্থবিধে ছালৰ গাঢ় ৰঙ পাতল কৰাত সহায় কৰে।

*5 চামুচ হালধি পাউদাৰ আৰু10 চামুচ গৰম গাখীৰ মিহলাই লৈ20 মিনিটমান সময় গৰম অৱস্থাতে মালিচ কৰি পিছত গৰম পানীৰে ধুই দিব লাগে। মালিচ কৰোতে ঘূৰণীয়া দিশত কৰিব।

*কমলাৰ সতেজ বাকলি বা গুৰি গাখীৰৰ সৈতে মিহলাই লেপ বনাই 30 মিনিটমান সময় লগাই ৰাখি গৰম পানীৰে ধুব লাগে।

*মূলা কাটি শুকাই গুৰি কৰি লব। 2 চামুচ গুৰি আৰু1 কাপ টেঙা দৈ ভালদৰে মিহলাই 30 মিনিট সময় লগাই ৰাখি কুহুমীয়া গৰম পানীৰে ধুব। সপ্তাহত এবাৰকৈ লগাব।

*10 তা মান almond(আমি কাঠ বাদাম কওঁ) পিহি অলপ মৌৰ লগত মিহলাই লেপ বনাই লগাব লাগে। পিছত গৰম পানীৰে ধুব লাগে।

*সতেজ নেমুৰ ৰসেৰে লাহে লাহে মালিচ কৰি 20 মিনিট মান পিছত গৰম পানীৰে ধুব লাগে। পাৰিলে দিনত দুবাৰকৈ লগাব লাগে।

*এপল চিদাৰ ভিনেগাৰ(Apple cider vinegar) আৰু পানী সমান পৰিমাণে মিহলাই লৈ কেৱল দাগ পৰা অংশত লগাই বতাহত শুকাব দিব লাগে। শুকুৱাৰ লগে লগে পানীৰে ধুই শুকান পৰিষ্কাৰ টাৱেলেৰে মচিব লাগে। এইদৰে নিতৌ এবাৰকৈ লগাব লাগে।

*2 চামুচ ওত মিল(oatmeal), 2 চামুচ গাখীৰ আৰু 2 চামুচ মৌ মিহলাই দাগ পৰা অংশত 5 মিনিট সময় ঘূৰণীয়া দিশত মালিচ কৰি 20 মিনিটমান লগাই থব লাগে। তাৰপিছত কুহুমীয়া গৰম পানীৰে ধুব লাগে।

*এটা পকা মধুৰী আম আৰু এটা পকা কল ভালদৰে মিহলাই এটা লেপ বনাব লাগে। দাগ থকা অংশত20 মিনিটমান লগাই ৰাখি পানীৰে ধুই দিব লাগে।

*সমান পৰিমাণৰ চন্দন পাউদাৰ, গাখীৰ, নেমুৰ ৰস আৰু হালধি পাউদাৰ মিহলাই এটা লেপ বনাব। এই লেপটো দাগবোৰৰ ওপৰত লগাই বতাহত নিজে নিজে শুকাব দিব। পিছত পানীৰে লাহে লাহে ধুই দিব।

*পিয়াঁজৰ গুটিৰ লেপ বনাই15 মিনিটমান লগাই ৰাখি গৰম পানীৰে ধুই দিব লাগে।

*তুলসীৰ পাতৰ লেপ বনাই 15 মিনিট লগাই গৰম পানীৰে ধুব লাগে।

*ত্ৰিফলা চূৰ্ণৰ লেপ 15 মিনিট লগাই গৰম পানীৰে ধুব লাগে।

*এলাদি ক্ৰীম, কুমকুমাদি তেল আদি দাগ পৰা অংশত লগাব পাৰি(চিকিৎসকৰ পৰামৰ্শ অনুসৰি)।

আপোনালোকে ওপৰত বৰ্ণিত ঘৰুৱা উপায়বোৰৰ পৰা নিজৰ সহজলভ্য দ্ৰব্যবোৰ ব্যৱহাৰ কৰিব পাৰে। সদায় ঘৰত কৰা উপায় বোৰৰ পৰা সম্পূৰ্ণ লাভ নহবও পাৰে। তেনে ক্ষেত্ৰত অৰ্হতা সম্পন্ন চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।

মেলাজমা বা ব্যংগ ৰোগৰ পৰা বাছি থাকিবলৈ আৰু ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ আমি কেনেধৰণে চেষ্টা কৰিব পাৰোঁ:

*বাহিৰৰ ৰদত ওলোৱাৰ সময়ত পাৰিলে সদায় ৰদৰ পৰা বাচিবলৈ ছাতি, টুপী বা কাপোৰ ব্যৱহাৰ কৰক।

*প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰোতে সাৱধান হোৱা উচিত। অতি উগ্ৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰাই ভাল।

*যিমান পাৰি নিজকে শান্ত কৰি ৰাখিব চেষ্টা কৰা ভাল। বিশেষকৈ মানসিক চাপ আৰু দুঃচিন্তাৰ পৰা নিজকে মুক্ত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা উচিত। নিয়মিত শাৰীৰিক ব্যায়াম, যোগাসন আৰু ধ্যানৰ অভ্যাসে এনেবোৰ পৰিস্থিতিৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।

*সুষম আহাৰ গ্ৰহণ কৰা উচিত। তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব পাৰিলে ভাল।

*পানী সঠিক মাত্ৰাত সদায় খাব লাগে।

মনৰ ইচ্ছাশক্তিক জাগ্ৰত কৰি আমি এনেবোৰ অভ্যাস গঢ় দিয়া উচিত যাতে এটি সুন্দৰ স্বাস্থ্যকৰ জীৱন লাভ কৰিব পাৰোঁ।

লেখক: ডাঃ মৃণাল বৈশ্য,

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং- 9613747425