যৌবন কালৰ এটি অবাঞ্ছিত সমস্যাৰ নামেই হৈছে ব্রণ। একনি ভালগাৰিচ অথবা ব্রণ মানুহৰ চালত হোৱা সাধাৰণ ৰোগবিশেষ।জীৱন কালত ব্রণ বা শালমনৰ সমস্যাত নপৰা মানুহ হয়তো খুউব কমই আছে। বিশেষ কৈ তৰুণ- তৰুণী সকল ব্রণৰ সমস্যাত বেচিকৈ ভোগে। এই ব্রণ মূলত টিনেএজাৰ সকলৰ সমস্যা। এই বয়সত যেতিয়া মুখৰ সৌন্দৰ্যৰ প্রতি সকলোৱে আকর্ষণবোধ ও প্রয়োজনীয়তা অনুভব কৰে ঠিক সে বয়সতেই মুখত এই বিশ্রী গোটাসমূহ দেখা দিয়ে, যি যুৱক-যুৱতী সকলৰ অন্যতম দুশ্চিন্তাৰ কাৰণ হৈ পৰে।

কোন বয়সত বেছি হয়?

১৩ পৰা ১৮ বছৰ বয়সত এই সমস্যা বেছি হয়। কোনো কোনোৰ ২০ ৰ পৰা ৩০ বছৰ বয়সলৈকে হোৱা দেখা যায়। টিনেজাৰ সকলৰ মাজত শতকৰা 90% ৰ ক্ষেত্ৰতেই কম অথবা বেচি পৰিমাণে এই সমস্যা হৈ থকা দেখিবলৈ পোৱা যায়। ২০ বছৰ বয়সৰ পাছৰ পৰা লাহে লাহে কমি আহে।

ব্ৰণৰ প্ৰকাৰ -

*ট্রপিকেল একনি :–

অতিৰিক্ত গৰম আৰু বাতাহৰ আর্দ্রতা বেচি হলে পিঠি, উৰুত ব্রণ হয়।

*প্রিমেনস্টুৰেল একনি :–

কোনো কোনো মহিলাৰ মাহেকীয়াৰ আগত ৫-১০টা ব্রণ মুখত দেখা দিয়ে।

*একনি কচমেটিকা :–

কোনো কোনো প্রসাধন সামগ্ৰী ব্যবহাৰ কৰাৰ ফলতো মুখত অলপ পৰিমাণে ব্রণ হব পাৰে।

*একনি ডিটাৰজিনেকচ :–

মুখ অতিৰিক্ত ভাবে চাবোন দি ধুলেও ( দৈনিক ১/২ বাৰৰ বেচি) ব্রণৰ পৰিমাণ বাঢ়ি যায়।

*স্টেৰয়ড একনি :–

স্টেৰয়ড ঔষধ সেবন কৰিলেও হঠাৎ ব্রণ দেখা দিয়ে। মুখত স্টেৰয়ড, যেনে– বটনোবেট ডার্মোভেট জাতীয় । ঔষধ একেৰাহে বহুদিন ব্যবহাৰ কৰিলে ব্ৰণৰ পৰিমান বাঢ়ি যাব পাৰে ।

শৰীৰৰ কোন ঠাইত হয় -

সাধাৰণতে মুখ যেনে গাল, নাক, থুতৰি ও কপালত দেখা যায়। শৰীৰৰ উপৰৰ অংশতো হব পাৰে।

Acne বা ব্ৰণ হোৱাৰ কাৰণ:

বংশগত প্রভাব এটা অন্যতম গুৰুত্বপুর্ণ কাৰণ। সচৰাচৰ যৌৱন কালত এড্রোজেন হৰমনৰ প্ৰভাবৰ বাবে তেলেতীয়া ছালৰ মুখত পিম্পল উঠে। চালত থকা তৈল গ্ৰন্থি (Sebaceous gland)ত চেবাম নামৰ তৈল পদৰ্থ বেছি উৎপাদন হলে অতিৰিক্ত চেবাম বাহিৰলৈ উলাই অহে। তেতিয়া ধূলিবালি বোৰ নোমকূপত লিপিতখাই লাগি ধৰে। এনে অৱস্থাত চেবাম নামৰ তৈল পদাৰ্থ তৈল গ্ৰন্থিত সঞ্চিত হয়, ইয়াৰ লগতে নোমৰ গুৰিত কেৰাটিন নামৰ পদার্থ জমা হয়। আৰু নোমৰ গুৰিত থকা প্রোপাঅনি ব্যাকটেৰিয়াম একনি নামৰ ব্যাকটেৰিয়াই সংক্ৰমণ আৰম্ভ কৰে।এই কেৰাটিন, লিপিড আৰু মেলানিন পদার্থৰ পৰাই ব্লাক হেড বা ‘হোয়াইট হেড’ ৰুপে প্ৰকাশ পায়, ফোঁহা উলাই আৰু বিষাবলৈ ধৰে।

শালমনৰ লগত খাদ্যৰ সম্পৰ্ক :-

বহুতে ভাবে যে খাদ্যৰ লগত ব্ৰণৰ সম্পৰ্ক আছে। কিন্তু কথাটো বিশ্বাস যোগ্য নহয়। কোন প্ৰকাৰৰ খাদ্য বস্তুৰ লগত কিবা সম্পৰ্ক থকাটো ধৰিব পৰা নাযায়।

ব্রণ আৰু ক্রিম :-

যাৰ চাল তেলেতীয়া তেওঁলোকে তৈলাক্ত উপাদান থকা ক্ৰিম ব্যবহাৰ কৰা উচিত নহয়। এটা কথা মনত ৰাখিব ক্রিম যদি তেলেতীয়া হয় তেনে ক্ৰীম ব্ৰণ ৰোগীয়ে ব্যাৱহাৰ নকৰিব।

ব্ৰণ দুৰ কৰাৰ ৬ টা অত্যন্ত কাৰ্যকৰী ফেচপেক -

কমলাৰ বাকলিয়ে কমাব পাৰে ব্রণ :-

কমলা তেঙাৰ বাকলি শুকোৱাই মিহি গুঁৰা কৰি লব। চন্দন পাউডাৰ, মুলতানি মাটি, কমলাটেঙাৰ শুকান গুৰি ভাল দৰে মিলাই লব। এই মিশ্রণৰ সৈতে দুই চামুচ গখীৰ মিহলাই লব পাৰে। মুখত লগাই কিছুসময় ৰখাৰ পাছত ধুই পেলাব। এই পেকটো নিয়মিত ব্যবহাৰ কৰিলে চালৰ উজ্জ্বলতা বাঢিব, ব্রণৰ উপদ্রব কমিব, ব্রণৰ দাগও দূৰ হৈ যাব।

নিমেও দুৰ কৰে ব্ৰণ:

চাৰি/পাঁচটা নিম পাত ভাল কৈ ধুই পিহি লওক। তাৰ লগত এক চামুচ মুলতানি মাটি, অলপ গোলাপ জল মিহলাই পেক বনাই লওক। মুখত লগাই কিছুসময় ৰাখি থব। ভালদৰে শুকাই যোৱাৰ পাছত কুহুঁমীয়া পানীৰে ধুই দিয়ক। মুখত ব্রণ থাকিলে খুওব সোনকালে নোহোৱা হৈ যাব।

লং অত্যন্ত ফলদায়ক :-

লং মূলত মচলা হিচাবে পৰিচিত হলেও ব্রণ দুৰিকৰণত ই খুবেই কার্যকৰী। লং তেলৰ দ্বাৰা চাল মাচাজ কৰা খুবেই উপকাৰী। চালত ব্রণৰ সংক্রমণ বেঢ়ি গলে লং গুঁডি কৰি লগত গোলাপজল মিলাই পেস্ট তৈয়াৰ কৰিব। ব্রণ উলোৱা থাইবোৰত মিশ্রণৰ ডাথ প্রলেপ দিব। ২০ মিনিট ৰাখি ধুই পেলাব।

এলোভেৰা যিকোনো ধৰণৰ ছালৰ বাবেই উপযোগী -

এলোভেৰাৰ ৰস এক কাপ লব। ইয়াৰ লগত এক টেবিল চামুচ কাজি নেমুৰ ৰস মিহলাই লব। মিশ্রণটো মুখৰ লগতে সমগ্ৰ শৰীৰত লগাব। ২০-২৫ মিনিট মাচাজ কৰি ধুই পেলাব।

ড. হৰিকান্ত দাস

ফোন নং- ৯৯৫৪৩৪০১০২