বিষাক্ত কীট-পতংগৰ ভিতৰত সচৰাচৰ মৌ-মাখি, বিছা, মকৰা আৰু বৰলৰ দংশনকে ধৰিব পাৰি। দংশনৰ লগে লগেই জ্বালাকৰ বিষ হয় আৰু দংশনৰ ঠাইখিনি ফুলি উঠে। মৌ-মাখি আৰু বৰলৰ দুই এটি কামোৰত সাধাৰণতে গোটেই শৰীৰতে তেনে কোনো উপসৰ্গই সৃষ্টি নকৰে যদিও একে সময়তে অসংখ্য বৰল বা মৌ-মাখিৰ কামোৰ মৃত্যুপৰ্য্যন্ত ঘটাব পাৰে। সৰ্বপ্ৰথমে কামোৰা ঠাইত্ লাগি থকা হুল বা শুং বাহিৰ কৰি ল’ব লাগে। তাৰ পাছত সেই ঠাইত পচনৰোধী বা এন্টিছেপ্টিক দ্ৰৱ প্ৰয়োগ কৰিব লাগে। নিষাদল (এম’নিয়া) আৰু চূণ মিহলাই পানী গুলি লৈ, নিমখ মিহলোৱা পানী, চ’ডাৰ পানী, ধঁপাতৰ ৰস, পিয়াজৰ ৰস- এইকেইটা দ্ৰৱৰ যিকোনো এটা লৈ ঘঁহি দিলে বিষ-যন্ত্ৰণা কমি যায়। বিছাই ডকাৰ আটাইতকৈ ফলপ্ৰদ আৰু পৰীক্ষিত ঔষধ ফিট্কিৰি। এডাল চেপেনাৰে এটুকুৰা ফিট্কিৰি জুইৰ ওচৰত ধৰিব লাগে। যেতিয়া ফিট্কিৰি গৰম হৈ গলিবলৈ ধৰিব তেতিয়া ডকা ঠাইত গৰম ফিট্কিৰিৰে সেক দিব লাগে। ঘৰুৱা ব্যৱস্থা বৰল, মৌ মাখি বা বিছাৰ শুং উলিয়াবলৈ কঁঠালৰ আঠা ব্যৱহাৰ কৰিব পাৰি। কঁঠালৰ আঠা কামোৰা বা ডকা ঠাইৰ ওপৰত খুব লাহে লাহে কেইবাৰমান ঘূৰাই দিলে শুংবোৰ ওলাই আহে। গোবৰেৰে লেপ দি থলেও শুংবোৰ ওলাই আহে। কেইটোপালমান পানীৰে নিমখ অকনমান ঘঁহি দিলেও শুংবোৰ উঠি আহে। কেৰাচিন তেলেৰে লেপ দিলে বিষ আৰু যন্ত্ৰণাৰ উপশম হয়। পূঢ়ৈ শাকৰ পাত বটি লেপ দিলেও উপশম পোৱা যায়। মৌ-মাখিয়ে কামুৰিলে শুং উলিয়াই মৌ লগাই দিব লাগে। বিছাই ডাকিলে গৰুৰ গোবৰ তপত কৰি লগাব লাগে। শৰীৰৰ যিফালৰ অংগত কামোৰে বা ডাকে তাৰ ঠিক বিপৰীত ফালৰ কাণত (যেনে, শৰীৰৰ সোঁফালে ক’ৰবাত কামুৰিলে বা ডাকিলে বাঁও কাণত) অলপ গৰম পানীত নিমখ মিহলাই ৪-৫ বাৰ ঢালি দিলে উপকাৰ হয়। বিছাই ডাকিলে অপৰাজিতা ফুলৰ শিপা বটি লেপ দিব লাগে। বিছাই ডাকিলে মহানিমৰ পাত বটি লেপ দিব লাগে। কলগছৰ চোঁচ এডাল এৰুৱাই ডিঙিত আঁৰি ল’লে বিছাই ডকাত কিছু উপকাৰ পোৱা যায়। এন্দুৰে কামুৰিলে কামোৰা ঠাইত আকণৰ শিপা বটি বান্দি দিব। ৪০ গ্ৰাম তেতেলি লৈ তাত পুৰণি ঘিউ মিহলাই এসপ্তাহ ধৰি চেলেকি খাব লাগে। অকণমান এলান্ধু মিহলাই ল’ব পাৰিলে আৰু ভাল হয়। জেঠীয়ে কামুৰিলে ভতুৱা শাকৰ শিপা বটি খাব আৰু কামোৰা ঠাইত লেপ দিব। জোকে কামুৰিলে হালধি আৰু পানী মিহলাই গৰম কৰি জোকে কামোৰা ঠাইত লেপ দিলে বিষ কমি যায়। বিষাক্ত পোক-পৰুৱাই কামুৰিলে বগা আকণৰ মূল বা শিপা বটি লেপ দিলে জ্বলা-যন্ত্ৰণা কমে। তেতেলি গুটিৰ শাহ বটি লেপ দিলেও জ্বলা-যন্ত্ৰণা কমে। অমৰা পাতৰ ৰস দিলেও উপকাৰ পোৱা যায়। পিয়াঁজ বটি লেপ দিলেও উপকাৰ পোৱা যায়। বৃশ্চিক কামুৰিলে হিং পানীত মিহলাই কামোৰা ঠাইত লগালে বিষ কমে। ক’লা কচুৰ আঠা কামোৰা ঠাইত ঘঁহিলে বিষ কমে। অমিতাৰ আঠা কামোৰা ঠাইত ঘঁহিলেও উপকাৰ পোৱা যায়। বকুলৰ গুটি মিহিকৈ বটি লেপ দিলেও বিষৰ উপশম হয়। বৰল আৰু মৌ-মাখিয়ে কামুৰিলে সৰিয়হৰ তেল আৰু নিমখ মিহলাই কামোৰা ঠাইত লগাব। পূঢ়ৈ শাকৰ পাতৰ ৰস মৌৰ স’তে সানি লগাব। বকুলৰ গুটি মিহিকৈ বটি লেপ দিব। চূণৰ পানী কামোৰা ঠাইত লগাই দিব। পিয়াঁজৰ ৰস কামোৰা ঠাইত লগাই দিব। মৌ কামোৰা ঠাইত ঘঁহিব আৰু খাব। নেমু টেঙাৰ ৰস কামোৰা ঠাইত ঘঁহিলে সকলো প্ৰকাৰৰ যন্ত্ৰণা দূৰ হ’ব, ফুলাও কমিব আৰু বিষো কমি যাব। ঘিঁউ আৰু নিমখ মিহলাই কামোৰা ঠাইত লগাব। ক’লা তুলসীৰ পাতৰ ৰস মৌৰ সৈতে মিহলাই কামোৰা ঠাইত লগাব। মহ-ডাহ, উৰহ আদিয়ে কামুৰিলে নেমুটেঙা বা যিকোনো টেঙাৰ ৰস কামোৰা ঠাইত ঘঁহিব। চূণ গৰম কৰি কামোৰা ঠাইত ঘঁহিব। কেৰাচিন বা খাঁটি সৰিয়হৰ তেল বা ধঁপাতৰ গুড়ি কামোৰা ঠাইত ঘঁহিব। তেতেলি গৰম কৰি ঘঁহিব। লিখক: ডা: ৰফিক আলী।