প্ৰাথমিক অৱস্থাতে যি চিকিৎসা এজন ব্যক্তিক প্ৰদান কৰা হয় আৰু যাৰ দ্বাৰা ব্যক্তিজনৰ জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ নতুবা তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি নঘটাবলৈ প্ৰচেষ্টা লোৱা হয় তাক প্ৰাথমিক চিকিৎসা বুলিব পাৰি । হঠাৎ হোৱা কোনো আঘাত, দুৰ্ঘটনা, আপতকালীন শাৰীৰিক অঘটন ইত্যাদিসমূহত প্ৰাথমিক চিকিৎসা প্ৰদানেৰে মানুহজনক উন্নত চিকিৎসাকেন্দ্ৰলৈ পঠোৱাৰ আগৰ সময়খিনিত কিছু পৰিমানে হ’লেও অৱস্থা সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰা হয় । প্ৰাথমিক চিকিৎসাৰ লক্ষ্য - জীৱনদায়িনী কাৰ্যাৱলী হিচাপে গণ্য কৰা আৰু ব্যক্তিজনৰ জীৱন সুৰক্ষিত্য কৰা (যিমানদূৰ সম্ভৱ) । ব্যক্তিজনৰ অৱস্থা অধিক গুৰুতৰ হোৱাৰ পৰা ৰক্ষা কৰা । যেনে-ৰক্তক্ষৰণ হৈ থকা অংশত হেঁচি ধৰি তেজ বন্ধ কৰিবলৈ প্ৰচেষ্টা । যি কাৰণত অঘটন হৈছে, সেই উৎসৰ পৰা তৎক্ষণাৎ আঁতৰাই অনা, জুয়ে পোৰা । সোনকালে আৰোগ্য হোৱাৰ পথ সূচল কৰা, যেনে- কোনো সৰু সৰু আঘাত আদিত প্লাষ্টাৰ, দ্ৰেচিং, আদিৰে আঘাত শুকোৱা অৱস্থা ত্বৰান্বিত কৰা । প্ৰাথমিক চিকিৎসাৰ প্ৰয়োজনীয়তা ক’ত ক’ত হয় - গুৰুতৰ এলাৰ্জি যাক কোৱা হয় এনাফাইলেকছিছ । যেনে- ১) কোনো পতংগই কামুৰিলে- বৰল, বিষাক্ত কীট । ২)কোনো খাদ্য খোৱাৰ পাচত ৩) কোনো ঔষধ সেৱনৰ পাচত হাড়ৰ আঘাত, হাড়ভঙা জ্বলা-জুয়ে পোৰা-ইলেক্ট্ৰিচিটিৰ দ্বাৰা হৃদযন্ত্ৰৰ অসুস্থতা ষ্ট্ৰ’ক ১) পানীত বুৰ যোৱা গৰমত অধিক সময় ৰ’দত থাকিলে হঠাৎ ষ্ট্ৰ’ক বা অচেতন হোৱা । হাইপ’গ্লাইচিমিয়া- হঠাৎ শৰীৰৰ তেজত চেনিৰ মাত্ৰা কমি যোৱা অতিমাত্ৰা জ্বৰ মৃগী ৰোগৰ হঠাৎ কঁপনি অহা বা আন কোনো কাৰণত কঁপিবলৈ ধৰা কোনো আঘাত স্থানৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হোৱা ‘পয়জনিং বিষাক্তদ্ৰব্য সেৱন । প্ৰাথমিক চিকিৎসা দিয়াবলৈ প্ৰাথমিক চিকিৎসাৰ প্ৰয়োজনীয় সকলো সামগ্ৰীৰে বাকচ এটা সজাই থ’ব লাগে । প্ৰাথমিক চিকিৎসাৰ বাবে তলত দিয়া সামগ্ৰীসমূহ থকাটো প্ৰয়োজনীয় । এধেছিভ টেপ এধেছিভ বেণ্ডেজ বিভিন্ন আকাৰৰ ইলাষ্টিক বেণ্ডেজ স্প্লিণ্ট তুলা (পৰিশোধন কৰি ৰখা) চাবোন এণ্টিবায়’টিক মলম এণ্টিচেপ্টিক ল’চন (যেনে- হাইড্ৰ’জেন পেৰ’ক্সাইড চেলাইন জাতীয় ) । হাইড্ৰ’কৰিটিচন ক্ৰীম পেৰাচিটামল, বড়ি এখন কেঁচী, টুইঝাৰ, ছেফটি পিন কেলামিনা ল’চন থাৰ্ম’মিটাৰ টৰ্চ বেটাৰীৰ সৈতে মাউথপিচ (দাঁতে দাঁতে কামুৰি ধৰিলে, উশাহ লোৱাত কষ্ট হ’লে দুই দাঁতৰ পাৰিৰ মাজত মাউথপিচ দিবলগীয়া হয় আৰু তাৰ জৰিয়তে কৃত্ৰিমভাৱে শ্বাস-প্ৰস্বাসৰ ব্যৱস্থাত সহায়ক হয় )। দৈনন্দিন জীৱনত সন্মুখীন হ’ব পৰা কেইটামান গুৰুতৰ শাৰীৰিক অঘটনত প্ৰাথমিক চিকিৎসা কিদৰে দিব লাগে তাক উল্লেখ কৰা হ’ল – প্ৰাথমিক চিকিৎসাত প্ৰথম কথা হৈছে- শ্বাস-প্ৰশ্বাসৰ নলী মুকলিকৈ ৰখা, ৰক্তচলাচল অটুট ৰখা, উশাহৰ গতিবেগ, উশাহ-নিশাহ স্বাভাৱিক ৰাখিবলৈ ব্যৱস্থা কৰা, শ্বাস-প্ৰশ্বাসৰ লগে লগে শৰীৰত ৰক্ত চলাচল হৈছে নে নাই চোৱাটো প্ৰয়োজনীয়, হাত-ভৰি, শৰীৰ চেঁচা পৰি গ’লে বা শৰীৰ ঘৰ্মাক্ত হৈ পৰিলে ততালিকে শৰীৰত চেলাইন দিয়াব লাগে । কেতবোৰ গুৰুতৰ চিহ্ন - পালছ ১২০তকৈ অধিক প্ৰতি মিনিটত, ৰক্তচাপ ছিচট’লিক ৯০ তকৈও কম, উশাহ-নিশাহৰ মাত্ৰা ১৬তকৈও কম, অচেতন অৱস্থা । জুয়ে পোৰা :- যি কাৰণতেই শৰীৰত জুই নালাগক কিয়, প্ৰথম কৰণীয় হৈছে জুই উৎসৰ পৰা তৎক্ষণাৎ মানুহজনক আঁতৰাই আনি যিকোনো প্ৰকাৰে শৰীৰৰ জুই নিৰ্বাপন কৰা । লক্ষ্য কৰা উচিত কিমান গভীৰতাৰে জুয়ে শৰীৰত আঘাত কৰিছে । উশাহ-নিশাহৰ অৱস্থা কি ? মানুহজন সচেতন নেকি ? ‘ৰুল অব 9’Rule of 9 - এইটো নিয়মেৰে জুয়ে পোৰা অৱস্থাৰ গভীৰতাক নিৰ্ধাৰণ কৰিব পাৰি । বয়স অনুসৰি জুয়ে পোৰাৰ শতাংশ বেলেগ :- বছৰ ০ ১ ৫ ১০ মূৰ (A/D) ১০% ৭% ৭% ৬% কৰঙন ভৰি (B/E) ৩% ৩% ৪% ৫% (আঁঠুৰ তলৰ অংশ) (C/F) ২% ২% ৩% ৩% জুয়ে পোৰা অৱস্থাটো শিশুৰ ক্ষেত্ৰত ১০% অধিক হ’লে এই আঘাত গুৰুতৰ বুলি ধৰা হয় । তদুপৰি একেবাৰে সৰু শিশু আৰু যথেষ্ট বয়সস্থ লোকৰ ক্ষেত্ৰত যিকোনো ধৰণৰ জুয়ে পোৰা অৱস্থা গুৰুতৰৰুপে বিবেচিত হয় । জুয়ে পোৰা আঘাতৰ প্ৰাথমিক চিকিৎসা - জুয়ে পোৰা অংশ ঠাণ্ডা পানীৰে ধুই পেলোৱা আৰু জুইলগা অৱস্থাত পৰিধান কৰি থকা সাজযোৰ খুলি পেলোৱাটো জৰুৰী । যদি সীমিত অলপ শৰীৰৰ অংশত জুয়ে পুৰিছে তেতিয়া ঠাণ্ডা পানীত প্ৰায় আধাঘণ্টা সময় সেই অংশটো বুৰাই ৰখা । যাৰ দ্বাৰা কোষসমূহৰ ক্ষতি কম হ’ব । ঠাণ্ডা পানীৰে বেছ কিছু সময় ধুৱাই থকাৰ পাচত জুয়ে পোৰা অংশ, প্ৰয়োজন হ’লে গোটেই শৰীৰ পৰিষ্কাৰ বেণ্ডেজ কাপোৰেৰে মেৰিয়াই দিয়া । নতুবা পৰিষ্কাৰ পাতল কপাহী কাপোৰেৰে মেৰিয়াই দিয়া এনে কৰিলে শৰীৰৰ অন্তৰ্ভাগৰ যি উত্তাপ সেয়া ক্ষয় নহ’ব আৰু ক্ষতিকাৰক অল্পত পাৱস্থাৰ পৰা ব্যক্তিজনক ৰক্ষা কৰিব পৰা যাব । জুয়ে পোৰাৰ প্ৰথম ছঘণ্টা সময় বিপজ্জনক সেয়েহে ৰোগীজনক চিকিৎসালয়লৈ তুৰন্তে প্ৰেৰণ কৰিব লাগে । সাপে খোঁটা :- পৃথিৱীৰ প্ৰায় সকলো অংশতে সাপৰ বসতি । সাপে খোঁটা একপ্ৰকাৰ কৰ্মথলীৰ দুৰ্ঘটনা বুলিব পাৰি । কেতিয়ক, চাহবাগিচাত কৰ্মৰত লোক, বাহিৰত কাম কৰা যেনে , মালি, হাবি-জংঘল পৰিষ্কাৰৰ লগত জড়িত লোক, বনবিভাগৰ লোক ইত্যাদি । আমাৰ ভাৰতত দুশবিধ প্ৰজাতিৰ সাপ বিচাৰি পোৱা গৈছে । তাৰে ৫২ বিধ বিষাক্ত । ব্যক্তিজনক সাপে খোঁটা বুলি কেনেকৈ জানিব পৰা যায় – সাপে কামোৰা মানুহজনৰ স্বীকাৰোক্তিৰ পৰা । সাপে নাকামুৰিলেও এক শংকাত আৱদ্ধ হৈ পৰা শৰীৰত অত্যধিক ঘাম ঠাণ্ডা পৰি যোৱা শৰীৰ শৰীৰত সাপে কামোৰা অংশত দন্তচিহ্ন প্ৰত্যক্ষ হয় সাপে কামোৰা অংশ ৰঙা পৰি উখহি উঠা দেখা যায় । তদুপৰি বিষাক্ত সৰ্প আৰু বিষহীন সৰ্প দংশনৰ মাজত কেতবোৰ পাৰ্থক্য দেখা যায়- বিষাক্ত সৰ্প দংশন বিষাক্ত সৰ্প দংশনৰ ক্ষতস্থান যথেষ্ট বিষময় হৈ পৰে উশাহ-নিশাহৰ কষ্ট বমি ভাব বা বমি হোৱা চকুৰে ধূঁৱলি-কুঁৱলী দেখা ঘামি উঠা, মুখেৰে লেলাৱতি বাহিৰ হোৱা হাত-ভৰি জঠৰ অনুভৱ কৰা । বিষহীন সৰ্প দংশন - কামোৰা ঠাইখিনিত বিষতকৈ খজুৱতি বেছি থাকে সাধাৰণতে উশাহ-নিশাহৰ কষ্ট নহয় বমি ভাব নাহে চকুৰে ধুঁৱলি-কুঁৱলি নেদেখে যদিও ব্যক্তিজন আতংগগ্ৰস্ত হৈ থাকে সাপে কামুৰিছে বুলিয়েই ভয় খাই ঘামি উঠিব পাৰে হাত-ভৰি জঠৰ নহয় । মানুহজন সুস্থ হৈ থাকে । সাপে খোঁটা অৱস্থাটোক কিদৰে প্ৰাথমিক চিকিৎসাত তীব্ৰনে, চিন্তাৰ বিষয় নহয় সেয়া জানিব পৰা যায়- ক্ষত স্থানত কোনো লক্ষণ নথকা, কোনো বিষদাঁতৰ চিহ্ন নথকা (-) চিন্তাৰ বিষয় নহয় । বিষদাঁতৰ চিহ্ন থকা (+) অসহ্য বিষ, কামোৰা অংশ ফুলি উঠা , তেজ গোট মাৰি যোৱাৰ লেখীয়া নীলা হৈ পৰা মানুহজন শেঁতা পৰি যোৱা উশাহৰ কষ্ট- তীব্ৰ বা গুৰুতৰ অৱস্থা (WHO) বিশ্বস্বাস্থ্য সংস্থাৰ গাইডলাইন অনুসৰি প্ৰাথমিক চিকিৎসা তলত দিয়া ধৰণৰ – প্ৰাথমিক চিকিৎসাৰ লক্ষ্য - সাপৰ বিষ তেজত মিহলি হৈ সমগ্ৰ শৰীৰত বিয়পিৰ পৰাটোত যিমান সম্ভৱ বাধা দিয়া অতি গুৰুতৰ অৱস্থা উদ্ভৱ নোহোৱাৰ আগতেই তুৰন্তে চিকিৎসালয়লৈ প্ৰেৰণ কৰা । সাপে খোঁটা মানুহজনক মানসিকভাৱে সকাহ দিয়াবলৈ চেষ্টা কৰা । কোৱা হওক ৭০% সাপে খোঁটা অৱস্থাই বিষহীন হয় । সাপে খুটিলেই বিষ নাথাকে । সাপে খোঁটা হাত বা ভৰি সুস্থিৰ কৰি ৰাখিবলৈ কোন স্প্লিণ্ট ব্যৱহাৰ কৰি কাপোৰেৰে বান্ধি দিয়া কিন্তু অতি টানকৈ গাঁঠি নিদিয়া অতি সোনকালেই চিকিৎসালয়লৈ পঠিওৱা কি কৰিব নালাগে - ক্ষতস্থান কাটি তেজ চেপি চেপি উলিয়াবলৈ চেষ্টা কৰা বিষ ‘চাকচন’ শোহন কৰি উলিয়াই আনিবলৈ চেষ্টা কৰা অতি টানকৈ ক্ষতস্থানৰ ওপৰত গাঁঠি মাৰি ভৰিত বা হাতত গাঁঠি মৰা ক্ষতস্থানত বৰফ জাতীয় ঠাণ্ডা লগোৱা বেজ-বেজালীৰ শৰণ লোৱা হাৰ্ট এটেক - লক্ষণ :- হঠাৎ বুকুৰ বিষ উশাহ নিশাহৰ কষ্ট হাত ভৰি চেঁচা পৰি যোৱা বমি বমি ভাব হাত-ভৰি অলস হোৱা প্ৰাথমিক চিকিৎসা:- মানুহজনক ঠাইতে বহিবলৈ কোৱা আৰু শান্ত হ’বলৈ দিয়া গাত পিন্ধি থকা সাজ-পোছাক ঢিলা কৰি দিয়া যদি মানুহজন আগৰ পৰা হাৰ্টৰ-অসুখৰ বাবে নাইট্ৰ’গ্লিচাৰিন জাতীয় বড়ি লৈ থাকে তেন্তে সেয়া তেওঁক খাবলৈ দিয়া । ইমাৰ্জেন্সি নাম্বাৰত চিকিৎসাৰ সহায় বিচৰা কি কৰিব নালাগে :- মানুহজনক অকলশৰীয়াকৈ এৰি দিয়া মুখত পানী দিয়া বা কিবা খাবলৈ দিয়া তেজত চেনিৰ মাত্ৰা হঠাৎ কমি যোৱা লক্ষণ :- চকুৰে ধোঁৱা-কোৱা দেখা শৰীৰত অত্যধিক ঘামৰ সৃষ্টি হাত-ভৰি চেঁচা পৰি যোৱা কথা-বতৰা ওলট-পালট হোৱা, অৰ্ধচেতন মানুহজনডায়েবেটিছ ৰোগী বুলি চিনাক্ত হৈ থকা । প্ৰাথমিক চিকিৎসা:- মানুহজনৰ চেনি, মিঠাই, গুৰ যি থাকে তাকেই খুৱাই দিব লাগে । হাত-ভৰিৰ কাপোৰ –কানি চিলাই দিব লাগে সাধাৰণতে চেনি কমি গ’লে মিঠা অলপ খুৱাই দিলে মানুহজনে সকাহ পায় অৱস্থা সুস্থিৰ নহ’লে চিকিৎসালয়লৈ তুৰন্তে পঠিয়াব লাগে । জ্বৰ হ’লে শিশুৰ হঠাৎ অহা কঁপনি - কিছুমান শিশুৰ তীব্ৰ জ্বৰ হ’লে শৰীৰত কঁপনি উঠিবলৈ ধৰে, চকুৰ মণি ওপৰলৈ ঘোৰ খাই যোৱা, মুখেৰে লেলাউটি বাহিৰলৈ অহা, হাত-ভৰি বিশৃংখলভাৱে জোকোৰা, তেনে অৱস্থাত স্বাভাৱিকতে পিতৃ-মাতৃৰ লগতে অভিভাৱক অধৈৰ্য হৈ পৰে । কি কৰা উচিত – শিশুটোক কাতি কৰি শুৱাই দিয়া । হাত- ভৰি হেঁচি ধৰিব নালাগে । মুখেৰে ওলোৱা লেলাউটি, বমি তৎক্ষণাৎ মচি পেলোৱা সমগ্ৰ শৰীৰটো পানীৰে মচি দিয়া ডায়েজিপাম জাতীয় ঔষধ গুহ্যদ্বাৰত ০.০১ mg / কেজি ওজন হিচাপত সৰু টিউবৰ জৰিয়তে ধীৰে ধীৰে সোমাই দিয়া । হাত-ভৰিৰ হাড়ৰ আঘাত :- ৰক্তক্ষৰণ বন্ধ কৰা কোনো প্ৰেচাৰ বেণ্ডেজৰ জৰিয়তে যিখন ভৰিত বা হাতত আঘাত হৈছে সেইখন সুস্থিৰ কৰি ৰাখিবলৈ ডাঠ কাগজ/ প্লাষ্টাৰ যদি থাকে কাঠৰ সৰু টুকুৰা ব্যৱহাৰ কৰি সুস্থিৰ কৰাব পাৰি । অনতিপলমে চিকিৎসালয়লৈ প্ৰেৰণ কৰা । পানীত পৰা/ ডুবিবলৈ ধৰা প্ৰথমেই মানুহজনক উদ্ধাৰ কৰাৰ পাচত উবুৰিয়াই মূৰা একাষৰীয়া কৰি দিব লাগে আৰু পিঠিৰ তলফালে অলপ হেঁচা প্ৰয়োগ কৰি পেটৰ পানী পাৰিলে উলিয়াই দিব লাগে । তিতা কাপোৰ খুলি শুকান কাপোৰেৰে নেৰিয়াই দিব লাগে । যিমান সোনকালে চিকিৎসালয়লৈ প্ৰেৰণ কৰা । পয়জনিং কীটনাশক দ্ৰব্য, ধতুৰা, ফিনাইল আদিৰ দ্বাৰা বিয়পা অৱস্থাটো এটা গুৰুতৰ অৱস্থা, প্ৰাথমিক চিকিৎসা হিচাপে মানুহজনক বমি কৰাবলৈ চেষ্টা কৰিব লাগে, কিন্তু সকলো ক্ষেত্ৰত নহয় । কেঁচা কণী, ছাইৰ গুৰি, ঠাণ্ডা গাখীৰ, ঘৰুৱাভাবে দিবও পাৰি, যিয়ে বিষ তেজত মিহলি হোৱাত কিছু পৰিমাণে বাধা দিয়ে । চিকিৎসালয়লৈ তৎক্ষণাৎ পঠিয়াব লাগে । আঘাতপ্ৰাপ্ত হৈ ৰক্তক্ষৰণ - ৰক্তক্ষৰণ হোৱা অংশটো ‘প্ৰেছাৰ’ বা হেঁচা মাৰি ধৰা বৰফৰ টুকুৰা কটা অংশত ধৰি ৰখা হাতত কাটিলে, হাতখন ওপৰলৈ দাঙি ধৰা ভৰিখনত হ’লেও লৰচৰ নকৰাকৈ ৰখা বেণ্ডেজ দি ঢাকি ৰখা টিটেনাচ টক্সয়ড এটা বেজী দিয়া । প্ৰাথমিক চিকিৎসা জীৱন ৰক্ষাৰ প্ৰথম ঢাপ । স্কুলীয়া শিক্ষাত ইয়াৰ বিষয়ে শিক্ষা দিয়া উচিত । স্বাস্থ্যৰ প্ৰতি সজাগতা জীৱনৰ পাঠ হোৱা উচিত । লেখিকা :- ডা: মৌচুমী বৰকটকী উৎস :- সাদিন