প্ৰতিটো কাৰ্য্যালয়, কাৰখানা, ঘৰ, শিক্ষানুষ্ঠান, ৰাজহুৱা বাহন আদিৰ সহজে বিচাৰি পোৱা ঠাইত প্ৰাথমিক চিকিৎসাৰ সঁজুলি বাকচ একোটা থাকিব লাগে। এই বাকচ বজাৰত কিনিবলৈ পোৱা যায়। ঘৰতো টিঙৰ বা ডাঠ কাগজৰ বাকচ একোটা এনে বাকচ হিচাবে ব্যৱহাৰ কৰিব পাৰি। প্ৰাথমিক চিকিৎসাৰ সঁজুলিৰ বাকচত তলত উল্লেখ কৰা সামগ্ৰীবোৰ থাকিব লাগে।: বিভিন্ন জোখৰ বিজাণুমুক্ত বেণ্ডেজ (আঠাযুক্ত)। বিভিন্ন জোখৰ সৰু-সৰু গজ কাপোৰৰ টুকুৰা বা নুৰা। আঠাযুক্ত ফিটা (টেপ)। তিনিকোণীয়া আৰু নুৰা কাপোৰৰ পটি। তুলা (কঁপাহ)ৰ নুৰা এটা। বেণ্ড-এইড (প্লাষ্টাৰ)। সৰু কেঁচি। মিহি সৰু টৰ্চলাইট। ৰবৰৰ হাতমোজা দুযোৰ। সৰু চেপেনা। বেজী। পানীত তিতি থকা কাপোৰ আৰু পৰিষ্কাৰ শুকান কাপোৰ। এণ্টিচেপ্টিক দ্ৰব (চেভলন বা ডেটল)। থাৰ্মমিটাৰ (শৰীৰৰ উষ্ণতা জুখিবলৈ)। পেট্ৰলিয়াম জেলীৰ সৰু টিউব বা তেনেজাতীয় পদাৰ্থ। বিভিন্ন জোখৰ ছেফটি পিন। পৰিষ্কাৰ কৰা পদাৰ্থ; চাবোন আদি। ব্যৱস্থাপত্ৰ বিহীন ঔষধ: এছপিৰিন বা পেৰাচাইটাম’লৰ বড়ি (বিষ নিবাৰণৰ বাবে)। হাঁগনি ৰখাবলৈ ঔষধ। এন্টিহিষ্টামিন মলম (মৌ-মাখিয়ে বিন্ধিলে)। এন্টাচিড (পেটৰ বাবে অম্লনাশক)। লেক্সাটিভ (পেট চাফা কৰিবৰ বাবে)। এই প্ৰাথমিক চিকিৎসা সঁজুলিৰ বাকচটো সহজে পোৱা ঠাইত থব লাগে। সময়ে সময়ে পঢ়ি চাই ম্যাদ উকলি যোৱা ঔষধ বোৰ আঁতৰাই নতুন ঔষধ ভৰাব লাগে। উৎস: আইএনডিজি দল।