খেল-ধেমালি কৰোতে, দৌৰা-দৌৰি কৰোতে প্ৰায়ে হাত-ভৰিত মোচোকা খোৱা যায়। কেতিয়াবা গধুৰ বস্তু শৰীৰত পৰাৰ ফলত কোনো অংশ থেতেলা উঠিব পাৰে। ইয়াৰ লগে লগে প্ৰতিকাৰ নকৰিলে পাছলৈ ফুলি যোৱাৰ লগতে বিষো বাঢ়ি যায়। মোচোকা খোৱা ঠাইত চূণ, হালধি আৰু নিমখ একেলগে মিহলাই গৰম কৰি লেপ দি বান্ধি দিব লাগে। দিনত ২-৩ বাৰকৈ হালধি গৰম কৰি দিলে বিষ আৰু ফুলা উপশম হয়। ভৰিত মোচোকা খালে গৰম পানীৰ তাপ দি ল’ব লাগে। পিছত পিঁয়াজ আৰু কেঁচা তেতেলি পুৰি লেপ দিব। চূণ আৰু হালধি মিহলাই বটি লেপ দিলেও বিষ কমে। মোচোকা খোৱা ঠাইখিনিত প্ৰথমে খুব পাতলকৈ চূণৰ লেপ দি তাৰ ওপৰত গুড়ৰ লেপ দিলে বিষ আৰু ফুলা কমি যায়। অৰ্জুন গছৰ কেঁচা বাকলি আৰু নহৰু মিহিকৈ বটি মোচোকা খোৱা ঠাইত লেপ দিলে বিষ আৰু ফুলা কমি যায়। ভেদাইলতাৰ পাত আৰু পচতীয়াৰ পাত একে সমানে লৈ মিহিকৈ বটি লেপ দিলে ফুলা আৰু বিষ কমি যায়। মানিমুনিৰ পাত মিহিকৈ বটি লেপ দিলেও উপকাৰ পোৱা যায়। এটা আকণৰ পাত লৈ ওপৰফালে ঘিউ বা তেল সানি জুইত তাপ দিব লাগে। সেই গৰম পাতটোৰে আঘাতপ্ৰাপ্ত অংশত সেক দিলে খুব সোনকালে বিষ আৰু ফুলা কমে। তুলসীৰ গুটি কেইটামান পানীত তিয়াই থ’ব লাগে। গুটিকেইটা তিতি ফুলি উঠিলে আঘাত পোৱা অংশত এখন পাতল কাপোৰ মেৰিয়াই লৈ তাৰ ওপৰত গুটি কেইটাৰে লেপ দিব লাগে। বুকুত আঘাত পালে পচতীয়াৰ পাতকেইটামান কাপোৰ এখনত মেৰিয়াই বান্ধি উতলা পানীৰ ভাপত তপতাব (ভকা বা টেকেলি মুখত দিয়া পিঠা সজোৱাৰ দৰে) আৰু সেই তপত টোপোলাৰে বুকুত সেক দিব। লিখক: ডা: ৰফিক আলী।