১) হৃৎপিণ্ডৰ ধপধপনি হৃৎপিণ্ডৰ ধপধপনি আছে নে নাই সেয়া নিৰ্ণয় কৰিব লাগিব। হাতেৰে বা কাণেৰে বুকুৰ বাওঁ অংশত এই ধপধপনি অনুভৱ কৰিব পাৰি আৰু তাৰ শব্দও শুনা যায়। ২) নাড়ীৰ স্পন্দন নাড়ীৰ স্পন্দন আছে নে নাই সেয়া পৰীক্ষা কৰা হয় ডিঙিৰ কেৰ’টিড ধমনীৰ ওপৰত হাতৰ সৰু গাঁঠিৰ ওচৰৰ বহি:প্ৰকোষ্ঠ ধমনীৰ ওপৰত আৰু উৰুৰ ধমনীৰ ওপৰত। ৩) শ্বাস প্ৰশ্বাস শ্বাস-প্ৰ্শ্বাস চলি আছে নে নাই সেয়া নিৰ্ণয় কৰা হয় বক্ষপিঞ্জৰৰ আৰু পেটৰ উঠা-নমাৰ পৰা। দুদৰ্শাগ্ৰস্ত পুৰুষ হ’লে পেট আৰু নাৰী হ’লে বুকু উঠা-নমা কৰি থাকিব। ক) দুৰ্দশাগ্ৰস্তৰ মুখ আৰু নাকৰ ফুটাৰ সন্মুখত পৰিষ্কাৰ আয়না এখন ধৰিলে, আয়নাখন ঘোলা হয়। কাৰণ, শ্বাসৰ জলীয় বাষ্প আহি আইনাখনত লাগি ধৰে। খ) নাকৰ ফুটাৰ সন্মুখত এটুকুৰা কপাহ বা বেণ্ডেজৰ সূতা এডাল ধৰিলে লৰচৰ কৰি থাকিব যদিহে দুৰ্দশাগ্ৰস্তজন জীৱিত। ৪) পোহৰৰ প্ৰতি চকুৰ মণিৰ প্ৰতিক্ৰিয়া টৰ্চ লাইট আদিৰে যদি চকুত পোহৰ পেলোৱা হয় তেন্তে জীৱিত ব্যক্তিৰ চকুৰ মণি সংকুচিত হ’ব। দিনৰ ভাগত এই পৰীক্ষা এনেদৰে কৰিব পাৰি: চকুত দিনৰ পোহৰ পৰা ঠাইত দুৰ্দশাগ্ৰস্তৰ চকু এটা হাতেৰে কিছু সময় ঢাকি ৰাখি তৎক্ষণাৎ হাতখন আনফালে আঁতৰাই (অৰ্থাৎ চকুত পোহৰ পৰিবলৈ দি) নি চকুটো লক্ষ্য কৰিব লাগে। যদি দুদৰ্শগ্ৰস্তজন জীয়াই আছে তেন্তে চকুৰ মণি সংকুচিত হ’ব। মনত ৰখা উচিত, হৃৎপিণ্ডৰ ঢপঢপনি, নাড়ীৰ স্পন্দন, শ্বাস-প্ৰশ্বাস ক্ৰিয়া আৰু চকুৰ মণিৰ পোহৰৰ প্ৰতিক্ৰিয়া নথকা মানেই দুৰ্দশগ্ৰস্তজনৰ মৃত্যু হোৱা নুবুজায়। কাৰণ ক্লিনিকেল মৃত্যুতো এই উপসৰ্গসমূহ দেখা দিব পাৰে। তেনে অৱস্থাত সকলো ধৰণৰ ব্যৱস্থা অৱলম্বন কৰি দুৰ্দশাগ্ৰস্তক সম্পূৰ্ণ সহায়ক কৰিব লাগে। সাহাৰ্য দান অৰ্থহীন হৈ পৰে যদিহে মৃত্যুৰ লক্ষণসমূহ পৰিস্ফুট হৈ পৰে। মৃত্যুৰ লক্ষণসমূহ হৈছে: ১) চকুৰ মণিৰ ৰং ঘোলা হয় আৰু মণি শুকাই যায়। ২) ‘মেকুৰীৰ চকু’ ৰ উপসৰ্গ দেখা দিয়া-য’ত চকুত চাপ দিলে চকুৰ মণিৰ আকৃতি এনেভাৱে বিকৃত হয় যে ‘মেকুৰীৰ চকু’ যেনহে বোধ হয়। ৩) শৰীৰ শীতল হৈ যোৱা আৰু মৃত্যুৰ ফুটফুটীয়া দাগ আবিৰ্ভাৱ হোৱা। এই দাগবোৰ নীলাভ-বেঙুনীয়া ৰঙৰ। মৃতদেহ যদি চিৎ কৰি শুৱাই থোৱা অৱস্থাত থাকে, তেন্তে এই দাগবোৰ অংসফলক, কমৰ আৰু নিতম্ব অঞ্চলত দেখা দিব। যদি তলমুৱাকৈ পৰি থাকে তেন্তে মুখমণ্ডল, ডিঙি অঞ্চল, বুকু আৰু পেটত দেখা দিব। ৪) শৰীৰ টান হোৱা। এই উপসৰ্গটোৱেই হ’ল মৃত্যুৰ নিৰ্ভুল লক্ষণ। মৃত্যুৰ ২ ৰ পৰা ৪ ঘন্টাৰ পাছত এই লক্ষণে দেখা দিয়ে। লিখক: ডা: ৰফিক আলী।