ৰেবিছ হ’ল এটি অতি বিপদজনক ভাইৰাছ সৃষ্ট ৰোগ। এই ভাইৰাছবিধে মস্তিস্ক আৰু সুষুম্নাকাণ্ডৰ কলাসমূহক আক্ৰমণ কৰে। এই ভাইৰাছ মানুহৰ দেহলৈ সংক্ৰমিত হয় ৰেবিছ বা জলাতংক ৰোগত আক্ৰান্ত জীৱ-জন্তুৰ কামোৰৰ মাধ্যমত। ৰেবিছ ভাইৰাছ কুকুৰৰ লালটিৰ সৈতে নিৰ্গত হয়। পূৰ্বতে মেকুৰীৰ লালটিৰ সৈতেও বাহিৰ হৈছিল। মানুহৰ ছালত থকা ক্ষত বা শ্লৈষ্মিক ঝিল্লীৰ ভিতৰৰে মানুহৰ শৰীৰলৈ সংক্ৰমিত হয়। এই ৰোগৰ সুপ্ত অৱস্থা বা ইনকিউবেছন পিৰিয়ড হ’ল ১২ ৰ পৰা ৬০ দিন, ৰোগ হয় ৩ ৰ পৰা ৫ দিনলৈকে। বেছিভাগ ক্ষেত্ৰতে এই ৰোগৰ শেষ পৰিণতি হ’ল-মৃত্যু। জন্তুটোৱে যি সময়ত কামোৰ দিয়ে, সেই সময়ত জন্তুটোৰ গাত ৰেবিছ ৰোগত আক্ৰান্ত হোৱাৰ বাহিৰে আন কোনো উপসৰ্গ বা লক্ষণ নাথাকিবও পাৰে। সেইবাবে জন্তুৰ কামোৰক বেছিভাগ ক্ষেত্ৰতে বিপদজনক বুলি ধৰি লোৱাই মংগল। প্ৰাথমিক সাহাৰ্য দিয়াৰ সময়ত তৎক্ষণাৎ ৰক্তপাত বন্ধ কৰিবলৈ চেষ্টা কৰা উচিত নহয়। কাৰণ, ভিতৰৰ পৰা ওলাই অহা তেজে ক্ষতৰ পৰা জন্তুৰ লালটি ধুই বাহিৰ কৰি দিয়াত সহায় কৰে। কামোৰত হোৱা ক্ষতৰ চাৰিওফালৰ বৃহৎ অঞ্চল জীৱাণু বিহীন কৰিবলৈ জীৱাণুনাশক দ্ৰৱৰে কেইবাবিধৰো ধুই পেলাব লাগে। জীৱাণুনাশক দ্ৰৱ টিংছাৰ আয়’ডিন, পটেছিয়াম পাৰমেংগানেট, স্পিৰিট আদি। ক্ষতৰ ওপৰত পঁচ ধৰিব নোৱাৰাকৈ বেণ্ডেজ বান্ধি নিকটৱৰ্তী চিকিৎসালয়লৈ নিব লাগে। জলাতংকত আক্ৰান্ত কুকুৰৰ লক্ষণ নেজ পোন হয়, মুখৰ পৰা প্ৰায় সকলো সময়তে লালটি নিগৰি খাকে, চকু ৰঙা হয় আৰু গৈ থকা সময়ত মূৰটো নচুৱাই নচুৱাই গৈ থাকে। ঘৰুৱা ব্যৱস্থা সিজু গছৰ আঠাত শিৰিষ গছৰ গুটি ঘঁহি কামোৰা ঠাইত লগালে কুকুৰ শিয়ালে কামোৰা বিষ নাশ হয়। হালধিৰ গুড়ি আৰু মেকুৰীৰ বিষ্ঠা বটি কামোৰা ঠাইত লেপ দিলে বিষ-যন্ত্ৰণা কমে। চাল-কুঁৱৰীৰ পাত সৈন্ধৱ লৱণৰ সৈতে বটি গৰম কৰি লৈ কুকুৰ-মেকুৰীয়ে কামোৰা ঠাইত লেপ দি তিনি দিনমান বান্ধি থ’ব লাগে। গুড়, তেল আৰু আকণৰ আঠা একেলগে মিহলাই ভালকৈ বটি কামোৰা ঠাইত লগাব লাগে। কুকুৰ-মেকুৰী আদি জন্তুৱে কামোৰাত খোৱা ঔষধ দোৰোণৰ আগ ৭ টা, ঘিউত ভাজি পুৱা খালী পেটত ৭ দিন খাব লাগে। এক গ্ৰাম কনক ধঁতুৰাৰ শিপা, ৩ টা জালুক একেলগে বটি খালে যিমানেই বিষযুক্ত কুকুৰ-মেকুৰীয়ে নাকামোৰক কিয়, বিষ-যন্ত্ৰণা নিমিষতে কমি যাব। বগা অপৰাজিতা ফুলৰ শিপা অলপ ভালকৈ বটি কলৰ সৈতে খালে খুব প্ৰস্ৰাৱ হ’ব আৰু প্ৰস্ৰাৱৰ সৈতে বিষ ওলাই যাব। পাছত গাখীৰ আৰু মিছিৰি খালে প্ৰস্ৰাৱ বন্ধ হ’ব। শিলাজিত (শৈল-নিৰ্যাস, বজাৰত কিনিবলৈ পোৱা যায়) অলপৰ সৈতে পিপলি অলপ লৈ পানীৰে বটি পুৱা খালী পেটত তিনিদিন খাব লাগে। পদ আৰু অপথ্য কুকুৰ, মেকুৰী, শিয়াল আদিয়ে কামোৰা ব্যক্তিয়ে কিছুদিনলৈ গৰুৰ ঘিউ আৰু গাখীৰ খাই থাকিব লাগে। দাইল-ভাতেই ভাল আহাৰ যদিও ঘিউ ভাত সুপথ্য। কলামাহৰ দাইল, মাটিমাহ, মাছ, বিজলুৱা খাদ্য আৰু শাক একেবাৰেই খাব নালাগে, অন্তত: কেইটামাহমান। লিখক: ডা: ৰফিক আলী।