হাইদৰাবাদস্থিত এল ভি প্ৰসাদ নেত্ৰ প্ৰতিষ্ঠানৰ গৱেষকসকলে সফলভাৱে নেত্ৰসদৃশ ক্ষুদ্ৰ অংগ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এই অংগ গৰ্ভাৱস্থাৰ প্ৰাথমিক পৰ্যায়ৰ ভ্ৰুণত সৃষ্টি হোৱা নেত্ৰৰ লেখীয়া। ইয়াৰ বাবে গৱেষকসকলে বহু কাৰ্যকৰী কাণ্ডকোষৰ (Pluripotent stem cell) প্ৰণোদিত কৰিছে। এই কাণ্ডকোষ মানৱ ছালৰ কোষৰ পৰা অণুবংশীয়ভাৱে বিশেষ কৌশলেৰে সৃষ্টি কৰিছে। এই কাণ্ডকোষ ভ্ৰুণীয় কাণ্ডকোষ। এই কাণ্ডকোষে যিকোনো ধৰণৰ কোষ সৃষ্টি কৰিব পাৰে। ক্ষুদ্ৰ নেত্ৰৰ বৰ্ণবেষ্টনী (Limhus) ৰ কৰ্নিকয়লা পৃথক কৰি লেবৰেটৰীত কৰ্নিয়াৰ অধিচ্ছদীয় কোষৰ (Epithelial cell) সৃষ্টি কৰে। এনেধৰণৰ কলা (tissue) অভিযান্ত্ৰিক কোষফলক ধ্বংসপ্ৰাপ্ত (damaged) কৰ্নিয়াৰ হেতু অন্ধ হোৱা মানুহৰ চকুত সংৰোপণ কৰি দৃষ্টিশক্তি ঘুৰাই আনিবলৈ গৱেষকসকল সক্ষম হৈছে। কৰ্নিয়াৰ বৰ্ণবেষ্টনী অংশত কাণ্ডকোষ থাকে (যদিহে এটা চকুৰ কৰ্নিয়া ধ্বংসপ্ৰাপ্ত হয়, তেনেহ’লে ভালে থকা চকুৰ বৰ্ণবেষ্টনীৰ কাণ্ডকোষ ব্যৱহাৰ কৰি আনটো চকুৰ বৰ্ণবেষ্টনীৰ কাণ্ডকোষ ব্যৱহাৰ কৰি আনটো চকুৰ কৰ্নিয়াৰ পুনৰুদ্ভৱ (Regeneration) কৰিব পাৰি। কিন্তু দুয়োটা চকুৰ কৰ্নিয়া ধ্বংসপ্ৰাপ্ত হ’লে নেত্ৰদাতাৰ কৰ্নিয়াৰ বৰ্ণবেষ্টনী সংৰোপণ কৰিবলগীয়া হয়। এই ক্ষেত্ৰত ৰোগীয়ে আজীৱন প্ৰতিৰক্ষণ দমনক ঔষধ খাই থাকিবলগীয়া হয়। কিন্তু ৰোগীৰ ছালৰ পৰা উৎপাদিত বহুত্বকাৰ্যকৰী কাণ্ডকোষ ব্যৱহাৰ কৰি সৃষ্টি কৰা ক্ষুদ্ৰ নেত্ৰসদৃশ নেত্ৰৰ কৰ্নিয়াৰ বৰ্ণবেষ্টনী সংৰোপণ কৰিলে এনে ঔষধ ব্যৱহাৰৰ প্ৰয়োজন নাথাকে।

এন ডি প্ৰসাদ নেত্ৰ প্ৰতিষ্ঠানৰ ডা: ইন্দুমতী মাৰিয়াপ্পানৰ নেতৃত্বত এদল গৱেষকে লেবৰেটৰীত জটিল নেত্ৰসদৃশ অংগৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে তেওঁলোকে কাণ্ডকোষবোৰক স্বকীয়ভাৱে ত্ৰিমাত্ৰিকভাৱে সংগঠিত হোৱাৰ পৰিৱেশ সৃষ্টি কৰিছে। ইয়াৰ দ্বাৰা সৃষ্ট ক্ষুদ্ৰ নেত্ৰসদৃশ অংগত ক্ষুদ্ৰাকৃতিৰ কৰ্নিয়া, ৰেটিনা আৰু চকুৰ পটা থাকে। বহুত্বকাৰ্যকৰী কাণ্ডকোষৰ পৰা নেত্ৰসদৃশ অংগ গঢ় ল’বলৈ চাৰিৰ পৰা ছয় সপ্তাহ সময় লাগে। এই নেত্ৰসদৃশ অংগৰ পৰা কৰ্নিয়াসদৃশ অংশ স্থানান্তৰ কৰি অধিক অধ্যয়ন কৰা হয়। তাৰ পিছতহে ব্যৱহাৰ কৰা হয়।

কৰ্নিয়াৰ তিনিটা তৰপ থাকে- বহি:ত্বক সংযোগী কলা আৰু অন্ত:ত্বক। ক্ষুদ্ৰ নেত্ৰৰ কৰ্নিয়াৰ এই আটাইকেইটা তৰপ নিৰীক্ষণ কৰা হয়, যাতে ক্ষুদ্ৰ কৰ্নিয়াৰ সঠিক গঠন হৈছে বুলি নিশ্চিত হ’ব পাৰি। আৰম্ভণিতে কৰ্নিয়া বুদবুদসদৃশ হয় আৰু ইয়াক নিয়ন্ত্ৰণ কৰাটো কষ্টসাধ্য। ১০ ৰ পৰা ১৫ সপ্তাহৰ ভিতৰত ই কৰ্নিয়াসদৃশ অংগলৈ ৰুপান্তৰিত হয়। ইয়াৰ পিছত ৰোগীৰ চকুত সংৰোপণ কৰিবলগীয়া কৰ্নিয়াৰ ফলক লেবৰেটৰীত বৃদ্ধি হ’বলৈ দিয়া হয়। কৰ্নিয়াসদৃশ অংগত থকা কাণ্ডকোষবোৰ বৃদ্ধি হয় আৰু কৰ্নিয়াক সংৰোপণযোগ্য কৰি তোলে। ইয়াৰ আকাৰ সমৰুপৰ প্ৰায় ২.৫* ২.৫ চেণ্টিমিটাৰ।

বহুত্বকাৰ্যকৰী কাণ্ডকোষৰ দ্বাৰা সৃষ্টি হোৱা ক্ষুদ্ৰ নেত্ৰ আৰু ইয়াৰ কৰ্নিয়াৰ ব্যৱহাৰযোগ্যতা নিশ্চিত কৰিবলৈ বৰ্তমান এন্দুৰত অভিপ্ৰয়োগ কৰি থকা হৈছে। এই ক্ষেত্ৰত সফল হ’লে মানুহৰ ক্ষেত্ৰত অভিপ্ৰয়োগ কৰা হ’ব। একে পদ্ধতি ব্যৱহাৰ কৰি ক্ষুদ্ৰ ৰেটিনা সৃষ্টি কৰাৰ ক্ষেত্ৰতো গৱেষণা কৰি থকা হৈছে। যদি তেনে ৰেটিনা সৃষ্টি কৰিবলৈ সফল হয়, তেনেহ’লে ৰেটিনাৰ বিভিন্ন ৰোগ, যেনে- বাৰ্ধক্যজনিত মেকিউলা (Macula) ধ্বংসপ্ৰাপ্ত (Age Releted macular degeneration), ৰেটিনাইটিছ পিগমেণ্ট’ছা (Retinitis pigmentosa) আৰু কেতবোৰ জন্মজাত (Conjenital)অন্ধতাৰ নিৰাময় সম্ভৱপৰ হ’ব।

লেখক: ডা: জীৱন দত্ত বৰুৱা (জি এনআৰচি স্বাস্থ্য)