কাম বন কৰোতে প্ৰায়ে কাঁইট, হুল বিন্ধে। মাছ মাৰিব বা বাছিবৰ সময়ত মাছৰ কাঁইটে প্ৰায়ে বিন্ধে। কাঁইটৰ দৰে জোঙা বস্তুৰে প্ৰথমতে কাঁইটডাল উলিয়াব লাগে। তেজ ওলালে বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু পাছত যন্ত্ৰণা নিবাৰণৰ ব্যৱস্থা ল’ব লাগে। ঘৰুৱা ব্যৱস্থা মাছৰ কাঁইট বা যিকোনো জোঙা বস্তুৱে বিন্ধিলে বিন্ধা বস্তুটো উলিয়াই লৈ ফুটাটোৰ চাৰিওফালে পিঁয়াজ বটি লেপ বটি দিব লাগে। ফুটাটোত লেপ নিদিব। বিষ-যন্ত্ৰণা কমি যাব। শিঙি, মাগুৰ, শিঙৰা আদি মাছে বিন্ধিলে জয়ন্তী ফুলৰ শিপা বটি লগাব। মাছৰ কাঁইটে বিন্ধাৰ ফলত অসহ্যকৰ বিষ হ’লে গৰম পানীত নিমখ মিহলাই সেই পানীত বিন্ধা অংগটি ডুবাই ৰাখিব। লিখক: ডা: ৰফিক আলী।