সংসাৰত এনে এটা পৰিয়াল নাই, যিটো পৰিয়ালত দুৰ্ঘটনা বা আঘাত নোপোৱাকৈ এটা দিন অতিবাহিত হৈছে । কাৰোবাৰ হয়তো কচৰবাত কাটিলে, কাৰোবাৰ হাত ভাঙিলে ইত্যাদি ধৰণৰ দুৰ্ঘটনাবোৰ হৈয়ে থাকে । গতিকে আমি প্ৰত্যেকেই আকস্মিক দুৰ্ঘটনাৰ প্ৰাথমিক চিকিৎসা সম্বন্ধে অলপ হ’লেও জনা উচিত ।

কটা -

কাটিলে তেজ ওলোৱা ঠাইডোখৰত তৎক্ষণাৎ বুঢ়া আঙুলি নাইবা আন আঙুলিৰে হেঁচা মাৰি ধৰিব লাগে যাতে থিয়ৈ থিয়ৈ আঙুলিৰ চাপ পৰে । কিন্তু কটা ঠাইডোখৰত কিবা দ্ৰব্য সোমালে আঙুলিৰে তেনেকৈ চাপ দিয়া উচিত নহয় । তাৰ পিছত ঠাইখিনি পৰিষ্কাৰ পানীৰে ধুই যদি অলপকৈ কাটিছে তেন্তে তুলসী, মানিমুনি বা নাৰ্জীফুলৰ পাতৰ ৰস দিলে তেজ ওলোৱা বন্ধ হয় । আনহাতে, বেছিকৈ কাটিলে বা আঘাত পালে তেজ ওলোৱা অংশত ডেটল পানীত তুলা জুবুৰিয়াই সেই অংশত হেঁচা মাৰি অলপ সময় ধৰি থাকি পিছত টান বেণ্ডেজ কৰিব লাগে ।

জুয়ে পোৱা -

জুয়ে পুৰিলে বৰ পোৰণি হয় । অলপ পিছতে জোলা ফুটে । পিছত জোলাবোৰ ভাঙি ঘা হয় । বেছিকৈ পুৰিলে ছাল আৰু মাংসৰ পৰা এবিধ বিষৰ উৎপত্তি হয় । ই শৰীৰৰ তেজ বিষাক্ত কৰে । সেয়ে জোলা নুফুটিবৰ বাবে তলত দিয়া ধৰণে যেই সেই এটা দিহা কৰা উচিত :

ক) নাৰিকল তেলৰ লগত চূণৰ পানী মিহলাই পোৰা ঠাইত ঢালিব ।

খ) আফুগুটি মিহিকৈ বটি পোৰা ঠাইত লেপ দিব ।

গ) মৌ জোল সানিব পাৰে ।

ঘ) চাল কোমোৰাৰ শাহ বটি পোৰা ঠাইত লেপ দিব ।

ঙ) পাতল পৰিষ্কাৰ কাপোৰ এডোখৰত বাৰ্নল লগাই ঠাইডোখৰত দি থ’ব ।

কুকুৰে কামুৰিলে -

কামোৰা কুকুৰটো যদি পোহনীয়া নহয়, তেন্তে কামোৰা ঠাইখিনিৰ পৰা তেজ চেপি যিমান পাৰি সিমান বাহিৰ কৰি দিব লাগে । আঘাত পোৱা ঠাইডোখৰত তলমুৱা কৰি ৰাখিব লাগে । যিমান সোনকালে সম্ভৱ হয়, কাৰ্বলিক এচিড নাইবা নাইট্ৰিক এচিডেৰে ক্ষতস্থান পুৰি পেলাব লাগে । তাৰ পিছত ক্ষতস্থান কুহুমীয়া গৰম পানীত ডেটল মিহলাই ধুব । এইখিনি কৰা ক্ষতস্থান শুকান কৰি এখন পৰিষ্কাৰ কাপোৰেৰে বান্ধি ৰোগীক তৎক্ষণাৎ ডাক্তৰৰ ওচৰলৈ নিব লাগে ।

সাপে খোটা -

সাপে খুটিলে খোঁটা ঠাইৰ অলপ ওপৰতে ততালিকে টানকৈ এটা বান্ধ দিব লাগে । এই বান্ধৰ উদ্দেশ্য হ’ল যাতে তেজৰ যোগেদি বিহ গোটেই শৰীৰত বিয়পিব নোৱাৰে । বান্ধ দিয়েই তৎক্ষণাৎ এখন চোকা কটাৰী উতলা পানীত কেইঘণ্টামান থৈ খোঁটা ঠাইডোখৰ কাটি দি তেজ ওলাবলৈ দিব লাগে । তাৰ পিছত কাৰ্বলিক এচিড পুৰি নাইবা পাৰামাংগানেট অৱ পটাছেৰে ধুই পেলাব লাগে । চিকিৎসালয়লৈ নিব লাগে । বান্ধ কিন্তু খুলিব নালাগে । মনত ৰাখিব, সময়ত চিকিৎসা কৰাব পাৰিলেহে বিষাক্ত সাপৰ কামোৰৰ পৰা জীৱন ৰক্ষা পৰে ।

বিহ খোৱা -

বিহ খোৱা বুলি সন্দেহ হ’লে বা অচিনাক্ত বিহ খালে তৎক্ষণাৎ কুহুমীয়া গৰম পানীত ভাতৰ চামোচৰ দুচামুচ লোণ মিহলাই খুৱাই বমি কৰাব লাগে । এনে কৰিলে বিহ শৰীৰত মিহলি হ’ব নোৱাৰে আৰু পেট ঠাণ্ডা কৰে ।

দ্বিতীয়তে , ধতুৰা বা ভাং গুটি খালে নেমু টেঙাৰ ৰস বা ভিনেগাৰ খুওৱা উচিত ।

তৃতীয়তে , আফিং বা কানি খালে ৰোগীৰ টোপনি আহে আৰু হাত-ভৰি ঠাণ্ডা হৈ যায় । তেনে অৱস্থাত ৰোগীৰ হাত-ভৰি আৰু গা গৰমে ৰাখিবৰ বাবে আৰু টোনি নাহিবৰ বাবে গৰম চাহ বা কফি খুৱাব লাগে আৰু ডাক্তৰ নহা পৰ্যন্ত ধৰি ধৰি খোজ কঢ়াই থাকিব লাগে ।

চতুৰ্থতে কাৰ্বলিক এচিড জাতীয় বিহ হ’লে ৰোগীক বমি কৰাব নালাগে । ৪/৫ টা কেঁচা কণী খুৱাব লাগে আৰু তাৰ পিছত ডাঙৰ চামুচৰ এচামু ছ’ডিয়াম ছালফেট এগিলাছ পানীত গুলি খুৱাব লাগে ।

ৰ’দত মূৰ্ছা যোৱা -

অতিপাত ৰ’দত কাম কৰা মানুহে হঠাতে অজ্ঞান হৈ মাটিত পৰি যায় । তেনে ৰোগীক তৎক্ষণাৎ ছাঁ পৰা ঠাইলৈ আনি মূৰত আৰু বুকুত ঠাণ্ডা পানী ঢালিব লাগে । ৰোগীৰ গাত ঠাণ্ডা পানী ঢালি থাকোতে কোনোবা এজনক ৰোগীৰ বুকু আৰু বাহু মোহাৰি থাকিবলৈ দিব লাগে । ৰ’দত মূৰ্ছা যোৱা বৰ বিপজ্জনক, গতিকে উক্ত পদ্ধতিৰে ৰোগী সুস্থ নহ’লে তৎক্ষণাৎ ডাক্তৰ মাতিব লাগে ।

হাড় ভঙা :-

হাড় ভাঙিলে ৰোগীক ডাক্তৰৰ ওচৰলৈ নিনিলে নহয় । গতিকে হাড় ভঙা মাত্ৰকে ওচৰৰ চিকিৎসালয়লৈ লৈ যাব লাগে ।

হাড় ভঙাৰ সাধাৰণ লক্ষণ -

১) বিষ :-

হাড় ভহা ঠাইত বা তাৰ ওচৰত বিষ হয় ।

২) শক্তি হ্ৰাস :-

আহত অংশৰ শক্তি হ্ৰাস পায় ।

৩) উখহা :-

ভঙা হাড়ৰ চাৰিওফালে উখহি উঠে ।

৪) অংশৰ বিকৃতি :-

হাড় ভঙা ঠাইত হাড় লৰচৰ কৰে আৰু সেই অংশ অস্বাভাৱিক অৱস্থাত থাকে ।

৫) হাড়ৰ অসমতা :-

ছালৰ তলতে হ’লে ভঙা হাড়ৰ অসমতো হাতেৰে চুই চালে গম পাব পাৰি ।

ভঙা হাড়ৰ পৰা তেজ ওলাই থাকিলে তাৰ প্ৰতিকাৰ কৰাব লাগে । যিমান পাৰি সোনকালে ভঙা হাড়ডাল লৰচৰ কৰিব নোৱাৰাকৈ বাঁহ, কাঠ আদি বান্ধি দিব লাগে । এনে কৰাৰ পিছতহে ৰোগীক স্থানান্তৰিত কৰিব লাগে । যদি বান্ধিবলৈ বাঁহ, কাঠ আদি নাপায়, তেন্তে এক্সৰে কৰাব লাগে । হাড় ভাঙিলে কেতিয়াও মালিচ কৰাব নালাগে ।

এচিডে পুৰিলে :-

তৎক্ষণাৎ পোৰা ঠাইডোখৰ খাৰ পানীৰে ধুব লাগে । অভাৱত প্ৰচুৰ গৰম পানী ঢালিব লাগে ।

ভাপে পুৰিলে :-

বেকিং পাউডাৰ মিহলোৱা গৰম পানী এচৰিয়াত পোৰা অংশ জুবুৰিয়াই থ’ব লাগে । এনে কৰিলে স্নায়ৱিক অৱসন্নতা নাহিব আৰু লগতে বিষ কমিব ।

লেখিকা :- ডা: ৰীণা দেৱী

উৎস :- জি এনআৰচি স্বাস্থ্য