কিছুমান শিশুৱে প্ৰায়ে বিছনাত প্ৰস্ৰাৱ কৰে। কেৱল সৰু ল’ৰা-ছোৱালীয়েই নহয়, প্ৰায় ৮-১০ বছৰ বয়সলৈকে বহুতো শিশুৱে বিছনাত প্ৰস্ৰাৱ কৰা ৰোগৰ পৰা নিস্তাৰ নাপায়। এনেদৰে বিৱহনাত প্ৰস্ৰাৱ কৰাৰ অভ্যাস থকা শিশুক গধূলি সময়ত গৰম বা শীতল পানীয় বা গাখীৰ, ফলৰ ৰস আদি খাবলৈ দিব নেলাগে। ইয়াৰ কাৰণ - স্নায়ুৰ দুৰ্বলতা তথা বদহজমৰ কাৰণে শিশুৱে ৰাতি শুই থাকোতে বিছনাত প্ৰস্ৰাৱ কৰে। কেতিয়াবা ঠাণ্ডা লগাৰ কাৰণেও শিশুৱে বিছনাত প্ৰস্ৰাৱ কৰে। এনে শিশুৰ স্নায়ু দুৰ্বলতা থাকে। এওঁলোকে শুই থাকোতে অচেতন অৱস্থাত প্ৰস্ৰাৱৰ বেগ ধৰি ৰাখিব নোৱাৰে। ফলত বিছনাতে প্ৰস্ৰাৱ কৰি দিয়ে। ঘৰুৱা দিহা - দহ গ্ৰাম পিয়াঁজ উতলাই ৰস প্ৰস্তুত কৰি লওক। তাৰ লগত তিনি গ্ৰাম সৰু ইলাচিৰ গুড়ি মিহলাই লওক। এই ঔষধখিনিৰ একেলগে মিহলাই শিশুৰ নাইৰ চাৰিওফালে মালিচ কৰক। পাৰৰ বিষ্ঠা পানীত গুলি শিশুৰ পেটত চন্দনৰ দৰে ঘঁহি দিয়ক। আখৰোটৰ শাহ আৰু কিচমিচ- দুয়োটাকে বটি চাটনিৰ দৰে কৰি লওক আৰু শিশুটিক খুৱাওক। শুকান আমলখি, ক’লা জিৰা আৰু মিচিৰি প্ৰত্যেকৰে ২ গ্ৰাম পৰিমাণত লৈ মিহিকৈ বটি পানীত মিহলাই শিশুটিক খুৱাওক। প্ৰতিদিনে দুটাকৈ ডিমৰু খুৱাই থাকিলে শিশুৰ বিছনাত প্ৰস্ৰাৱ কৰা ৰোগ ভাল হয়। জামুৰ শুকান গুটি ভালদৰে মিহিকৈ বটি এচামুচ পৰিমাণত পানীত মিহলাই শিশুটিক ৰাতি খুৱাওক। ৫০ গ্ৰাম ক’লা তিল আৰু ৫০ গ্ৰাম গুড়- দুয়োটাকে মিহলাই পুৱা-গধূলি দহ গ্ৰাম পৰিমাণত খুৱাই থাকিলে ৰাতি বিছনাত প্ৰস্ৰাৱ কৰা বন্ধ হয়। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন