অৰ্শৰোগ বা পাইলছ কি আৰু ইয়াৰ লক্ষণ - মলদ্বাৰৰ ভিতৰ্ বা বাহিৰত সৰু সৰু ফোঁহা হয়। মলদ্বাৰেদি পিছত পায়খানাৰ লগত বা এনেয়ে তেজ পৰে। শৌচ টান হয় আৰু বাৰে বাৰে শৌচ কৰিব লাগে। বৃহদন্ত্ৰক শেষাংশ অৰ্থাৎ মলনাড়ীৰ পৰা যিবোৰ সিৰা-উপসিৰা বাহিৰ হৈ মলদ্বাৰ ব্যাপ্ত কৰি আছে, মলদ্বাৰত বায়ু আৰু ৰক্ত চলাচলৰ ব্যাঘাত সৃষ্টি হ’লে এই সিৰা-উপসিৰাবোৰ সফীত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ গুটিকাৰ সৃষতি কৰে। এই গুটিকাবোৰৰ নাম ‘বলি’। আঙুৰৰ থোপাৰ দৰে একে ঠাইতে বহুতো বলি উৎপন্ন হয়। যিবিলাক মলদ্বাৰৰ ভিতৰত উৎপন্ন হয়, সেইবোৰক বহিৰ্বলি বোলে। এই বলি বা গুটিকা ফাটি যি ৰক্তস্ৰাৱ হয়, তাৰ নামেই অৰ্শ। ৰক্তস্ৰাৱৰ পিছতে মলদ্বাৰ খুব জ্বলা-পোৰা কৰে। কেতিয়াবা আকৌ খুব বিষো হয়। ৰোগৰ কাৰণ - যকৃতৰ দোষ, কোষ্ঠকাঠিন্য, অতিৰিক্ত আহাৰ খালে, বেছি মচলা দিয়া, উত্তেজক দ্ৰব্য, অখাদ্য খোৱাৰ বাবেও এই ৰোগ হয়। পানীৰ পৰিমাণ শৰীৰত কমি গ’লেও এই ৰোগ হ’ব পাৰে। আমি খোৱা খাদ্য হজম নোহোৱাটো এই বেমাৰ উৎপত্তিৰ অন্যতম কাৰণ। আহাৰ হজম নোহোৱাটো এই বেমাৰ উৎপত্তিৰ অন্যতম কাৰণ। আহাৰ গ্ৰহণৰ পিছত হজম নোহোৱাকৈ বেছি দিন থাকিলে সেই খাদ্য শুকাই যায়। শৰীৰে এইবোৰ উলিয়াই দিব নোৱাৰা হৈ পাছলৈ এই ৰোগ হয়। যকৃতৰ দোষ এই ৰোগৰ প্ৰধান কাৰণ। শাৰীৰিক পৰিশ্ৰম বিমুখিতা, স্থায়ী কোষ্ঠকাঠিন্য আদি এই ৰোগৰ আনুষংগিক কাৰণ। যকৃতৰ দোষৰ সৈতে কোষ্ঠ তাৰল্য বিদ্যমান থাকিলে শৰীৰৰ বহু বিষ দেহৰ পৰা বাহিৰ হৈ যোৱাৰ সুযোগ পায়। এইকাৰণে এনেকুৱা ৰোগীৰ অৰ্শ ৰোগ সৃষ্টি হ’ব নোৱাৰে। যকৃতৰ দোষৰ সৈতে কোষ্ঠবদ্ধতাৰ মিলন হ’লেই অৰ্শৰোগ সৃষ্টি হয়। অৰ্শৰোগ বা পাইলছ ৰোগ নিৰ্মূলৰ বাবে কি কি যোগ-প্ৰাণায়াম কৰিব - অৰ্শৰোগ নিৰ্মূলৰ বাবে অশ্বিনী মুদ্ৰা ১০০ বাৰকৈ দিনত এই প্ৰাণায়াম কৰিব পাৰে। বাহ্য প্ৰাণায়াম, কপাল ভাটি প্ৰাণায়াম(৩০ মিনিটকৈ), বন্ধৰসান, মৎস্যাসন প্ৰাণায়াম, অগ্নিসাৰ ক্ৰিয়া আদি প্ৰাণায়াম উপকাৰী। অৰ্শৰোগৰ ঘৰুৱা প্ৰতিকাৰৰ বিধান - এটা মালভোগ কলৰ ভিতৰত ফুটা কৰি এক গ্ৰাম খোৱা কৰ্পূৰ ভৰাই থ’ব লাগে। পিছদিনা পুৱা শুই উঠি এই কলটো খাব লাগে। এনেকৈ এমান খাব লাগে। অৰ্শৰ ৰক্তস্ৰাৱ অধিক পৰিমাণে হ’বলৈ আৰম্ভ কৰিলে উপবাস দিব পাৰে। উপবাসৰ সময়ছোৱাত ডাবৰ পানী, ফলৰ ৰস আৰু প্ৰচুৰ পৰিমাণে পানী খাব লাগে। অৰ্শৰ অতিৰিক্ত ৰক্তস্ৰাৱ বন্ধ কৰিবলৈ উপবাসেই সৰ্বোত্তম উপায়। শুকান নাৰিকলৰ বাকলিৰ জাবৰ পুৰি তাৰ ছাইখিনি এটা পাত্ৰত থৈ দিয়ক। তাৰ পিছত এক বা দুই গ্ৰামমান ছাই একাপ দৈৰ সৈতে দিনে দিনে তিনিবাৰ খাব লাগে। তিনি দিন একেৰাহে খালে সুফল পোৱা যায়। উল্লেখ্য যে দৈখিনি টেঙা দৈ হ’ব নালাগে। গুহ্যদ্বাৰ বাহিৰ ওলাই আহিলে আধা গিলাচ গাখীৰত এটা নেমুৰ ৰস মিহলি কৰি খাব লাগে। গাখীৰখিনি কেঁচা গাখীৰ বা গৰম কৰি উঠি ঠাণ্ডা কৰি ৰাখি থোৱা গাখীৰ হ’ব লাগে। পিঁয়াজ, ঘিউ, চেনি সমপৰিমাণত লৈ ২৫ গ্ৰামকৈ মিহলি কৰি একেৰাহে কেইদিনমান খালেই অৰ্শত তেজ পৰা বন্ধ হয়। গুহ্যদ্বাৰ বাহিৰ ওলাই আহিলে এড়ি তেল প্ৰায় এমাহ একেৰাহে লগালে অৰ্শ শুকাই যায় আৰু বিষ নাইকিয়া হয়। অৰ্শৰোগৰ পথ্য - অন্যান্য খাদ্য অপেক্ষাকৃত কম পৰিমাণে গ্ৰহণ কৰি শাক-পাচলি অলপ বেছি পৰিমাণে যাব লাগে। অমিতা, কল, ডাবৰ পানী, মানিমুনি, খুতুৰা, ভেদাইলতা, কৰ্দৈ টেঙা, ওলকবি, বেতৰ গাজ, নহৰু, পুৰণি চাউলৰ ভাল সুপথ্য। নিষেধ: ঘোঁৰাত উঠা, চাইকেল চলোৱা, জ্বলা-পোৰা গুৰুপাকী বস্তু, উৰহী, পূৰৈশাক, বৰা চাউলৰ বস্তু, মাছ, মাংস, কণী খাব নালাগে। ৰাতি উজাগৰে থকা, জোৰেৰে মল-মূত্ৰ ত্যাগ ৰোধ কৰা। বায়প’লাৰ ডিছঅৰ্ডাৰ: কেতিয়াবা অতিশয় আনন্দিত হৈ উঠা অথবা কেতিয়াবা হতাশা হোৱা পৰিস্থিতিক বায়প’লাৰ ডিচঅৰ্ডাৰ বুলি কোৱা হয়। মনোবিজ্ঞানী কাৰ্তিক ৰাওৱে এই বিষয়ে সংক্ষেপে কৈছে এনেদৰে মেনিয়া বা সুখৰ পৰ্যায়: এই পৰ্যায়ত এজন ব্যক্তিয়ে নিজকে যথেষ্ট আত্মবিশ্বাসী অনুভৱ কৰে। ব্যক্তি এজনৰ ভিতৰত যদি নিন্মোক্ত লক্ষণসমূহ দেখা যায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে- অত্যধিক সুখী হোৱাৰ বাবে কাৰোবাক পইচা দিয়া। সকলো সময়তে গীত শুনি থকা। বেছিকৈ বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰা। ৰাতি ৰাতি সাৰ পাই থকা। বিবাহিত হোৱা স্বত্বেও আনৰ প্ৰতি আকৰ্ষণ হোৱা। এই পৰ্যায়ত ব্যক্তিজনৰ আনৰ সৈতে সম্পৰ্ক হ’ব পাৰে। নিজতকৈ কম বয়সৰ সকলৰ সৈতে তৰ্কবিতৰ্ক তথা মাৰপিটত লিপ্ত হোৱা। কাৰ্যালয় অথবা নিজৰ কামত অত্যধিক ব্যৱস্থা। খৰকৈ কথা কোৱা। কোনো কথাতে মনোযোগ নিদিয়া। এনে ব্যক্তিয়ে কোনো কামতে অধিক সময় মনোনিবেশ কৰিব নোৱাৰে। লেখক: গৌৰৱজ্যোতি হাজৰিকা(সুকন্যা)