হেপাটিক এনচেফেল’পেথি স্বাভাৱিকভাৱে যকৃতে শৰীৰৰ বিষাক্ত দ্ৰব্যবোৰ শোধণ নকৰাৰ ফলত এইবোৰ তেজত জমা হৈ গৈ থাকে আৰু ই মগজুলৈ গৈ মগজুৰ স্বাভাৱিক কৰ্মদক্ষতা হ্ৰাস কৰি পেলায়। অকস্মাত অধিক মদ খোৱা, কিবা ঔষধ সেৱন, বা আন কোনো বিষয়ত হেঁচাত থকা, দীৰ্ঘদিনীয়া যকৃতৰ অসুখত ভুগি থকা লোকৰ হেপাটিক এনচেফেল’পেথি হব পাৰে। ব্যক্তিৰ বিভ্ৰান্তি, খেলি-মেলি, টোপনী টোপনী ভাৱ, ব্যক্তিত্বৰ পৰিবৰ্তন, ব্যৱহাৰৰ আৰু মনৰ পৰিবৰ্তন হয়। চিকিত্সকে এই ৰোগ নিৰ্ণয়ৰ বাবে শাৰিৰীক পৰীক্ষা, ইচিজি আৰু তেজ পৰীক্ষা কৰে। মদ, ড্ৰাগছ আদি বাদ দি, খাদ্যত প্ৰ’টিন কমাই দিলে এই লক্ষণ কমিব পাৰে। অন্ত্ৰৰ পৰা তেজত শোষিত হোৱা পদাৰ্থবোৰ যকৃতলৈ যায়, তাৰ বৰ্জিত পদাৰ্থবোৰ আতঁৰাই পেলায়। এই বৰ্জিত পদাৰ্থৰ অধিকাংশই হ’ল প্ৰটিন বিপাক ক্ৰিয়াৰ ফলত উত্পন্ন অস্বাভাৱিক পদাৰ্থ। এই ৰোগৰ ক্ষেত্ৰত য্কৃত কৰ্মদক্ষতা হ্ৰাস পোৱাৰ ফলত য্কৃতত বৰ্জিত পদাৰ্থবোৰ পৰিশোধিত নহয়। এইবোৰে য্কৃতক উপেক্ষা কৰি পৰ্টেল ভেনচ চিষ্টেম আৰু জেনেৰেল ভেনচ চিষ্টেমৰ লগত সংযোগ ঘটায়। যি কি নহওঁক বৰ্জিত দূষিত পদাৰ্থবোৰ গৈ মগজু পায়গৈ আৰু মগজুৰ স্বাভাৱিক কাম-কাজ ব্যাহত কৰে। প্ৰকৃততে কোনবিধ বস্তু মগজুৰ বাবে বিষাক্ত সেই কথা জানিব পৰা হোৱা নাই। তেজত থকা প্ৰটিনৰ অৱশিষ্ট পদাৰ্থ যেনে, এমনিয়াই এই ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে বুলি ভবা হয়। বহুদিন ধৰি যকৃতৰ ৰোগত ভোগালোকৰ এই ৰোগ হোৱাটো স্বাভাৱিক কথা। অত্যাধিক মদপান মানেই যকৃতৰ অধিক ক্ষতি। অত্যাধিক প্ৰটিন খোৱাৰ ফলত তেজত শোষিত প্ৰটিনৰ অৱশিষ্টৰ পৰিমাণ বাঢ়ি যায়-ফলত এনচেফেল’পেথী হব পাৰে। খাদ্য নলীত ৰক্তপাত হ’লে ডিঙি, অন্ত্ৰ নলী উখহি উঠা, শীৰ আদিৰ পৰা ৰক্তক্ষৰণৰ ফলত তেজত বৰ্জিত প্ৰটিনৰ পৰিমাণ বাঢ়ি যায় আৰু ই চিধা মগজুত প্ৰভাৱ পেলায়। ডিহাইড্ৰেছন, শৰীৰত খনিজৰ ক্ষমতাত বিসংগতি আৰু কিছুমান ঔষধ যেনে, টোপনী অহা, বিষ কমোৱা, এলাৰ্জি, প্ৰস্ৰাব কৰোৱা আদি ঔষধৰ প্ৰভাৱতো এনচেফেল’পেথী হব পাৰে। এই সকলোবোৰ নোহোৱা কৰিব পাৰিলে এই ৰোগ নোহোৱা কৰিব পৰা যায়। প্ৰটিন কম পৰিমাণে খালে লক্ষণবোৰ নোহোৱা হব। কাৰণবোৰ আতঁৰালে ৰোগো আতঁৰিব। ৰোগৰ লক্ষণ আৰু ৰোগ নিৰ্ণয় মগজুৰ কৰ্মদক্ষতা হ্ৰাসৰ ফলত সাধাৰণতে অসচেতনতা আৰু বিভ্ৰান্তি হোৱা দেখা যায়। প্ৰাথমিক পৰ্য্যায়ত যুক্তিপূৰ্ণ চিন্তা শক্তি, ব্যক্তিত্ব বা আচৰণৰ সুক্ষ্ম পৰিবৰ্তন চকুত পৰে। হঠাত্ ব্যক্তিৰ আচৰণৰ পৰিবৰ্তন হব পাৰে। বিবেচনা শক্তি নোহোৱা হৈ যাব পাৰে। টোপনীৰ স্বাভাৱিক নিয়ম আৰু সময়ৰ সলনি হব পাৰে। এই ৰোগৰ যিকোনো অৱস্থাতে ব্যক্তি শ্বাস-প্ৰশ্বাসত উগ্ৰ মিঠা গোন্ধ ওলাব পাৰে। লাহে লাহে ৰোগ বেছি হ’ল হাত প্ৰসাৰিত কৰোতে হাত স্থিৰ কৰি ৰাখিব নোৱাৰা হয়। ফলত হাতৰ পতা চৰাইৰ পাখিৰ দৰে কপি থকা দেখা যায়। বহু সময়ত ব্যক্তিৰ হাতৰ ওপৰত স্বাভাৱিক নিয়ন্ত্ৰণ নাথাকে, হাত কঁপি থাকে। প্ৰায়বোৰ লোকৰ সকলো সময়তে টোপনী ভাব থাকে, বিভ্ৰান্তি হয়, চিন্তা শক্তি, অংগ সঞ্চালন, খোজ-কাটল, কথা-বতৰা আদি সকলো মন্থৰ হৈ পৰে। এই ৰোগত ব্যৱহাৰিক আৰু চাৰিত্ৰিক পৰিবৰ্তন স্বাভাৱিক। এনে লোক কেতিয়াবা অসহিষ্ণু আৰু খিংখিঙিয়া হৈ পৰিব পাৰে। সাধাৰণতে ফিট হৈ নাযায়। শৰীৰ কঁপি থাকে। শেষ অৱস্থাত লাহে লাহে ব্যক্তিৰ চেতনা লোপ পায় আৰু ক্ৰমাগত ভাবে কমা অৱস্থা হব পাৰে। মগজু, মেৰুদণ্ড, স্নায়ুতন্ত্ৰৰ ইচিজি কৰি প্ৰাথমিক অৱস্থাত এই ৰোগ ধৰা পেলাব পৰা যায়। মাজভাগত ইচিজি কৰিলে মগজুৰ অস্বাভাৱিক তৰংগ নিৰ্ণয় কৰিব পাৰি। তেজ পৰীক্ষাৰ যোগেৰে অতি বেছি মাত্ৰাত এমনিয়াৰ উপস্থিতি গম পোৱা যায়। অৱশ্যে এনচেফেল’পেথীৰ বাবে এই মাত্ৰাই নিৰ্ভৰযোগ্য হ'ব নোৱাৰে। চিকিত্সা চিকিত্সকে এই ৰোগ হোৱাৰ কাৰণ যেনে, খাদ্য, পানীয়, ঔষধ আদিবোৰ চিহ্নিত কৰে আৰু এইবোৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ ৰোগীক কয়। অন্ত্ৰৰ পৰা ওলোৱা বৰ্জিত পদাৰ্থবোৰ দূৰ কৰিবলৈও ব্যৱস্থা লব লাগে। খাদ্যৰপৰা প্ৰটিন একেবাৰে কমাই দিয়া বা বন্ধ কৰি দিয়া আৰু তেজৰ যোগেৰে কাৰ্বহাইড্ৰেট শক্তি/কেলৰি যোগান ধৰা হয়। পিছলৈ মাংসৰ প্ৰটিনৰ পৰিবৰ্তে উদ্ভিদ প্ৰটিন বৃদ্ধি কৰিব পৰা যায় (যেনে চয়াবিন)। ইয়াৰ ফলত শৰীৰত প্ৰটিনৰ মাত্ৰাও ঠিকে থাকে আৰু ৰোগো হব নোৱাৰে। আঁহযুক্ত শাক-পাচলি খালে খাদ্যনলীত খাদ্য পৰিবহণ দ্ৰুত আৰু সুচল হয়, অন্ত্ৰৰ অম্লতা নিয়ন্ত্ৰণ কৰে-ইয়াৰ ফলত এমনিয়া শোষণ হ্ৰাস পায়। এবিধ কৃত্ৰিম চেনী (লেকট’লচ)খাদ্যৰ লগত গ্ৰহণ কৰিলে একে ধৰণৰ ফল পোৱা যায়। প্ৰয়োজনত পেট চাফা কৰিবৰ বাবে এনিমাও ব্যৱহাৰ কৰিব পাৰি। কিছুমান লোকে লেকট’লচ খাব নোৱাৰিলে-তেনে ব্যক্তিক এন্টিবায়টিক খাবলৈ দিব পৰা যায়। চিকিত্সাৰে হেপাটিক এনচেফেল’পেথি নিৰাময় কৰিব পৰা যায়। এই ৰোগ হোৱাৰ কাৰণবোৰ যদি আঁতৰাব পাৰি, আৰু কাৰণবোৰ সঠিকভাৱে নিৰ্ণয় কৰিব পাৰিলে নিশ্চিতভাৱে ৰোগটো নিৰাময় হয়। কিন্তু যকৃতৰ দীৰ্ঘদিনীয়া ৰোগ থকা ব্যক্তিৰ পুনৰ বাৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা থাকে। যকৃতৰ প্ৰদাহৰ বাবে কমা অৱস্থা হোৱা আৰু দূৰাৰোগ্য ৰোগত আক্ৰান্ত ব্যক্তিক উন্নত চিকিত্সা প্ৰদান কৰাৰ পাছতো ৮০ শতাংশ লোকৰেই এনে ৰোগত মৃত্যু হব পাৰে। হেপাটাইটিছ এ সংজ্ঞা হেপাটাইটিছ এ যকৃতৰ প্ৰদাহ (উখহি উঠা আৰু অস্বস্তি) হোৱা ৰোগ। ই হেপাটাইটিছ এ ভাইৰাছৰ বাবে হয়। আন নাম ভাইৰেল হেপাটাইটিছ কাৰণ ভাইৰাছ থকা খাদ্য বা পানীৰ যোগেৰে আৰু এই ৰোগত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ বিয়পে। ভাইৰাছৰ বংশবৃদ্ধিৰ ১৫ৰ পৰা ৪৫ দিনৰ আগত হেপাটাইটিছ এ ভাইৰাছ ৰোগীৰ শৌচত পোৱা যায়। হেপাটাইটিছ এৰ উপসৰ্গবোৰ সাধাৰণতে ফ্লুৰ দৰেই- কেৱল ছাল আৰু চকু হালধীয়া বৰণৰ হব পাৰে। তেজত থকা বিলিৰুবিন নামৰ দ্ৰব্যবিধ য্কৃতে শোষন কৰিব নোৱাৰাৰ ফলত এনে হয়। আন প্ৰায়ে হোৱা হেপাটাইটিছ সংক্ৰমণ হ’ল হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি। কিন্তু কেৱল হেপাটাইটিছ এহে কম ভয়াবহ আৰু তীব্ৰতা কম। বাকী দুয়োটা ভাইৰাছেই দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব পাৰে। উপসৰ্গ জণ্ডিছ। অবসাদ। আভোক। অৰুচি আৰু বমি। কম তীব্ৰ জ্বৰ। বিবৰ্ণ বা মাটিয়া ৰঙৰ শৌচ। ডাঠ ৰঙৰ পেচাব। সাধাৰণ খজুৱতি। প্ৰতিৰোধ অপৰিষ্কাৰকৈ ৰন্ধা বা ৰখা বা পৰিৱেশন কৰা খাদ্য বা পানীয় নোখোৱা, মল-মূত্ৰ ত্যাগৰ পাছত বিজানুনাশকেৰে হাত ধুৱা, আক্ৰান্ত ব্যক্তিৰ তেজ, মল-মূত্ৰ, বা আন কোনো শৰীৰ বৰ্জিত বস্তু স্পৰ্শ কৰিলে ভালদৰে বিজানুনাশকেৰে হাত ধুই এই ভাইৰাছৰ সংক্ৰমণৰ পৰা আঁতৰি থাকিব পাৰি। বহু মানুহৰ লগত সম্পৰ্ক, ওচৰ সম্পৰ্ক ৰক্ষা কৰা অনুষ্ঠান-প্ৰতিস্থানবোৰৰ যোগেৰে অতি সহজে আৰু দ্ৰুত ভাৱে এই ৰোগ বিয়পি পৰাৰ সম্ভাৱনা বেছি। ডাইপাৰ সলনি কৰাৰ আগে পিছে, খাদ্য পৰিৱেশন কৰাৰ আগত, শৌচাগাৰ ব্যৱহাৰৰ পাছত ভালদৰে হাত ধুলে এনে সংক্ৰমণৰ পৰা আঁতৰি থাকিব পাৰি। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ ওচৰ সম্পৰ্ক ৰক্ষা কৰি চলা ব্যক্তিয়ে প্ৰতিৰোধক গ্লাবুলিন লব লাগে। হেপাটাইটিছ এ প্ৰতিৰোধক ভেকচিন পোৱা যায়। প্ৰথম পালি ঔষধ লোৱাৰ ৪ সপ্তাহৰ পিছৰ পৰা শৰীৰত প্ৰতিৰোধ ক্ষমতা আৰম্ভ হয়। ৬ মাহ আৰু ১২ মাহ্ত বুষ্টাৰ পালি লোৱা উচিত। ই দীৰ্ঘকালীন প্ৰতিৰোধ নিশ্চিত কৰে। হেপাটাইটিছ বি হেপাটাইটিছ বি ভাইৰাছ সংজ্ঞা হেপাটাইটিছ শব্দটোৱে যকৃতৰ প্ৰদাহ সৃষ্টিকাৰী অৱস্থা বা ৰোগক বুজায়। ইয়াৰ ভিতৰত ভাইৰাছৰ দ্বাৰা হোৱা প্ৰদাহ আৰু দীৰ্ঘকাল এলকহল সেৱনৰ ফলত হোৱাটোও বুজায়। হেপাটাইটিছ এ, বি, চি, ই আৰু ডেল্টাফেক্টৰ ভাইৰাছজনিত। প্ৰতিটো ভাইৰাছ বিশেষ কোনো এটা অৱস্থাৰ বাবে দায়ী। অৱশ্যে আন কিছুমান লক্ষণ আৰু ফলাফল প্ৰায় একে হয়। হেপাটাইটিছ বি আক্ৰান্ত বেছিভাগ লোকেই ছমাহৰ ভিতৰত সম্পূৰ্ণ সুস্থ হৈ উঠে। কম সময়ৰ বাবে হোৱা এই ৰোগৰ তীব্ৰ ধৰণৰ হেপাটাইটিছ বি বোলা হয়। কাৰণ এই ভাইৰাছ তেজ আৰু শৰীৰৰ আন দ্ৰব্যৰ দ্বাৰা পৰিবাহিত হয় আৰু সংক্ৰমণ ঘটায়। চিকিত্সালয়ৰ পৰিৱেশত তেজৰ সংস্পৰ্শৰ ফলত চিকিত্সক, স্বাস্থ্যকৰ্মী, নাৰ্চ, দন্ত চিকিত্সক আৰু আন চিকিত্সা কাৰ্য্যৰ লগত জড়িত সকলৰ সংক্ৰমণৰ সম্ভাৱনা বেছি। আক্ৰান্ত ব্যক্তিৰ সৈতে সুৰক্ষা বিহীন যৌন সম্পৰ্ক। ৰক্ত আদান প্ৰদান। নিছাযুক্ত ড্ৰাগ সেৱনত একেটা বেজী বহুতে ব্যৱহাৰ কৰা। ভাইৰাছ থকা আহিলাৰে টেটু বা আকুপাংচাৰ কৰা। সংক্ৰমিত মাকৰপৰা জন্মৰ সময়ত বা জন্মৰ পাছত শিশুৰ দেহলৈ এই ভাইৰাছ আহিব পাৰে। চিকিত্সা কাৰ্য্যত জড়িত লোক, আক্ৰান্ত ব্যক্তিৰ লগত থকা লোক, আদিৰ দৰে সংক্ৰমণৰ সম্ভাৱনা বেছি থকা লোকসকলে প্ৰতিষেধক চিটা লোৱা উচিত। তীব্ৰ হেপাটাইটিছৰ ক্ষেত্ৰত সংক্ৰমণ হোৱাৰ পৰা উপসৰ্গই দেখা দিয়ালৈকে ১ৰ পৰা ৬মাহ সময় লয়। অৰুচি, আভোক, বমিভাব, অবসাদ আৰু মাংসপেশী আৰু গাঠিবোৰত বিষ হোৱাটো প্ৰথম অৱস্থাৰ উপসৰ্গ। ইয়াৰ পাছত জণ্ডিছ, গাঢ় বৰণৰ পেচাব, পাতল শৌচ হয়। হেপাটাইটিছ বিত আক্ৰান্তৰ ১ শতাংশ লোকৰ প্ৰাথমিক অৱস্থাত য্কৃত নষ্ট হৈ যোৱাৰ ফলত মৃত্যু হয়। সংক্ৰমণৰ সময়ত আক্ৰান্ত ব্যক্তিৰ বয়সৰ ওপৰত এইৰোগৰ দীৰ্ঘম্যাদীতা নিৰ্ভৰ কৰে। ৯০ শতাংশতকৈ অধিক নবজাতক, ৫০ শতাংশ শিশু আৰু ৫ শতাংশতকৈ কম প্ৰাপ্তবয়স্কলোক দীৰ্ঘম্যাদী হেপাটাইটিছ বি ৰোগত আক্ৰান্ত হয়। হেপাটাইটিছ বি সংক্ৰমণৰ ফলত সংক্ৰমণৰ প্ৰতি শৰীৰে যি প্ৰতিক্ৰিয়া দেখুৱায় তাৰ ফলত শৰীৰৰ অতি বেছি ক্ষতি হয়। সংক্ৰমিত যকৃত কোষবোৰক শৰীৰৰ ইমিউন প্ৰক্ৰিয়াই নষ্ট কৰি পেলায়। ফলত য্কৃতৰ প্ৰদাহ আৰম্ভ হয়। ইয়াৰ ফলত যকৃতৰ এনজাইমবোৰ বাহিৰলৈ ওলাই আহি তেজৰ লগত মিহলি হয়। ফলত, তেজত এই এনজাইমৰ পৰিমাণ বৃদ্ধি পায়। এই ভাইৰাছে য্কৃতৰ তেজ জমাবন্ধা উপাদান প্ৰথ্ৰমবিন তৈয়াৰ কৰা ক্ষমতা নষ্ট কৰি দিয়ে। ফলত তেজ গোট মাৰোতে সময় বেছি লাগে। য্কৃতৰ ক্ষতি হোৱাৰ ফলত বিলিৰুবিন (পুৰণি লোহিত ৰক্ত কনিকা ভাঙি তৈয়াৰ হোৱা পদাৰ্থ) শৰীৰৰ পৰা বাহিৰ কৰি দিয়া ক্ষমতা নোহোৱা হয়। ফলত জণ্ডিছ (চকু, আৰু ছাল হালধীয়া হোৱা) আৰু পেচাব গাঢ় হয়। উপসৰ্গ অবসাদ, অস্থিৰতা, হাতৰ গাঠিবোৰত বিষ, অলপ অলপ জ্বৰ। বমিভাৱ, বমি, আভোক, পেটৰ বিষ। বিলিৰুবিন বাঢ়ি যোৱাৰ বাবে জণ্ডিছ আৰু গাঢ় পেচাব। অনুসন্ধান আৰু পৰীক্ষা হেপাটাইটিছ বি চাৰ্ফেচ এন্টিজেন- সংক্ৰমণৰ পাছত তেজ পৰীক্ষা কৰোতে পোৱা ভাইৰাছৰ স্থিতি। ১-২ মাহৰ ভিতৰত তেজৰ পৰা নোহোৱা হয়। হেপাটাইটিছ বি ক’ৰ (CORE) এন্টিবডি- হেপাটাইটিছ বি চাৰ্ফেচ এন্টিজেন পোৱাৰ ১-২ সপ্তাহৰ ভিতৰত ইয়াক দেখা যায়। হেপাটাইটিছ বি চাৰ্ফেচ এন্টিবডি- যিসকলক প্ৰতিষেধক চিটা দিয়া হৈছে আৰু যিসকলে সংক্ৰমণৰ পৰা সুস্থ হৈছে তেওঁলোকৰ দেহতো পোৱা যায়। যিসকল ৰোগীয়ে হেপাটাইটিছ বি ত আক্ৰান্ত হোৱাৰ পাছত সুস্থ হৈছে তেওঁলোকৰ তেজত অনিৰ্দিষ্ট কাললৈকে হেপাটাইটিছ বি চাৰ্ফেচ এন্টিবডি আৰু ক’ৰ এন্টিবডি পোৱা যায়। য্কৃতৰ ক্ষতি হোৱাৰ বাবে তেজত য্কৃত এনজাইমৰ মাত্ৰা অধিক পোৱা যায়। অতি সাংঘাটিক ধৰণৰ লিভাৰ ফেইল হোৱাৰ বাবে এলবুমিনৰ মাত্ৰা কম পোৱা যাব পাৰে আৰু প্ৰথ্ৰমবিন বা তেজ গোট মৰা সময় বিলম্বিত হয়। যকৃতৰ চিৰোছিছ সংজ্ঞা ঘনাই যকৃতৰ ৰোগ হৈ থকাৰ ফলত যকৃতত দাগ পৰে আৰু যকৃতে কাম কৰিব নোৱাৰা হয়- ইয়াকেই যকৃতৰ চিৰোছিছ হোৱা বোলে। ইয়াৰ ফলত মানুহৰ দেহত বহু ধৰণৰ জটিল অৱস্থাৰ সৃষ্টি হয়- পেটত পানী জমা হোৱা, ৰক্তপাতৰ বিসংগতি, যকৃতৰ ৰক্তবাহী চাপ বৃদ্ধি পোৱা, বিন্ৰমতা আৰু সজ্ঞানতাৰ মাত্ৰাৰ সলনি হোৱা। আন নাম লিভাৰ চিৰোছিছ কাৰণ ঘনাই যকৃতৰ ৰোগ হৈ থকাৰ ফলত যকৃতৰ চিৰোছিছ হয়। সংক্ৰমণ আৰু বহুদিন ধৰি এলকহল সেৱন কৰাৰ বাবেও এই ৰোগ হয় (এলকহলৰ পৰা হোৱা যকৃতৰ ৰোগ চাওঁক)। হেপাটাইটিছ বি, কিছুমান ঔষধ, য্কৃতৰ স্ব-প্ৰতিৰোধক প্ৰদাহ, যকৃতৰ বৰ্জিত পদাৰ্থ নিস্কাষণৰ অসুবিধা আদিৰ বাবেও চিৰোছিছ হব পাৰে। লক্ষণ পেটত পানী জমা হোৱা। ভৰি উখহা। তেজ বমি। বিভ্ৰান্তি। জণ্ডিছ। ছালত সৰু মকৰাৰ দৰে ৰক্তবাহী শিৰা। দূৰ্বলতা। ওজন কমি যোৱা। বমিভাব আৰু বমি হোৱা। পুৰুষত্বহীনতা আৰু যৌন কাৰ্য্যৰ প্ৰতি অনীহা। তেজ অৰ্শ এই ৰোগৰ লগত আন কিছুমান উপসৰ্গইয়ো দেখা দিব পাৰে। পেচাবৰ পৰিমাণ কমি যোৱা শৰীৰ উখহি উঠা। শেঁতা বা মাটিয়া ৰঙৰ শৌচ। নাকেৰে বা দাঁতৰ আলুৰে তেজ ওলোৱা। গাইনেমাছটিয়া (পুৰুষৰ শৰীৰত স্তনৰ বিকাশ)। পেটৰ বিষ। খাদ্য হজম নোহোৱা। জ্বৰ। উপসৰ্গবোৰ লাহে লাহে বিকাশ হব পাৰে অথবা কোনো উপসৰ্গই দেখা নিদিব পাৰে। অনুসন্ধান আৰু পৰীক্ষা যকৃত আৰু প্লিহা ডাঙৰ হোৱা, পেট উখহি উঠা, চকু আৰু ছাল হালধীয়া হোৱা (জণ্ডিছ), ছালত মকৰা সদৃশ ৰঙা তেজবাহী শিৰা, বুকুৰ টিছু বৃদ্ধি পোৱা, পুৰুষৰ অণ্ডকোষ সৰু হৈ যোৱা, হাতৰ তলুৱা ৰঙা হোৱা, আঙুলীবোৰ কোঁচ খাই যোৱা, পেটৰ বেৰৰ শিৰাৰ প্ৰসাৰণ ঘটা, আদিবোৰ শাৰিৰীক পৰীক্ষাত প্ৰত্যক্ষ কৰিব পৰা যায়। এনেবোৰ পৰীক্ষাত যকৃতৰ সমস্যাবোৰ ধৰা পেলাব পৰা যায় এনিমিয়া। তেজ গোট মৰাত বিলম্বতা। তেজত যকৃতৰ এনজাইমৰ মাত্ৰা বৃদ্ধি পোৱা। বিলিৰুবিনৰ পৰিমাণ বৃদ্ধি হোৱা। চিৰাম এলবুমিন কমি যোৱা। যকৃত ডাঙৰ হোৱা (পেটৰ এক্সৰেত ধৰা পৰে) যকৃতৰ বায়প্চি কৰিলে চিৰোচিছ নিৰ্ণয় কৰিব পৰা যায়। প্ৰতিৰোধ অত্যাধিক মদপান কৰিব নালাগে। যদি কোনো ব্যক্তিয়ে মাদকদ্ৰব্য পান কৰাটো নিজে নিয়ন্ত্ৰণলৈ আনিব নোৱাৰে, তেন্তে চিকিত্সকৰ সহায় লব লাগে। শিৰাত লোৱা ঔষধৰপৰা আঁতৰি থাকিব লাগে (বা কেৱল বিজাণুমুক্ত বেজীহে ব্যৱহাৰ কৰিব লাগে, আনৰ বেজী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে)। হেপাটাইটিছ বি আৰু চিৰ পৰা আঁতৰি থকাৰ ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগে। কিছুমান গবেষণাত দেখা গৈছে যে হেপাটাইটিছ চি বহুতে ব্যৱহাৰ কৰা ষ্ট্ৰ (পানীয় শুহি খোৱা নলী) আৰু ককেইন বা আন ড্ৰাগছ সেৱন কৰাৰ যোগেৰে বিয়পে। একেটা চিগাৰেট হোপা বা আন বস্তু বহুজনে ব্যৱহাৰ কৰাতো এৰি চলিব লাগে। এমিবিক যকৃত ৰোগ সংজ্ঞা অন্ত্ৰৰ পৰজীৱি এণ্টামবিয়া হিষ্টলাইটিকাৰ বাবে যকৃতত পুঁজৰ সৃষ্টি কৰে। আন নাম হেপাটিক এমিবায়েছিচ, এক্সট্ৰা ইনটেছটিনেল এমবায়ছিচ, এবছেছ এমিবিক লিভাৰ। কাৰণ যকৃতত এমিবিক ফোড়াৰ কাৰণ হৈছে এন্টামবিয়া হিষ্টলাইটিকা নামৰ এবিধ পৰজীৱি, যিয়ে এমিবায়ছিছ বা অন্ত্ৰত সংক্ৰমণ কৰে। তেজৰ যোগেৰে ই যকৃতত প্ৰৱেশ কৰে। মানুহৰ শৌচৰ পৰা এই পৰজীৱি খোৱাবস্তুৰ যোগেৰে, মানুহৰ শৌচ সাৰ হিচাপে ব্যৱহাৰ কৰিলে, এই পৰজীৱিৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ পৰিবাহিত হয়। পৰজীৱিজনিত যকৃতৰস ফোড়াৰ আশংকাৰ কাৰণবোৰৰ ভিতৰত আছে: পুষ্টিহীনতা। বৃদ্ধাৱস্থা, গৰ্ভাৱস্থা। ষ্টেৰয়েডৰ ব্যৱহাৰ, কেঞ্চাৰ। প্ৰতিৰোধ ক্ষমতাত হেঁচা। মদাহী। গ্ৰীষ্মপ্ৰধান দেশ ভ্ৰমণ। পুৰুষৰ মাজত সমকামীতা। উপসৰ্গ অন্ত্ৰত সংক্ৰমণৰ কোনে লক্ষণে দেখা নিদিবও পাৰে। কিছুমান লক্ষণে দেখা দিবও পাৰে: জ্বৰ। পেটৰ বিষ-বিশেষকৈ সোঁফালে ওপৰত। তীব্ৰ বিষ, একেৰাহে হৈ থকা বা মাজে মাজে হব পাৰে। সাধাৰণ অসস্তি, অসুবিধা আৰু ৰুগীয়া ভাব (অস্থিৰতা)। ঘাঁমি যোৱা। ঠাণ্ডা লগা। আভোক। ওজন কমা ডায়েৰীয়া। জণ্ডিছ। গাঠিবোৰত বিষ। অনুসন্ধান আৰু পৰীক্ষা তলৰ পৰীক্ষাবোৰৰ পৰা য্কৃতত ফোড়া থকাটো নিৰ্ণয় কৰিব পাৰি। পেটৰ আল্ট্ৰাচাউণ্ড। পেটৰ চিটি স্কেন আৰু এমআৰআই। য্কৃতৰ বায়প্চি জটিলতা হোৱাৰ সম্ভাৱনাৰ পৰীক্ষা- বিৰল ভাৱে কৰা হয়। য্কৃতৰ স্কেন। লিভাৰৰ কাৰ্য্যকাৰীতাৰ পৰীক্ষাত বিসংগতি ধৰা পৰে। চিবিচিত শ্বেতৰক্ত কনিকাৰ পৰিমাণ বেছি থাকিলে সংক্ৰমণৰ নিৰ্দেশ কৰে। এমবায়ছিচৰ ক্ষেত্ৰত চেৰলজী থাকিলে। প্ৰতিৰোধ সদাই বিশুদ্ধ পানী খাব লাগে। নিসিজোৱা শাক-পাচলি আৰু বাকলি নুগুচোৱাকৈ ফল-মূল খাব নালাগে। অনুন্নত অঞ্চলত বিশুদ্ধ খোৱা পানীৰ যোগান আৰু বৰ্জিত সামগ্ৰীৰ পৰিশোধনৰ ব্যৱস্থা কৰি জনস্বাস্থ্যৰ মানদণ্ড উন্নত কৰিব লাগে। ব্যক্তিগত পৰিচন্নতা আহাৰ গ্ৰহণৰ আগতে আৰু শৌচ-পেচাব কৰাৰ পাছত ভালদৰে হাত ধোৱাতো অভ্যাসত পৰিণত কৰিব লাগে। ডায়েবেটিছ বা মধুমেহ খাদ্যৰ পৰা শৰীৰে কেনেকৈ শক্তি তৈয়াৰ কৰে আৰু ডায়েবেটিছ হ’লে এই প্ৰক্ৰিয়াত কেনে পৰিবৰ্তন হয় সেয়া তলত বৰ্ণনা কৰা হ’ল। খাদ্য গ্লুকজলৈ পৰিবৰ্তন হয়: খাদ্যক পাকস্থলীয়ে গ্লুকজলৈ ৰূপান্তৰিত কৰে। ই এক প্ৰকাৰৰ চেনীজাতীয় বস্তু। এই গ্লুকজ তেজৰ লগত মিহলি হৈ দেহত থকা কোটি কোটি কোষলৈ যায়। গ্লুকজ গৈ কোষ পায়গৈ: অগ্নাশয়ত থকা পেনকিয়াছ নামৰ গ্ৰন্থিটোৱে ইনচুলিন নামৰ ৰসায়ন উত্পন্ন কৰে। এই ইনচুলিনো তেজত মিলিত হৈ কোষ পায়গৈ। ই গ্লুকজৰ লগত লগ হোৱাৰ পাছতহে কোষৰ ভিতৰত সোমাব পাৰে। কোষে গ্লুকজক শক্তিলৈ ৰূপান্তৰিত কৰে: কোষে গ্লুকজক মেটাবলাইজড (দহন) কৰি শৰীৰক শক্তিৰ যোগান ধৰে। যেতিয়া ডায়েবেটিছ হয়, তলত দিয়া পৰিবৰ্তনবোৰ হয়: ডায়েবেটিছে খাদ্যৰ পৰা শৰীৰক শক্তি তৈয়াৰ কৰাতো কঠিন কৰি তোলে। খাদ্যৰ পৰা গ্লুকজলৈ পৰিবৰ্তন: পাকস্থলীয়ে খাদ্যৰ পৰা গ্লুকজ তৈয়াৰ কৰে। গ্লুকজ তেজৰ সোঁতলৈ আহে। কিন্তু বেছিভাগ গ্লুকজেই কোষৰ ভিতৰলৈ সোমাব নোৱাৰে। কাৰণ: ১) তাত উপযুক্ত পৰিমাণৰ ইনচুলিন নাথাকে। ২) যথেষ্ট সংখ্যক ইনচুলিন থাকিলেও ই কোষৰ ভিতৰলৈ সোমোৱাত অপৰাগ হয়। ৩) গ্লুকজ গ্ৰহণৰ বাবে ৰিচিপেটৰ বা কোষ নাথাকে। কোষে শক্তি প্ৰস্তুত কৰিব নোৱাৰে: বেছি সংখ্যক গ্লুকজেই তেজত থাকি যায়। ইয়াক হাইপাৰগ্লাইছেমিয়া (উচ্চ ব্লাড গ্লুকজ বা উচ্চ ব্লাড চুগাৰ বুলিও জনা যায়)। কোষে যথেষ্ট পৰিমাণৰ গ্লুকজ নোপোৱাৰ ফলত শৰীৰটো সুচাৰুৰূপে চলিবলৈ প্ৰয়োজন হোৱা শক্তি উত্পাদন কৰিব নোৱাৰে। ডায়েবেটিছৰ লক্ষণ ডায়েবেটিছ থকা লোকৰ বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে: ১) ঘনাই পেচাব হোৱা (আনকি নিশাও)। ২) ছালত খজুৱতি হোৱা। ৩) দৃষ্টি অস্পষ্ট। ৪) ভাগৰুৱা ভাব আৰু দূৰ্বলতা। ৫) ভৰি জিন জিনৱো বা অৱস হোৱা। ৬) অতিপাত পিয়াহ লগা। ৭) কঁটা বা ঘাঁ শুকাওঁতে বেছি দিন লগা। ৮) প্ৰতি মুহূৰ্ততে ভোক লগা। ৯) ওজন কমি যোৱা। ১০) ছালত সংক্ৰমণ। তেজত চেনীৰ মাত্ৰা কিয় নিয়ন্ত্ৰণত ৰাখিব লাগে? তেজত উচ্চ পৰিমাণত গ্লুকজ বেছি দিনলৈ থাকিলে ই বিষাক্ত পদাৰ্থলৈ ৰূপান্তৰিত হয়। তেজত বেছি পৰিমাণত গ্লুকজ থাকিলে সময় বঢ়াৰ লগে লগে ৰক্তকোষ, কিডনি, চকু, স্নায়ুতন্ত্ৰৰ জটিল অৱস্থাৰ সৃষ্টি কৰাৰ লগতে শৰীৰৰ গুৰুত্বপূৰ্ণ অংগৰ কিছুমান স্থায়ী ক্ষতি কৰে। স্নায়ু সমস্যাৰ ভিতৰত ভৰিৰ সংবেদনশীলতা নোহোৱা আৰু আন অংগত অনুভব শক্তি হ্ৰাস পোৱা, ৰক্তকোষৰ সমস্যাৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰক, আৰু তেজ সঞ্চালনৰ সমস্যাই দেখা দিয়ে। চকুৰ সমস্যাৰ ভিতৰত চকুৰ ৰক্তকোষৰ ক্ষতি হয়, চকুত বেছিকৈ চাপ পৰে আৰু চকুত চামনি পৰে। কিডনী ৰোগৰ ক্ষেত্ৰত তেজৰ বৰ্জিত পদাৰ্থবোৰ পৰিষ্কাৰ কৰিবলৈ নোৱাৰে। উচ্চ ৰক্ত চাপৰ ফলত হূদয়ে তেজবোৰ পাম্প কৰি পঠিওৱাটো কঠিন হৈ পৰে। উচ্চ ৰক্তচাপৰ বিষয়ে আৰু অধিক প্ৰতিবাৰ হূদয়ে স্পন্দন কৰাৰ লগত ৰক্তবাহী নলীৰে তেজ পাম্প কৰি পঠিয়ায়। ফলত ৰক্তবাহী নলীবোৰৰ ওপৰত চাপ পৰে। স্বাস্থ্যবান লোকৰ এই নলীবোৰ পেশীশাল আৰু স্থিতিস্থাপকতা থাকে। হূদয়ে তেজ পাম্প কৰাৰ লগে লগে এইবোৰৰ প্ৰসাৰণ হয়। স্বাভাৱিক অৱস্থাত হূদয়ে প্ৰতি মিনিটত ৬০ৰ পৰা ৮০ বাৰ স্পন্দন কৰে। প্ৰতিবাৰ স্পন্দনৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু দুটা স্পন্দনৰ মাজত কমি যায়। এই ৰক্তচাপ মিনিটে প্ৰতি সলনি হয়-ব্যায়াম বা শুৱা আদিত। কিন্তু স্বাভাৱিকভাৱে এজন প্ৰাপ্তবয়স্ক লোকৰ অতি বেছি ১৩০/৮০ mm Hg থাকিব লাগে। ইয়াতকৈ অলপমান বেছি হ’লেই উচ্চৰক্ত চাপ হোৱা বুলি কোৱা হয়। উচ্চৰক্ত চাপৰ কোনো লক্ষণেই সাধাৰণতে দেখা পোৱা নাযায়। বহুক্ষেত্ৰত বহু লোকৰ বছৰৰ পাছত বছৰ ধৰি উচ্চৰক্ত চাপত ভোগে কিন্তু গমকেই নাপায়। ইয়াৰ লগত, উত্তেজিত হোৱা, নাৰ্ভাচ হোৱা বা উচ্চ প্ৰতিক্ৰিয়াশীল হোৱাৰ কোনো সম্পৰ্ক নাই। ধীৰ, স্থিৰ, শান্ত ব্যক্তিৰো উচ্চৰক্তচাপ থাকিব পাৰে। উচ্চৰক্তচাপ নিয়ন্ত্ৰণ নকৰিলে ষ্ট্ৰ’ক, হাৰ্ট এটেক, হাৰ্ট ফেইল, কিডনী ফেইল আদি হব পাৰে। এই সকলোবোৰেই মাৰাত্মক। সেইবাবেই উচ্চ ৰক্তচাপক চাইলেণ্ট কীলাৰ বা নিৰৱ ঘাটক বোলা হয়। কলেষ্ট্ৰলৰ বিষয়ে আৰু অধিক শৰীৰত কলেষ্ট্ৰলৰ মাত্ৰা বেছি থাকিলে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। তেজত অধিক পৰিমাণৰ কলেষ্ট্ৰল থাকিলে ই ৰক্তবাহী ধমনীৰ ভিতৰৰ বেৰত জমা হৈ ডাঠ-টান আৱৰণৰ সৃষ্টি কৰে। ইয়াৰ ফলত ৰক্তবাহী নলীবোৰ ডাঠ, টান হয় আৰু স্থিতিস্থাপকতা কমি আহে। ইয়াৰ বাবে হূদয়লৈ তেজৰ প্ৰবাহ লাহে লাহে কমি আহে আৰু কেতিয়াবা একেবাৰে বন্ধ হৈ যায়। এনে হ’লে এনজিনা বা বুকুৰ বিষ অনুভুত হয়। অতি কম তেজ প্ৰৱাহিত হোৱা বা একেবাৰেই বন্ধ হৈ গ’লে হাৰ্ট এটেক হয়। ডায়েবেটিছ থকা ৰোগীৰ উচ্চৰক্ত চাপ আৰু উচ্চ কলেষ্ট্ৰল থাকিলে ষ্ট্ৰ’ক আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা ১৬ গুন বাঢ়ি যায়। ডায়েবেটিছৰ ব্যৱস্থাপনা ডায়েবেটিছ থকা লোকসকলে চিকিত্সকে দিয়া পৰামৰ্শমতে খাদ্য, ব্যায়াম, ব্যক্তিগত পৰিচন্নতা বিধি, ইনচুলিন বেজী বা বড়ি আদিৰে ৰোগ নিয়ন্ত্ৰনত ৰাখি সম্ভাব্য জটিলতাৰ পৰা আঁতৰি থাকিব পাৰে। ব্যায়াম: ব্যায়ামে তেজত থকা চেনীৰ পৰিমাণ কমাই দিয়ে। গ্লুকজ ব্যৱহাৰ কৰাৰ শৰীৰৰ সক্ষমতা বৃদ্ধি কৰে। ঘন্টাত ৬ কিলোমিটাৰ বেগেৰে খোজ কাঢ়িলে ৩০ মিনিটত প্ৰায় ১৩৫ কেলৰি দহন হয় আৰু চাইকেল চলালে ২০০ কেলৰী দহন হয়। ডায়েবেটিছত ছালৰ যত্ন: ডায়েবেটিছ থকা ৰোগীয়ে ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা। অধিক পৰিমাণৰ গ্লুকজ থকাৰ বাবে ছালখন বহুবোৰ বেক্টেৰিয়া আৰু ভেকুৰৰ বাবে উপযুক্ত প্ৰজনন ক্ষেত্ৰ হৈ পৰে। ৰক্ত সঞ্চালন দূৰ্বল হোৱাৰ বাবে শৰীৰে এনে ক্ষতিকাৰক বেক্টেৰিয়াবোৰক ধ্বংস কৰিবলৈ সক্ষম নহয়। উচ্চ পৰিমাণৰ গ্লুকজে শৰীৰত ডিহাইড্ৰেছনৰ সৃষ্টি কৰে, ফলত ছাল শুকান আৰু খহতা হৈ পৰে। নিয়মীয়াকৈ শৰীৰটো পৰ্য্যবেক্ষণ কৰিব লাগে আৰু তলত দিয়া ধৰণৰ কিবা দেখা পালে চিকিত্সকৰ পৰামৰ্শ লব লাগে: ছালৰ ৰং, আকৃতি বা ডাঠ বা পাতল হ’লে। কোনো ঘাঁ বা ফোড়া। বেক্টেৰিয়া সংক্ৰমণৰ প্ৰাথমিক স্তৰ যেনে, ৰঙা পৰা, উখহি উঠা, টেমুনা আৰু ছালৰ অংশবিশেষ চুলে গৰম অনুভব কৰা। কৰঙন চুক, যৌনাংগ আৰু মলদ্বাৰৰ অঞ্চল, কাষলতি, স্তন আৰু ভৰিৰ আঙুলীৰ ফাঁকত খুজুৱালে ভেকুৰৰ সংক্ৰমণৰ জাননী হব পাৰে। কোনো ঘাঁ বহুদিনলৈ ভাল নহ’লে। ছালৰ সঠিক যত্নৰ কিটিপ সদাই মৃদু চাবোন বা কুহুমীয়া পানীৰে গা ধুব লাগে। বেছি গৰম পানীৰে গা ধুব নালাগে। গা ধুৱাৰ পাছত ভালদৰে শুকানকৈ গা মুছিব লাগে। বিশেষকৈ ভৰিৰ আঙুলীৰ ফাঁক, কৰঙন চুকত যাতে পানী লাগি নাথাকে তালৈ চকু ৰাখিব লাগে। এনে অঞ্চল সেমেকি থাকিলে ভেকুৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ছাল শুকাই যাবলৈ দিব নালাগে। ছাল শুকালে খজুৱতি হয় আৰু খজুৱালে ছাল ফাটি যোৱাৰ ফলত বেক্টেৰিয়া সংক্ৰমণ হবলৈ সুবিধা পায়। ছাল শুকাই নাযাবলৈ যথেষ্ট পৰিমাণৰ জুলীয়া পদাৰ্থ পান কৰিব লাগে। ঘাঁৰ যত্ন : কঁটা বা আঁচোৰা খোৱাটোৰ পৰা আঁতৰি থকাটো এক প্ৰকাৰ অসম্ভৱ। ডায়েবেটিছ ৰোগীয়ে অতি ক্ষুদ্ৰ কঁটা ছিঙাতো যাতে সংক্ৰমণ হবলৈ নোৱাৰে তাৰ বাবে যত্ন লোৱা দৰ্কাৰ। সৰু সুৰা ঘাঁ বা কঁটা ছিঙাও সঠিকভাৱে চিকিত্সা কৰিব লাগে। কঁটাৰ লগে লগে চাবোন আৰু কুহুমীয়া পানীৰে ধুই পেলাব লাগে। এলকহল বা আয়ডিন থকা এণ্টিচেপটিক লগাব নালাগে। এইবোৰ ছালে সহ্য কৰিব নোৱাৰে। কেৱল চিকিত্সকৰ পৰামৰ্শমতেহে এন্টিবায়টিক মলম ব্যৱহাৰ কৰিব লাগে। বিজাণুনাশক বেণ্ডেজ কাপোৰ, বেণ্ডএইড আদিৰে ঘাঁ ডোখৰ ঢাকি দিব লাগে। অতি শীঘ্ৰে চিকিত্সকক দেখুৱাব লাগে, যদিহে ১) অতি সাংঘাটিকভাবে কাটে বা পোৰে, ২) ৰঙাপৰা, উখহি উঠা, পুঁজ জমা হোৱা, বিষোৱা আদি যদি শৰীৰৰ যিকোনো ঠাইত দেখা দিলে ই বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ। ৩) ফিটা পেলু হোৱা, যোনীত খজুৱতি আদি ভেকুৰৰ সংক্ৰমণৰ লক্ষণে দেখা দিলে। ডায়েবেটিছত ভৰি তলুৱাৰ যত্ন ডায়েবেটিছত তেজত গ্লুকজৰ পৰিমাণ বেছি থকাৰ বাবে স্নায়ুবোৰৰ ক্ষতি হয়। ইয়াৰ ফলত ভৰিৰ তলুৱাৰ সংবেদনশীলতা আৰু অনুভব কমি যাব পাৰে বা নোহোৱাও হব পাৰে। তলত ভৰি পতাৰ যত্নৰ কেইটামান সহজ উপায় উল্লেখ কৰা হ’ল: নিয়মীয়াকৈ ভৰিৰ তলুৱা পৰীক্ষা: যথেষ্ট পোহৰ থকা ঠাইত ওচৰৰ পৰা ভৰিৰ তলুৱা ভালদৰে পৰীক্ষা কৰিব লাগে। কঁটা আঁচোৰ খোৱা, ছাল ফটা , পানীজোলা, ৰঙচুৱা দাগ, উখহি উঠা আদি আছে নেকি ভালদৰে চাব লাগে। আঙুলীৰ ফাঁকবোৰো ভালদৰে পৰীক্ষা কৰিব লাগে। ভৰিৰ পতা সদাই ভালদৰে ধুব লাগে: মৃদু চাবোন আৰু কুহুমীয়া পানীৰে সদাই ভৰিৰ পতা ধুব লাগে। ভৰিৰ আঙুলীৰ নখ নিয়মীয়াকৈ কাটিব লাগে। ভৰিৰ পতাৰ সুৰক্ষাৰ বাবে উপযুক্ত জোতা চেণ্ডেল পিন্ধিব লাগে। মুখৰ স্বাস্থ্য: দীৰ্ঘদিনৰ বাবে দাঁত সুস্থ আৰু সবল কৰি ৰাখিবলৈ ঘৰতে নিতৌ যত্ন লব লাগে। ব্ৰাছ: দাঁতৰ ব্ৰাছডাল টান আৰু কঠিন হব নালাগে। এনে ব্ৰাছে দাঁতৰ আলু ছিঙি দিব পাৰে বা ক্ষতি কৰিব পাৰে। কোমল ব্ৰাছ ব্যৱহাৰ কৰিব লাগে। ব্ৰাছ কৰা পদ্ধতি দিনত কমেও দুবাৰ ব্ৰাছ কৰিব লাগে। ব্ৰাছৰ শুংবোৰ দাঁত আৰু আলুৰ মাজত লৈ অলপ কঁপাই কঁপাই ব্ৰাছ কৰিব লাগে। এনে কৰাৰ ফলত আলু আৰু দাঁতৰ ফাঁকত সোমাই থকা বেক্টেৰিয়াবোৰ ওলাই আহে। গাল, জিভা আৰু তালুত লাহে লাহে ব্ৰাছডাল চোঁছোৰাই আনিব লাগে। দাঁতৰ ওপৰভাগ আৰু ভিতৰফালেও ব্ৰাছ ঘঁহিব লাগে। জোৰত ঘঁহিলে আলু, টিছু আৰু দাঁতৰ ক্ষতি হয়। ব্ৰাছৰ শুংবোৰত বেক্টেৰিয়া উত্পন্ন হব পাৰে। প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে ব্ৰাছডাল সলনি কৰিব লাগে। কিবা ৰোগৰ পৰা সুস্থ হোৱাৰ পাছতো ব্ৰাছ সলনি কৰিব লাগে। প্ৰতিবাৰ খাদ্য খোৱাৰ পাছত কুলি কুলি কৰিলে দাঁত চাফা হৈ থাকে। তলত দিয়া ধৰণৰ কিবা দেখা দিলে চিকিত্সকক দেখুৱাব লাগে: ব্ৰাছ কৰোতে বা খাদ্য খাওঁতে তেজ ওলোৱা। আলু ৰঙা পৰিলে, উখহিলে। দাঁতৰ পৰা আলু আঁতৰি আহিলে। আলু স্পৰ্শ কৰিলে দাঁতৰ মাজৰ পৰা বা আলুৰ পৰা পুঁজ ওলালে। ডেন্টাৰ লগাওঁতে অসুবিধা। খাদ্য কাঁমোৰোতে দাঁতৰ পাৰিৰ স্থান সলনি হোৱা। মুখৰ পৰা দূৰ্গন্ধ আৰু বেয়া স্বাদ। চকুৰ যত্ন আন ব্যক্তিতকৈ ডায়েবেটিছ থকা লোকৰ চকুত চানি পৰা বা গ্ৰক’মা হোৱাৰ সম্ভাৱনা অধিক হয়। তেজত গ্লুকজৰ পৰিমাণ বেছি সময় বাবে থাকিলে চকুৰ ক্ষুদ্ৰ ৰক্তবাহী নলীবোৰ ক্ষতিগ্ৰস্থ হয়। ইয়াৰ ফলত ডায়েবেটিছ ৰেটিনপেথি অৱস্থাৰ সৃষ্টি হয়। ডায়েবেটিছ ৰোগীৰ মাজত হোৱা অন্ধত্বৰ কাৰণ এই ডায়েবেটিক ৰেটিনপেথি। ডায়েবেটিছ হোৱা বুলি নিশ্চিত হোৱাৰ পাছত প্ৰতি বছৰে সম্পূৰ্ণভাবে চকুৰ পৰীক্ষা কৰোৱাব লাগে। তলত উল্লেখ কৰা অৱস্থাবোৰ হ’লে চিকিত্সকৰ পৰামৰ্শ লব লাগে: বৰ্ণনা কৰিব নোৱাৰা দৃষ্টিৰ সমস্যা যেনে, দৃষ্টি দিওঁতে চকুৰ আগত দাগ থকা, কিবা বস্তু উপঙি থকা যেন লগা, কঁপি থকা, ধোঁৱা ধোঁৱা হোৱা, বিশৃংখল দৃষ্টি, কলা দাগ, চকু ৰঙা পৰা আৰু চকুৰ বিষ হোৱা। পঢ়োতে অসুবিধা হোৱা, ট্ৰেফিক চিগনেল বুজি নোপোৱা, একে ধৰণৰ বস্তুৰ পাৰ্থক্য ধৰিব নোৱাৰা। উত্স: Merck