সহজলভ্য বনৌষধি মানৱ শৰীৰৰ অন্যতম প্ৰধান অংগ হ’ল হৃৎপিণ্ড। ই দুটা হাওঁফাওঁৰ মাজত বক্ষগহ্বৰত অৱস্থিত। গোটেই হৃৎপিণ্ডটোক পেৰিকাৰ্ডিয়াম নামৰ এখন আৱৰণে ঢাকি ৰাখে। ফোঁপোলা পেশীৰে গঠিত। হৃৎপিণ্ডৰ প্ৰধান কাম হ’ল শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগলৈ অক্সিজেন আৰু দেহৰ বাবে প্ৰয়োজনীয় পুষ্টিকাৰক দ্ৰব্যসমূহ কঢ়িয়াই নিয়া আৰু দেহৰ অংগ-প্ৰত্যংগৰ বিভিন্ন কোষবোৰে উলিয়াই নিয়া অলাগতিয়াল দ্ৰব্যবোৰ কঢ়িয়াই আনি নিষ্কাশনত সহায় কৰা। পুৰুষৰ হৃৎপিণ্ডৰ ওজন ৩৪০ গ্ৰাম আৰু তিৰোতাৰ ২৫৫ গ্ৰাম। হৃৎপিণ্ডটো এটি নিৰ্দ্দিষ্ট গতিত এবাৰ সংকুচিত হয় আৰু এবাৰ সম্প্ৰসাৰিত হয় আৰু এই গতিক স্পন্দন বোলা হয়। এজন প্ৰাপ্তবয়স্ক নিৰোগী লোকৰ প্ৰতি মিনিটত হৃৎপিণ্ড ৭২ বাৰ স্পন্দিত হয়। অৱশ্যে কাম কৰি থকা অৱস্থাত ইয়াৰ গতি বৃদ্ধি হয়। নৱজাতকৰ ক্ষেত্ৰত এই সংকোচন আৰু প্ৰসাৰণ অৰ্থাৎ হৃৎপিণ্ডৰ স্পন্দন আৰু বেছি। পৰিশ্ৰম কৰি থকা বয়সস্থ লোকৰ হৃৎপিণ্ড ১৫০ বাৰ পৰ্যন্ত সংকুচিত আৰু প্ৰসাৰিত হয়। হৃৎপিণ্ডটো ভালেৰে ৰাখিবৰ কাৰণে সকলোৱে চেষ্টা কৰাটো প্ৰথম কাম। আমি সকলোৱে জানো যে হৃদৰোগ অতি সাংঘাতিক আৰু বিশ্বৰ অনেক গুণী-জ্ঞানী ব্যক্তিয়ে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। হৃদৰোগৰ পৰা হাত সাৰিবৰ কাৰণে আৰু হৃৎপিণ্ডটো সুস্থ কৰি ৰাখিবৰ কাৰণে সহজলভ্য অনেক শাক-পাচলি আৰু ফলমূল আছে। সেইবিলাক নিয়মীয়াকৈ ব্যৱহাৰ কৰি থাকিলে বিভিন্ন হৃদৰোগৰ পৰা ৰক্ষা পোৱাৰ উপৰি হৃৎপিণ্ড আৰু দেহৰ অন্য অংগ-প্ৰত্যংগ অধিক শক্তিশালী কৰিব পৰা যায়। কিছুমান সাধাৰণ খাদ্যৰ দ্বাৰাই আমাৰ হৃৎপিণ্ডটো শক্তিশালী কৰি হৃদৰোগ, বিশেষকৈ বুকুৰ ধপধপনি, বুকুৰ বিষ, হৃৎপিণ্ড দুৰ্বল আদি ৰোগসমূহৰ পৰা আঁতৰি থাকিব পাৰি। হৃৎপিণ্ডৰ কাম হৃৎপিণ্ডই শৰীৰৰ বিভিন্ন অংগলৈ অবিৰতভাৱে তেজ সঞ্চালন কৰে। হাওঁফাওঁৰ পৰা অক্সিজেন হৃৎপিণ্ডলৈ আহে। সিৰা-উপসিৰাৰ যোগেদি তেজ শৰীৰৰ বিভিন্ন অংগলৈ পাম্প কৰি পঠিয়ায়, আকৌ তেজ সিৰা আৰু ভোনালেৰে হৃৎপিণ্ডলৈ ঘূৰি আহে। হৃদৰোগৰ কাৰণসমূহ অখাদ্য আৰু বিষাক্ত খাদ্য খোৱা। শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱা। হৃৎপিণ্ডত আঘাত পালে(শাৰীৰিক আৰু মানসিকভাৱে)। হাওঁফাওঁত নিউমোনিয়া, কোষ্ঠবদ্ধতা, বায়ুৰ প্ৰকোপ আদি। উচ্চ ৰক্তচাপ। বহুমূত্ৰ ৰোগত আক্ৰান্ত। মাদক দ্ৰব্য সেৱন। ধূমপান কৰা। অধিক ভোজন। শাৰীৰিক পৰিশ্ৰমহীনতা। কি খাব লাগে কচু, ঢেঁকীয়া, কলমৌ, কলডিল, পদিনা, মানিমুনি, নহৰু, পিঁয়াজ, আদা, খেজুৰি, মৌচম্বী, কমলা, পকা অমিতা, পকা কল, পকা কঁঠাল, ডালিম, আপেল, আমলখি, পকা আম, শিলিখা, ধনিয়া, বন্ধাকবি, শতমূল, জালুক, নেফাফু, পকা বেল, কাঠফুলা, পকা মধুৰি, তেঁতেলী, গোলনেমু, কাজিনেমু, ৰবাব টেঙা, নৰসিংহৰ পাত, চজিনাৰ পাত, গৰুৰ গাখীৰৰ দৈ, মাছ। কি খাব নালাগে মাদক দ্ৰব্য, তামোল-পাণ, ধঁপাত, মাংস, ঘিউ, তেলজাতীয় বস্তু, তিতা দ্ৰব্য, কণী আদি। এইবোৰৰ উপৰি দেহত যাতে অতিৰিক্ত মেদ জমা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম নিয়মীয়াকৈ কৰিব লাগে। পুৱা-গধূলি আধ্যাত্মিক মনোভাৱেৰে প্ৰাৰ্থনা কৰা উচিত। অধিক চিন্তা, বেদনা আদিৰ পৰা বিৰত থাকিব লাগে। বনৌষধিৰে চিকিৎসা হৃৎপিণ্ডটো ভালেৰে ৰাখিবৰ কাৰণে আমাৰ দৈনিক খাদ্য তালিকাত খাদ্যপ্ৰাণ ‘গ’ যুক্ত শাক-পাচলি আৰু ফল-মূল যথেষ্ট পৰিমাণে থকা উচিত। বিশেষকৈ বন্ধাকবি, ধনিয়াৰ পাত, মূলা শাক, মধুৰিআম, পালেং শাক, চজিনাৰ পাত, নৰসিংহৰ পাত, চুকা শাক আদি উল্লেখযোগ্য। দিনে দুটাকৈ আমলখি খাব পাৰিলে হৃৎপিণ্ড ভালে থাকে। সেইদৰে প্ৰতিদিনে একোটাকৈ আপেল খালেও হৃৎপিণ্ড শক্তিশালী হয়। আমি এটা কথা মনত ৰখা উচিত যে খাদ্যপ্ৰাণ ‘গ’ পানীত দ্ৰৱীভূত হয় আৰু ১৯২° চেলছিয়াছত গলে। তাপৰ পৰা ই সহজে নষ্ট নহয়, কিন্তু ই অক্সিজেনৰ সস্পৰ্শত অতি উত্তাপত নষ্ট হয়। হৃদপিণ্ডৰ বিভিন্ন ৰোগ, বিশেষকৈ বুকুৰ ধপধপনি, হৃৎপিণ্ড দুৰ্বল আদি ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰিবৰ বাবে অতি উত্তম ঔষধি গুণসম্পন্ন গছ হ’ল অৰ্জুন। অৰ্জুন গছৰ ছাল হৃৎপিণ্ডৰ কাৰণে মকৰধ্বজ স্বৰূপ। অৰ্জুনৰ ছাল সৰু সৰুকৈ কাটি ৰ’দত ভালদৰে শুকুৱাই তাক খুন্দি গুড়ি কৰি তাক পুনৰ ৰ’দত শুকুৱাই ভালদৰে সংৰক্ষণ কৰিব লাগে। কেঁচা নহৰু যিকোনো হৃদৰোগীৰ কাৰণে উপকাৰী। প্ৰতি সাঁজত ৪/৫ ফোটা কেঁচা নহৰু নিয়মীয়াকৈ খালে হৃৎপিণ্ড অতি শক্তিশালী হয় আৰু বিভিন্ন ধৰণৰ হৃদৰোগ প্ৰতিৰোধ হোৱা দেখা যায়, কেৱল হৃৎপিণ্ডই নহয়, কেঁচা নহৰু নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে ই কৰ্কট ৰোগো প্ৰতিৰোধ কৰিব পাৰে। কেঁচা নহৰুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ উপৰি স্মৰণশক্তি বৃদ্ধি কৰে, যৌনশক্তি অটুট ৰাখে, অগ্ন্যাশয় শক্তিশালী কৰে, বহুমূত্ৰ ৰোগীৰ তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ব্ৰাহ্মী, মানিমুনি শাক আৰু নহৰু খুন্দি চাটনি কৰি দিনে অন্তত: এবাৰকৈ খালে হৃৎপিণ্ড ভালে থাকে। আহাৰ খোৱাৰ পিছত চাহ চামুচেৰে দুচামুচ ত্ৰিফলা একাপ পানীত মিহলাই দিনে দুবাৰকৈ খাব লাগে। তিনি চামুচ অশ্বগন্ধাৰ গুড়ি একাপ গাখীৰত মিশ্ৰণ কৰি দিনে দুবাৰকৈ খাব লাগে। হৃদৰোগীয়ে বুকুৰ বিষ আৰু উশাহ-নিশাহ লোৱাত কষ্ট পালে তৎক্ষণাৎ তেঁতেলী টেঙাৰ চৰবত খুৱালে আশানুৰূপ ফল পোৱা দেখা যায়। উৎস: অসমীয়া প্ৰতিদিন