বাকৰুদ্ধ মানে কি? বাকৰুদ্ধ হল এক ৰোগ, যেতিয়া এজন ব্যক্তিয়ে কথা ক’ব নোৱাৰা হয় পঢ়িব নোৱাৰা হয় বা লিখিব নোৱাৰা হয়| এই ৰোগ সাধাৰণতে মগজুৰ ষ্ট্ৰক বা ৰক্তঘাত বা মগজুৰ দুৰ্ঘটনাত কোনো এংশ অকামিলা হৈ যোৱা বাবে হয়| এই ৰোগৰ লোক সকলে স্মৃতি শক্তি, চিন্তা কৰিব পৰা শক্তি, কথা কওঁতে সঠিক শব্দ বা বাক্য প্ৰয়োগ কৰোতে অসুবিধাৰ সম্নূখীন হয়| ইয়াৰ ওপৰি ৰোগীজনে নিজৰ ভাষা কওঁতে অন্য লোকে বুজিব নোৱাৰে আৰু লাহে লাহে পঢ়িব পৰা আৰু লিখিব পৰা ক্ষমতা কমি যায় বাকৰুদ্ধ কিয় হয়? বাকৰুদ্ধ বা হোৱাৰ প্ৰধান কাৰন সমূহ হল ষ্ট্ৰক বা চেৰিব্ৰেল ভাচকুলাৰ এক্সিডেণ্ট, মগজুৰ টেমুনা, মগজুৰ দুৰ্ঘটনা, বা স্নায়বিক ৰোগ। ৰক্তঘাট মানে কি? ৰক্তঘাট মানে হল মগজুৰ তেজ পৰিবাহী ধমনী সমূহে যেতিয়া সঠিক পৰিমানৰ তেজ মগজুৰ বিভিন্ন অংশলৈ কঢ়িয়াব নোৱাৰে, তেতিয়া মগজুৰ কোষ সমহ অক্সিজেনৰ অভাৱত মৰি যায় আৰু তেতিয়াই ষ্ট্ৰক হয়| ৰক্তপৰিবাহী ধমনী সমূহ সাধাৰণতে ব্লক হৈ যায়, কেতিয়াবা ফাটি যায়, কেতিয়াবা তেজ গোট মৰা চেকুৰা বিলাকে ধমনীৰ তেজ চলাচল বন্ধ কৰি দিয়ে| এই ৰোগৰ লক্ষণ সমূহ শৰীৰৰ এভাগ অকামিলা হৈ যোৱা, দৃষ্টিশক্তি হ্ৰাস হৈ যোৱা, কথা কোৱাত অসুবিধা হোৱা দেখা যায়| এই ৰোগ যি কোনো বয়সৰ, পুৰুষ মহিলা, ধনী দুখীয়া লোকৰ হব পাৰে| বাকৰুদ্ধ প্ৰতিকাৰ কৰিবলৈ ব্যক্তিসকলক কেনেকৈ সহায় কৰিব পাৰি? এই ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে প্ৰতিজন নাগৰিককে সজাগ কৰিব লাগে আৰু এইৰোগ হোৱাৰ পাছত কেনেকৈ আত্মনিৰ্ভৰশীল হব পাৰি তাৰ ব্যৱস্থা লব লাগে| ইয়াৰ ওপৰি ৰোগী জনক সন্মান কৰা, ইতিকিং নকৰা, অত্মনিৰ্ভৰশীল হোৱৰ ব্যৱস্থা কৰিব লাগে আৰু উৎসাহ দিব লাগে| ষ্ট্ৰক বা বাকৰুদ্ধৰ চিকিৎসা কৰিব পাৰিনে? ষ্ট্ৰক বা বাকৰুদ্ধৰ বৰ্ত্তমান কোনো চিকিৎসা নাই যদিও বা পুনসংস্থাপন চিকিৎসাৰ দ্বাৰা শাৰিৰীক অক্ষমতা আৰু সজাগতা পদ্ধতিৰে এই ৰোগৰ লক্ষণ সমূহ আৰোগ্য তথা প্ৰতিৰোধ কৰিব পাৰি| ষ্ট্ৰক আৰোগ্য কৰিব পাৰিনে? ষ্ট্ৰক ৰোগ আৰোগ্য কৰিবৰ বাবে কোনে ধৰনৰ চিকিৎসা পদ্ধতি নাই, কাৰন ষ্ট্ৰক হোৱা ব্যক্তিৰ শাৰিৰীক ক্ষমতা হ্ৰাস পায়| ইয়াৰ চিকিৎসা কেৱল পুনৰ সংস্থাপন পদ্ধতিৰ দ্বাৰা, বিভিন্ন ধৰনৰ শিক্ষনৰ দ্বাৰা মগজুৰ ক্ষতি কম কৰিব পাৰি| ষ্ট্ৰক ৰোগ প্ৰতিৰোধ কৰিব পাৰিনে? ষ্ট্ৰক ৰোগ প্ৰতিৰোধ কৰিব পাৰি| যদিহে এজন ব্যক্তিয়ে চৰ্বী জাতীয় খাদ্য, শাৰিৰীক ব্যায়াম, তেজৰ কলেষ্টৰেলৰ পৰিমান কমাই ৰাখিব পাৰি, হাই ব্লাড প্ৰেছাৰ কমাই ৰাখিব পাৰে, হাৰ্টৰ অসুখৰ চিকিৎসা কৰাই থাকে তেন্তে ষ্ট্ৰক ৰোগ প্ৰতিৰোধ কৰিব পাৰি| বাকৰুদ্ধ শতকৰা কিমান মানুহৰ হয়? বাকৰুদ্ধ প্ৰতিবছৰে ৮,০০০০০ ৰ পৰা ১০,০০,০০০ লাখ মানুহৰ হয়| এই সংখ্যা সঠিক ভাবে লবৰ কাৰনে ভাৰতত কোনো এজেন্সি নাই| বাকৰুদ্ধ কাৰ হব পাৰে? ষ্ট্ৰক বা বাকৰুদ্ধ যিকোনো লোকৰ, যিকোনো বয়সৰ, খীন, শকত, জাতি, ধৰ্ম, পুৰুষ-মহিলাৰ হব পাৰে, কিন্তু নিৰামিষ ভোজন কৰা ব্যক্তিৰ আমিষ ভোজন কৰা ব্যক্তিতকৈ এই ৰোগ কম হয়| যি কোনো লোকে ব্লাড প্ৰেছাৰ, কলেষ্টল, শৰ্কৰা, হাৰ্টৰ অসুখ, কোনো ধৰণৰ শাৰিৰীক ব্যায়াম নকৰা ব্যক্তিৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অতি বেছি| বাকৰুদ্ধ হোৱাৰ ব্যক্তিৰ অন্য শাৰিৰীক অক্ষমতা হব পাৰে নেকি? হয় কিছু ব্যক্তিৰ বাকৰুদ্ধৰ লগতে অন্য শাৰিৰীক অক্ষমতাৰও হব পাৰে যেনে হাত ভৰিৰ দুৰ্বলতা শৰীৰৰ এভাগ দুৰ্বলহৈ যোৱা, দৃষ্টি শক্তি কমি যোৱা, স্পৰ্শহীন হোৱা ইত্যাদি| বাকৰুদ্ধ হোৱা ব্যক্তি সকলে পুনৰ কৰ্ম কৰিব পাৰেনে? এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে ব্যক্তিজনৰ কৰ্মৰ পদ্ধতিটো কি| যদিহে ব্যক্তিজনৰ কৰ্ম কথা কব লগীয়া হয় তেন্তে কিছু পৰিমানে অসুবিধা হয়, কিন্তু তেওঁৰ কৰ্মপদ্ধতি যদি সলনি কৰে বা কেইবাজনো ব্যক্তিৰ লগত একে লগে কৰে এনে ৰোগীয়ে কৰ্ম কৰাত অসুবিধা নহয়| এই ৰোগ আৰোগ্য হবলৈ কিমান সময় লাগে? সাধাৰণতে এই ৰোগ ভাল হবলৈ দুই বা তিনিমাহৰ সময় লাগে| কেতিয়াবা এবছৰও লাগিব পাৰে| বাকৰুধে বুদ্ধিমত্তাত ব্যাঘাট কৰে নেকি? সাধাৰণতে বাকৰুধে বুদ্ধিমতাত কোনো ব্যাঘাত নজন্মায়, যেনে চিন্তা কৰা ব্যক্তি, স্মৃতি শক্তি, চিনাক্ত কৰন শক্তি ইত্যাদি| কিন্তু কথা কওঁতে বা ভাষা প্ৰয়োগ কৰোতে অসুবিধা হয়| প্ৰাথমিক ক্ৰমোন্নত বাকৰুদ্ধ PRIMARY PROGRESSIVE APHASIA মানে কি? PRIMARY PROGRESSIVE APHASIA মানে হ'ল যেতিয়া এজন ব্যক্তিয়ে বাকৰুদ্ধ ৰোগৰ বাবে লাহে লাহে কথা কব নোৱাৰা তথা ভাষা প্ৰয়োগ কৰিবৰ বাবে মানসিক সৃষ্টিশীলতাক ব্যাঘাট কৰে| অৱশ্যে স্মৃতি শক্তি, ভাবিব পৰা শক্তি সাধাৰণভাবেই থাকে| এই ৰোগী সাধাৰণ জীৱন দাৰন কৰিব পাৰে| এইৰোগৰ লক্ষণসমূহ হ'ল কিছুমান শব্দ, বা ভাষা ব্যৱহাৰ কৰাত অসুবিধা হয় আৰু লাহে লাহে মানসিক অৱস্থাৰ অৱনতি হয় আৰু কথা কবলৈ অসুবিধা হয়| এই ৰোগ সাধাৰণতে 55 ৰ পৰা 65 বছৰ বয়সৰ লোকৰ হয়| এই ৰোগৰ লক্ষণ সমূহ হ'ল - ভাষা প্ৰয়োগ কৰোতে উচ্ছাৰণ কৰিব নোৱাৰে| কথা কওঁতে শব্দ প্ৰয়োগ বা মানুহৰ নাম পাহৰি যোৱা| লাহে লাহে কথা কব নোৱাৰা হৈ যোৱা| লিখিব নোৱাৰা হোৱা ইত্যাদি| এইৰোগ সাধাৰণতে ALZHEIMER'S ৰোগৰ কাৰনে হ'ব পাৰে| বাকৰুদ্ধ বহুভাষি লোকৰ বাবে| বাকৰুদ্ধ হ'লে যিজন ব্যক্তিয়ে দুই বা ততোধিক ভাষা কব পাৰে সকলো ভাষাই ব্যাঘাট হয়, অৱশ্যে ভাষাৰ পৰিধি অনুযায়ী কম বেছি পৰিমানে ৰোগীজনে কথা কোৱাত অসুবিধা হয়| ৰোগীজনৰ বিভিন্ন ভাষাৰ আদান প্ৰদান কৰোতে কিছুমান ভাষা সহজ হয় যদিহে তেওঁ ব্যৱহাৰ কৰা ভাষাটো আমি সকলোৱে এনে ৰোগীক মানসিক ভাৱে উৎসাহিত কৰিব লাগে, তেওঁ যি ভাষাই কৈ ভাল পায় সেই ভাষাতেই যোগাযোগ কৰিব লাগে| উৎস: ভাৰতীয় বাকৰুধ আৰু ষ্ট্ৰোক সন্মিলন