আমাৰ কিডনীটোৱে সঠিকভৱে কাম নকৰিলে, অৰ্থাত্ পানী আৰু বিষাক্ত আৱৰ্জনা শৰীৰৰ পৰা বাহিৰ কৰাত বাধা আহি পৰে। ফলত বিষাক্ত আৱৰ্জনা জমা হৈ শৰীৰৰ সংকটাৱস্থাৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত আমাৰ মৃত্যুও হ’ব পাৰে। কিডনীয়ে শৰীৰৰ জলভাগৰ মান আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰে। ইয়াৰ লগতে কেতবোৰ হৰম’নো উত্পাদন কৰে। যিবোৰে শৰীৰৰ ভালেমান অংগৰ ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ কৰে। সেয়ে শৰীৰত কিডনীৰ গুৰুত্ব অপৰিহাৰ্য।

কিডনীৰ ৰোগ হ’লে বহুদিনলৈ কোনো লক্ষণ দেখা নাযাব পাৰে। সেইবাবে নিয়মিতভাৱে তেজ আৰু প্ৰস্ৰাৱৰ পৰীক্ষা কৰাব লাগে। তেজত ক্ৰিয়েটিনিন আৰু ব্লাড ইউৰিয়া নাইট্ৰ’জেনৰ মাত্ৰা বৃদ্ধি হ’লে কিডনীৰ ৰোগ তথা বৈকল্যৰ আৰম্ভণি হৈছে বুলি বুজিব পাৰি। স্বাভাৱিক অৱস্থাত প্ৰস্ৰাৱত প্ৰ’টিন নিঃসৰিত নহয়, কিন্তু প্ৰস্ৰাৱ পৰীক্ষা কৰিলে যদি দেখা যায় যে প্ৰ’টিন নিঃসৰিত হৈছে, তেনেহ’লে কিডনীৰ ৰোগ তথা বৈকল্যৰ আৰম্ভণি সূচায়। তলত কেতবোৰ সম্বাৱ্য লক্ষণ উল্লেখ কৰা হৈছে। ইয়াৰ যিকোনো এটা ধৰা পৰিলে তত্কালীনভাৱে চিকিত্সকৰ পৰামৰ্শ লৈ প্ৰয়োজনীয় চিকিৎসা কৰা উচিত।

চকুৰ চাৰিওফালে মুখ, পেট, মণিবন্ধ, উৰু অথবা ভৰিৰ সৰু গাঁঠি উখহি যোৱা (শৰীৰত অতিৰিক্ত পানী জমা হোৱা হেতুকে)।

প্ৰস্ৰাৱ ফেনিল, তেজ ৰঙা অথবা কফি ৰঙৰ হোৱা।

প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস পোৱা।

প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা কৰা, প্ৰস্ৰাৱৰ সৈতে অস্বাভাৱিক দ্ৰব্য নিৰ্গত হোৱা, ঘনাই প্ৰস্ৰাৱ হোৱাৰ প্ৰৱণতা (বিশেষকৈ নিশাৰ ভাগত)।

কামীহাড়ৰ তলত, পিঠিৰ মধ্য খণ্ডৰ দুয়োফালে (যি ঠাইত কিডনী দুটা থাকে) হোৱা বিষ।

উচ্চ ৰক্তচাপ।

ডায়েবেটিছ।

কিডনী ৰোগৰ মাত্ৰা বৃদ্ধি হ’লে নিম্নোল্লেখিত ওপৰঞ্চি লক্ষণসমূহ দেখা দিব পাৰে-

প্ৰস্ৰাৱৰ প্ৰৱণতা বৃদ্ধি অথবা হ্ৰাস।

খজুৱতি।

ক্লান্তি।

কাম-কাজত মনোযোগ দিব নোৱাৰা অৱস্থা।

হাত-ভৰি উখহা আৰু নিঃসাৰ হোৱা।

ছালৰ ৰং মলিন হোৱা।

মাংসপেশী সিৰামূৰি ধৰা।

জিএনআৰচি স্বাস্থ্য।