টাইফয়েড ৰোগ চালম’নেলা টাইফি নামৰ বেক্টেৰিয়াৰ দ্বাৰা হয়। এই ৰোগে মানুহৰ প্ৰানহানীও কৰিব পাৰে। এই ৰোগ প্ৰতিষেধক আৰু এণ্টিবায়টিকৰ দ্বাৰা চিকিত্সা কৰাব পৰা যায়। এই ৰোগ কিদৰে বিয়পে? চালম’নেলা টাইফি বেক্টেৰিয়া কেৱল মানুহৰ দেহতে পোৱা যায়। এই ৰোগ হোৱা লোকৰ পাকস্থলী আৰু তেজত বেক্টেৰিয়া পোৱা যায়। যিসকল ব্যক্তিৰ এই ৰোগ হৈ ভাল হৈ যায়-তেনে লোকৰ শৰীৰতো এই বেক্টেৰিয়া পোৱা যায়। এই লোকসকলক এই ৰোগৰ বাহক বুলিব পাৰি। এই ৰোগত আক্ৰান্ত লোক আৰু বাহক দুয়োটা ক্ষেত্ৰতে ব্যক্তিৰ শৌচত এই বেক্টেৰিয়া থাকে। এই ৰোগত ভোগা ব্যক্তিয়ে তৈয়াৰ কৰা খাদ্য, পানীয় খালে, বা খোৱা পানীৰ লগত এই বেক্টেৰিয়া থকা লেতেৰা পানী মিহলি হ’লে-সেই পানী খোৱাৰ ফলত বা খোৱা বস্তু ধোৱাৰ ফলত এজন সুস্থ ব্যক্তিৰ গালৈ এই ৰোগ বিয়পিব পাৰে। ভালদৰে আৰু সঘনাই হাত নুধোৱা আৰু খোৱা পানীৰ উত্স লেতেৰা পানীৰে মিহলি হোৱা ঠাইবোৰত টাইফয়েড এটা সহজতে হোৱা ৰোগ। খাদ্য বা পানীয়ৰ যোগেৰে এই বেক্টেৰিয়া দেহত সোমোৱাৰ পাছত ইহঁতৰ বংশবৃদ্ধি হয় আৰু তেজৰ সঞ্চালন প্ৰক্ৰিয়াত সোমাই পৰে। লগে লগে জ্বৰ আৰু আন আন উপসৰ্গবোৰে দেখা দিয়ে। এই ৰোগৰ লক্ষণ আৰু উপসৰ্গ কি? এই ৰোগ হোৱা লোকৰ শৰীৰৰ উষ্ণতা ১০৩ ডিগ্ৰীৰ পৰা ১০৪ ডিগ্ৰী ছেলছিয়াছলৈ উঠিব পাৰে। ৰোগীয়ে দূৰ্বল উপলব্ধি কৰে। পেটৰ বিষ মূৰৰ বিষ, আভোক আদি হয়। কোনো কোনো ক্ষেত্ৰত গুলপীয়া ৰঙৰ খজুৱতি থকা দাগ কিছুমান দেখা দিব পাৰে। অসুখ হ’লে টাইফয়েড হৈছে নেকি জানিবলৈ একমাত্ৰ উপায় হৈছে তেজ আৰু শৌচ পৰীক্ষা কৰি টাইফয়েডৰ বেক্টেৰিয়া আছেনে নাই চোৱা। এই ৰোগৰ পৰা কেনেদৰে আঁতৰি থাকিব পৰা যায়? দুটা সহজ কাম কৰি এই ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যায়। ১) বিপদৰ সম্ভাৱনা থকা খাদ্য আৰু পানীয় গ্ৰহণ নকৰা। ২) এই ৰোগৰ প্ৰতিষেধক লোৱা। খোৱা পানী উতলি থকাৰ এক মিনিট পাছত ঠাণ্ডা কৰি খাব লাগে। যদিহে বৰফ, মিনাৰেল ৱাটাৰ বা উতলোৱা পানীৰ পৰা তৈয়াৰ কৰা হোৱা নাই তেন্তে বৰফ খাব নালাগে। গোন্ধযুক্ত বৰফ খাব নালাগে- এইবোৰ দূষিত পানীতে তৈয়াৰ কৰাও হব পাৰে। ভালদৰে সিঁজোৱা খাদ্য ধোৱাঁ ওলাই থকা অৱস্থাত গৰমে গৰমে খাব লাগে। যিবোৰ কেঁচাই খাব পৰা শাক-পাচলি বা ফল-মূলৰ বাকলি গুচাব নোৱাৰি সেইবোৰ নোখোৱাই ভাল। যেনে, লেটছু জাতীয় পাঁচলি, যিবোৰ ভালদৰে ধুই পৰিস্কাৰ কৰিব নোৱাৰি। সহজে দূষিত হব পাৰে। কেঁচাই খোৱা আৰু বাকলি গুচাব পৰা ফল-মূল বা চবজি নিজ হাতেৰে গুচাব লাগে।(বাকলি গুচোৱাৰ আগতে চাবোনেৰে ভালদৰে হাত ধুই লব লাগে।) বাকলি কেতিয়াও খাব নালাগে। পৰিস্কাৰকৈ নোথোৱা ঠাই/দোকানৰ পৰা কোনো খাদ্য আৰু পানীয় খাব নালাগে। প্ৰতিষেধক ভেকচিন ল’বলৈ পাহৰিব নালাগে। কিছু বছৰৰ পাছত টাইফয়েডৰ ভেকচিনৰ কাৰ্য্যকাৰীতা নোহোৱা হৈ পৰে। যদি আগতে ভেকচিন লোৱা হৈছিল তেন্তে চিকিত্সকৰ লগত পৰামৰ্শ কৰি কেতিয়া বুষ্টাৰ ভেকচিন লব লাগিব সেইটো জানি লব লাগে। এণ্টিবায়টিক ঔষধে টাইফয়েড প্ৰতিৰোধ নকৰে ই চিকিত্সাত সহায়হে কৰে। ভেকচিন কেনেকৈ পালি মাজৰ সময় ব্যৱধান কাৰ্য্যকৰী হবলৈ লগা সময় বয়স বুষ্টাৰৰ ব্যৱধান Ty21a ১ কেপচুল মুখেৰে ৪ ২ দিন ২ সপ্তাহ ৬ বছৰ ৫ বছৰ ViCPS বেজী ১ N/A ২ সপ্তাহ ২ বছৰ ২ বছৰ উত্স: আইএনডিজি দল।