মাটিত বাস কৰা এবিধ বেক্টেৰিয়াই মানুহৰ দেহৰ কটা ঘাঁৰ মাজেৰে সংক্ৰমিত হৈ টিটেনাছ বা ধনুষ্টংকাৰ ৰোগ বিয়পায়। ক্লষ্টিডিয়াম টিটেনাই নামৰ এই ভাইৰাছবিধ অতি কষ্টসহিষ্ণু জীৱ আৰু এইবোৰে মাটিত স্প’ৰ বা জীৱবীজ হিচাপে বহু বছৰলৈ জীয়াই থাকিব পাৰে। দেহত থকা ঘাঁত এই বেক্টেৰিয়াৰ জীৱবীজবোৰ লাগিলে তাৰ পৰা মানুহৰ টিটেনাছ হয়। ইয়াৰ পিছত জীৱবীজবোৰ সক্ৰিয় হৈ উঠে আৰু গ্ৰাম পজেটিভ বেক্টেৰীয়ালৈ ৰূপান্তৰ হয়- যিয়ে বংশবৃদ্ধি কৰে আৰু এক প্ৰকাৰৰ তীব্ৰ বিষাক্ত পদাৰ্থৰ সৃষ্টি কৰে। এই বিষাক্ত পদাৰ্থই মাংসপেশীবোৰৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। টিটেনাছৰ জীৱবীজ প্ৰকৄতিৰ সকলোতে পোৱা যায়। সাধাৰণতে মাটি, ধুলি আৰু জন্তুৰ মলত। যিকোনো ধৰণৰ ক্ষত বা ফুটা অংশৰে মানুহৰ দেহত এই বেক্টেৰীয়া সোমাব পাৰে। যেনে, নখৰ আচোৰ, কাঠ-বাহৰ চোঁছে আঁচোৰা, পোকে কামোৰা, পোৰা আদি ধৰণৰ ছালৰ যিকোনো কটা অংশ। এইৰোগ চাৰিধৰণৰ দেখা দিব পাৰে সাৰ্বজনীন টিটেনাছে দেহৰ কংকাল সম্বন্ধিয় সকলো পেশীকে ক্ষতি কৰিব পাৰে। চাৰিটা ধৰণৰ ভিতৰত এইটোৱেই সাধাৰণতে বেছিকৈ হোৱা দেখা যায় আৰু ই বৰ তীব্ৰ ৰূপ ধাৰণ কৰে। স্থানীয় টেটেনাছে সংক্ৰমিত হোৱা ঘাঁডোখৰৰ ওচৰে পাজৰে থকা পেশীবোৰৰ ক্ষতি কৰে। চেফালিক টিটেনাছে প্ৰাথমিক ভাৱে মূৰ বা কাণত সংক্ৰমণ হোৱাৰ পাছত দ্ৰুত গতিত (এদিন বা দুদিনৰ ভিতৰত) মুখমণ্ডলৰ এটা বা একাধিক টিছুক ক্ষতি কৰে। নবজাতক টিটেনাছ সাৰ্বজনীন টিটেনাছৰ দৰেই-কেৱল এই ধৰণৰ টিটেনাছ এমাহত কৈ কম বয়সক শিশুৰ মাজত দেখা যায়। উন্নত দেশবোৰত এই ৰোগ বিৰল। টিটেনাছৰ কাৰণ ক্লষ্টিডিয়াম টিটেনাই নামৰ বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হয়। এইবিধ বেক্টেৰিয়া দুই ধৰণে পোৱা যায়। জীৱবীজ আৰু সক্ৰিয় কোষ। সক্ৰিয় কোষবোৰ বৃদ্ধি হব পাৰে। জীৱবীজবোৰ মাটি, ধুলি আৰু জন্তুৰ মলত থাকে। এইবোৰে বহু বছৰলৈ জীয়াই থাকিব পাৰে। অত্যাধিক উত্তাপো এইবোৰে সহ্য কৰিব পাৰে। এই জীৱবীজবোৰে মানুহৰ দেহৰ ক্ষত স্থানবোৰৰ যোগেৰে সোমায়। ইয়াৰ পাছত জীৱবীজ বোৰ অংকুৰিত হৈ সক্ৰিয় বেক্টেৰিয়া কোষলৈ পৰিণত হ’লে ব্যক্তিৰ টিটেনাছ ৰোগ হয়। এই সক্ৰিয় বেক্টেৰিয়াৰ কোষবোৰে দুবিধ বিষাক্ত দ্ৰব্য (একজটক্সিন) নিস্তাৰিত কৰে। এই দুবিধ হ’ল টেটান’লাইচিন আৰু টেটানস্পাছমিন। টেটান’লাইচিনৰ কাৰ্য্যকৰীতা এতিয়াও জানিব পৰা হোৱা নাই। টেটানস্পাছমিনৰ ফলতেই টিটেনাছ ৰোগ হয়। ছালৰ যিকোনো ধৰণৰ কঁটা ছিঙা, সৰু-সুৰা আঘাট, শুলে বিন্ধা, ছাল এৰি যোৱা আদি সাধাৰণ ঘটনাৰ পৰাই ৰোগটো হব পাৰে। টিটেনাছ হব পৰা আন আঘাট বোৰৰ ভিতৰত আছে: অপাৰেচন। থেতেলা খোৱা। ফোড়া। প্ৰসৱ, আৰু নিছাযুক্ত দ্ৰব্য (ড্ৰাগছ) সেৱন (বেজীৰে ড্ৰাগছ গ্ৰহণ কৰা অংশ)। যিবোৰ আঘাটত স্থানত প্ৰানহীন (মৃত)কোষ থাকে (পোৰা, থেতেলা খোৱা) বা বাহিৰা বস্তু যেনে, বোকা, ধুলি আদি লেতেৰা বস্তু থাকে তেনে ঘাঁত টিটেনাছ সোঁচৰা সম্ভাৱনা অতি বেছি। যিসকল লোকে টিটেনাছ প্ৰতিষেধক লোৱা নাই বা যিসকলে পৰবৰ্তি টিটেনাছ প্ৰতিষেধক বুষ্টাৰ ড’জ লোৱা নাই-তেনে লোকৰ টিটেনাছ হব পাৰে। টিটেনাছৰ লক্ষণ সাৰ্বজনীন টিটেনাছৰ ক্ষেত্ৰত আক্ৰান্ত ব্যক্তিৰ প্ৰথম এনেবোৰ অভিযোগ থাকিব পাৰে: খিংখিঙিয়া ভাৱ, পেশী টানি ধৰা, মাংশপেশীৰ বিষ, দূৰ্বলতা, খাদ্য গিলোতে অসুবিধা। সাধাৰণতে মুখৰ পেশীবোৰত প্ৰথমে প্ৰভাৱ পৰে। ট্ৰিছ’মাছ বা মুখৰ কুঁৱাৰি লৰাব নোৱাৰা হোৱাটো সাধাৰণতেই দেখা যায়। চোবোৱা কাৰ্য্যত ব্যৱহাৰ হোৱা কুঁৱাৰি পেশীবোৰৰ শিৰামূৰি ধৰাৰ ফলত এনে হবলৈ পায়। পেশীৰ শিৰামূৰি ধৰাটো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে। লাহে লাহে পিঠিখন বেকাঁ ভাজ লোৱা ধৰণৰ হব পাৰে। ইয়াৰ ফলত হাড় ভঙাৰ লগতে যোৰাবোৰ এৰি যোৱাৰ সম্ভাৱনা থাকে। কণ্ঠ নলী আৰু শ্বাস প্ৰশ্বাসৰ লগত জড়িত পেশীৰ শিৰামূৰি ধৰিলে ৰোগীৰ অৱস্থা সাংঘাটিক ভাৱে জটিল হৈ পৰিব পাৰে। চেফালিক টিটেনাছৰ বেলিকা দাঁতৰ কুঁৱাৰি লৰাব নোৱাৰা হোৱাৰ উপৰি মুখমণ্ডলৰ কমেও এবিধ পেশী দূৰ্বল হৈ পৰে। ইয়াৰ ভিতৰত তিনিভাগৰ দুই অংশৰ ক্ষেত্ৰত সাৰ্বজনীন টিটেনাছলৈ পৰিবৰ্তিত হয়। স্থানীয় টিটেনাছত পেশীৰ শিৰামূৰি ধৰাটো আঘাটৰ ওচৰৰ ঠাইত হোৱা দেখা যায়। এই অৱস্থাও সাৰ্বজনীন টিটেনাছলৈ গতি কৰিব পাৰে। নবজাতকৰ টিটেনাছ সাৰ্বজনীন টিটেনাছৰ দৰেই। কেৱল ই কেঁচুৱাৰ হয়। এনে ক্ষেত্ৰত কেঁচুৱা অনবৰতে অস্থিৰ হৈ থাকে। ভালদৰে গাখীৰ শুহিব নোৱাৰে আৰু গিলোতেও কষ্ট পায়। টিটেনাছৰ প্ৰতিৰোধ টিটেনাছ সক্ৰিয় আৰু কাৰ্য্যকৰীভাৱে প্ৰতিষেধক প্ৰয়োগেৰে সম্পূৰ্ণভাৱে প্ৰতিৰোধ কৰিব পাৰি। ১৯২০ চনত আবিষ্কাৰ হোৱা টিটেনাছ টক্সাইড আজিলৈকে প্ৰমাণিত নিৰাপদ প্ৰতিষেধক। টিটেনাছ টক্সাইডত নিষ্ক্ৰিয় টিটেনাছ বিষ থাকে। ৰাসায়নিক পদাৰ্থ বা তাপ প্ৰয়োগ কৰি ইয়াৰ বিষাক্ততা কম কৰি পেলোৱা হয়। কিন্তু এণ্টিজেনৰ ক্ষমতা ঠিকে ৰখা হয়। টিটেনাছ টক্সাইড একক ভাৱেও পোৱা যায় নতুবা তিনিটা ৰোগৰ প্ৰতিষেধক ৰূপতো পোৱা যায়। ইয়াক ডিফথেৰিয়া, টক্সাইড আৰু হুপিংকাহৰ লগত একেলগেও (DTP) পোৱা যায়। যিটো প্ৰাথমিক প্ৰতিষেধক হিচাপে শিশুসকলক দিব লাগে। অথবা কম পৰিমাণৰ ডিফথেৰিয়া টক্সাইডৰ লগত (Td) পোৱা যায়-যিটো বয়স্ক আৰু শিশুসকলক প্ৰতিষেধক হিচাপে প্ৰদান কৰা হয়। প্ৰাথমিক প্ৰতিষেধক হিচাপে প্ৰাপ্তবয়স্কসকলক ৪ৰ পৰা ৬ সপ্তাহৰ ব্যৱধানত টিটেনাছ টক্সাইডৰ দুপালি দিয়া হয়। তৃতীয় পালি ৬ৰ পৰা ১২ মাহৰ ভিতৰত দিব লাগে। প্ৰতি ১০ বছৰৰ অন্তৰে অন্তৰে ইয়াৰ বুষ্টাৰ ড’জ দিব লাগে যাতে শৰীৰত প্ৰতিৰোধক বিষনাশকৰ পৰিমাণ নিশ্চিত কৰিব পৰা যায়। ৫০ বছৰ আৰু তাতোকৈ বেছি বয়সৰ লোকসকলক প্ৰতিৰোধক দিয়াৰ বাবে পৰামৰ্শ দিয়া হয়। কাৰণ যোৱা কেইবছৰ মানৰ পৰা এই বয়সৰ লোকসকলৰ মাজত বেছিকৈ টিটেনাছ হোৱাটো পৰিলক্ষিত হৈছে। যিসকল লোকৰ ক্ষেত্ৰত টিটেনাছ প্ৰতিষেধক অতি প্ৰয়োজন; সেইসকল হ’ল- যিসকলে প্ৰথম বুষ্টাৰ ড’জ সম্পূৰ্ণ কৰিছেনে নাই সন্দেহ থাকে। গৰম আৰু আৰ্দ্ৰ পৰিৱেশৰ দেশ ভ্ৰমণ কৰিলে। কৃষক, যিয়ে ধুলি মাটি আৰু সাৰৰ লগতে বেছি সময় কটায়। যাৰ কৰ্মক্ষেত্ৰত সাধাৰণতে কঁটা বা চোঁচৰা খোৱাৰ সম্ভাৱনা বেছি। যিসকল গৰ্ভৱতী মহিলাই প্ৰতিষেধক লোৱা নাই বা ড’জ সম্পূৰ্ণ কৰা নাই বা যিসকলৰ প্ৰসৱ অপৰিস্কাৰ পৰিৱেশত হৈছে। প্ৰতিষেধক দিয়াৰ পাছত ৰোগৰ এণ্টিবডিবোৰে ফুলৰ মাধ্যমেৰে ভ্ৰুণলৈ যায়। উৎস: আইএনডিজি দল।