চুৱাইন ফ্লু কি? চুৱাইন ফ্লু গাহৰিৰ শ্বাসতন্ত্ৰত হোৱা এবিধ ৰোগ। এই ৰোগ ভাইৰাছৰ পৰা হয়। গাহৰিৰ মাজত এই ৰোগ প্ৰায়েই হৈ থাকে। সাধাৰণতে মানুহৰ মাজত এই ৰোগ নহয় যদিও মানুহো এই ভাইৰাছৰদ্বাৰা সংক্ৰমিত হব পাৰে আৰু হয়। চুৱাইন ফ্লুৰ ভাইৰাছ মানুহৰদ্বাৰা বিয়পি পৰাৰ বাতৰি পোৱা গৈছে- কিন্তু অতীতত এনে সংক্ৰমণ তিনিজন ব্যক্তিৰ মাজতে সীমাবদ্ধ আছিল। ২০০৯ চনৰ মাৰ্চৰ শেষ আৰু এপ্ৰিলৰ প্ৰথম ভাগত মানুহৰ মাজত চুৱাইন ফ্লুৰ ভাইৰাছ (H1N1) সংক্ৰমণৰ প্ৰথম খবৰ পোৱা গৈছিল। এই ঘটনা ঘটিছিল দক্ষিণ কেলিফৰ্নিয়া আৰু চান এন্টনিঅৰ কাষৰ টেক্সচত। আমেৰিকা আৰু বিশ্বৰ আন আন দেশৰ পৰাও চুৱাইন ফ্লুৰ সংক্ৰমণ মানুহৰ দেহত পোৱাৰ খবৰ আহিছিল। চুৱাইন ফ্লুৰ চিকিত্সাৰ বাবে চৰকাৰে কৰ্তিত্ব প্ৰদান কৰা চিকিত্সালয় চুৱাইন ফ্লু মানুহৰ দেহত সংক্ৰমণ হোৱাৰ লক্ষণ আৰু উপসৰ্গবোৰ কি? চুৱাইন ফ্লুৰ লক্ষণবোৰ সাধাৰণ ফ্লুৰ দৰেই মানুহৰ গাত দেখা দিয়ে। ইয়াৰ লক্ষণবোৰ হ’ল- জ্বৰ, কাঁহ, মাত বহি যোৱা, গাৰ বিষ, মূৰৰ বিষ, ঠাণ্ডা লগা আৰু ভাগৰুৱা বোধ কৰা। চুৱাইন ফ্লু হোৱা কিছুমান লোকৰ ডায়েৰিয়া আৰু বমিও হব পাৰে। আগতে চুৱাইন ফ্লু সংক্ৰমিত লোকৰ জটিল অৱস্থা (নিউমনিয়া আৰু উশাহ বন্ধ হোৱা) হৈ মৃত্যুও হৈছিল। আন সাধাৰণ ফ্লুৰ দৰে চুৱাইন ফ্লু দীৰ্ঘম্যাদী হ’লে, ৰোগীৰ জটিল অৱস্থাৰ সৃষ্টি হব পাৰে। ফ্লুৰ ভাইৰাছ সাধাৰণতে আক্ৰান্ত ব্যক্তিৰ কাঁহ আৰু হাঁছিৰ যোগেৰে বিয়পি পৰে। কেতিয়াবা ফ্লুৰ ভাইৰাছ থকা লোকৰ শৰীৰ বা আন কিছু বস্তু স্পৰ্শ কৰি হাতেৰে নাক বা মুখ স্পৰ্শ কৰিলে এই ৰোগ সংক্ৰমিত হব পাৰে। ফ্লু'ত আক্ৰান্ত এজন ব্যক্তিয়ে কিদৰে আন এজনক সংক্ৰমিত কৰিব পাৰে? উপসৰ্গ দেখা দিয়াৰ এদিন আগৰে পৰা অসুস্থ হোৱাৰ ৭ দিন বা তাতোকৈ বেছিদিন পিছলৈ আক্ৰান্ত ব্যক্তিৰ দ্বাৰা আন ব্যক্তিৰ গালৈ সংক্ৰমণ ঘটাব পাৰে। অৰ্থাত্ আক্ৰান্ত ব্যক্তিয়ে ৰোগ হৈছে বুলি নিজে জনাৰ আগতেই আনৰ গালৈও এই ৰোগ বিয়পাব পাৰে। ফ্লু নহবলৈ কি কৰিব লাগে? প্ৰথম আৰু অতি প্ৰয়োজনীয় কথা হ’ল, হাত ভালদৰে ধুৱা। সাধাৰণ সুস্বাস্থ্য বজাই ৰাখিব লাগে। ভালদৰে বেছি সময় শুব লাগে। শাৰিৰীকভাৱে সক্ৰিয় হৈ থাকিব লাগে। মানসিক হেঁচাৰ পৰা আঁতৰি থাকিব লাগে। যথেষ্ট পৰিমাণে পনীয়া আহাৰ আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে। ফ্লুৰ ভাইৰাছ থকা বুলি সন্দেহ হোৱা কোনো বস্তু স্পৰ্শ কৰিব নালাগে। ৰুগীয়া লোকৰ লগত ওচৰ সম্পৰ্ক ৰক্ষা কৰি চলিব নালাগে। ৰোগাক্ৰান্ত নহবলৈ কি কৰিব পৰা যায়? চুৱাইন ফ্লুৰ প্ৰতিৰোধ কৰিবলৈ বৰ্তমানলৈ কোনো ধৰণৰ ভেকচিন আবিস্কাৰ হোৱা নাই। দৈনন্দিন কিছুমান অভ্যাস পালন কৰি শ্বাসতন্ত্ৰজনিত ইনফ্লুয়েঞ্জাৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়। নিজৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ প্ৰতিদিনে তলত উল্লেখ কৰা পদক্ষেপ লব পৰা যায়: কাঁহ আৰু হাঁচি মৰাৰ সময়ত টিছু পেপাৰ বা কাপোৰেৰে নাক মুখ ধাকি লব লাগে। বাৰে বাৰে, সঘনাই, চাবোন আৰু পৰিস্কাৰ পানীৰে হাত ধুব লাগে। বিশেষকৈ কাঁহ আৰু হাঁচি মৰাৰ পাছত। এলকহল থকা হাত ধোৱা দ্ৰব্ণ বেছি কাৰ্য্যকৰী হয়। চকু, নাক, মুখ আদি অতি প্ৰয়োজন নহলে স্পৰ্শ কৰিব নালাগে। কাৰণ ভাইৰাছ এনে স্পৰ্শৰ দ্বাৰাও সংক্ৰমিত হব পাৰে। ৰোগীয়া লোকৰ কাষৰ পৰা পৰাপক্ষত আঁতৰি থাকিব লাগে। যদি কোনো ব্যক্তি ফ্লুৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে, বিদ্যালয়, কাৰ্য্যালয় আদিলৈ নগৈ ঘৰতে থকা উচিত। পৰাপক্ষত আন ব্যক্তিৰ লগত সম্পৰ্ক নৰখাই ভাল, কাৰণ ইয়াৰ দ্বাৰা আন ব্যক্তিৰ দেহলৈ ভাইৰাছ বিয়পিব পাৰে। কাঁহ আৰু হাঁচিৰ দ্বাৰা ভাইৰাছ নিবিয়পিবলৈ কি কৰিব লাগে? ৰোগাক্ৰান্ত ব্যক্তি স্কুল-কলেজ বা কাৰ্য্যালয়লৈ যাব নালাগে। পৰাপক্ষত আন লোকৰ সৈতে সীমিত সম্পৰ্ক ৰখা উচিত। হাঁচি আৰু কাঁহ মৰাৰ সময়ত মুখ, নাক ধকাকৈ টিছু পেপাৰ বা কাপোৰ লব লাগে। এনে কৰাৰ ফলত ৰোগাক্ৰান্ত ব্যক্তিৰ ওচৰে পাজৰে থকা লোকসকলক সংক্ৰমণৰপৰা ৰক্ষা কৰিব পৰা যায়। ব্যৱহাৰ কৰা টিছু পেপাৰ বেয়া সামগ্ৰী পেলোৱা বাকচত পেলাব লাগে। টিছু পেপাৰ নাথাকিলে হাতেৰেও মুখ আৰু নাক ধাকিব পৰা যায়। এই ক্ষেত্ৰত প্ৰতিবাৰ কাঁহ বা হাঁচিওৱাৰ পাছত চাবোনেৰে ভালদৰে হাত ধুই পেলাব লাগে। ফ্লু নহবলৈ হাত ধোৱাৰ আটাইতকৈ উত্তম পদ্ধতিটো কি? বাৰে বাৰে, সঘনাই হাত ধুলে বিজাণুৰ পৰা ৰক্ষা পাব পাৰি। হাত সদায় পৰিস্কাৰ পানী আৰু চাবোনেৰে ভালদৰে ধুব লাগে। এলকহল থকা হাত ধোৱা পদাৰ্থও ব্যৱহাৰ কৰিব পৰা যায়। চাবোনেৰে হাত ধুওঁতে কুহুমীয়া পানী লৈ কমেও ১৫-২০ চেকেণ্ড সময়ৰ বাবে চাবোন ঘঁহিব লাগে। যদি চাবোন আৰু পানী নাথাকে তেতিয়া এলকহল থকা এবাৰ ব্যৱহাৰ কৰি পেলাই দিব পৰা টিছু পেপাৰ বা জেল চেনিটাইজাৰ ব্যৱহাৰ কৰিব পৰা যায়। কিছুমান দোকান আৰু ঔষধৰ দোকানত এইবোৰ সামগ্ৰী কিনিবলৈ পোৱা যায়। জেল ব্যৱহাৰ কৰিলে জেলবোৰ হাতত শুকাই নোযোৱা পৰ্য্যন্ত ঘঁহি থাকিব লাগে। জেল ঘঁহিলে পানীৰ প্ৰয়োজন নাই। ইয়াত থকা এলকহলে হাতৰ বিজাণুবোৰ মাৰি পেলায়। কোনো ব্যক্তি অসুস্থ হ’লে আৰু তলত দিয়া লক্ষণবোৰে দেখা দিলে অনতি পলমে চিকিত্সাৰ প্ৰয়োজন হব। শিশুবোৰৰ মাজত এই লক্ষণবোৰে দেখা দিলে অনতি পলমে চিকিত্সা কৰিব লাগে: শ্বাস দ্ৰুত হোৱা আৰু উশাহ লওঁতে কষ্ট পোৱা। ছালৰ বৰণ নীলাভ হ’লে। প্ৰয়োজনীয় পানী গ্ৰহণ নকৰিলে। টোপনীৰ পৰা নুঠা বা হাঁহি মাতি নথকা। শিশুটিক ধৰিলে বা কোঁচত ল’লে বিৰক্ত হোৱা। ফ্লুৰ লক্ষণবোৰ কমি গলেও জ্বৰ আৰু ভিষণভাৱে কাঁহ। জ্বৰৰ লগতে গাত গুটি ওলোৱা। বয়স্কসকলৰ মাজত এনে লক্ষণ দেখা দিলে জৰুৰীভাৱে চিকিত্সা কৰোৱাৰ প্ৰয়োজন: উশাহ চুটি হোৱা আৰু উশাহ লওঁতে কষ্ট পোৱা। বুকুত বা পেটত বিষ বা হেঁচা মাৰি ধৰা। হঠাত্ মূৰ ঘুৰোৱা। মনত খেলি-মেলি ভাৱ। খুব বেছিকৈ বা ঘনাই বমি হৈ থকা। কৰিব আৰু নকৰিব লগা কৰিব লগা কাঁহোতে বা হাঁচিয়াওতে নাক আৰু মুখ ৰুমাল বা টিছু পেপাৰেৰে ঢাকিব লাগে। কাঁহ আৰু হাঁচিওৱাৰ পাছত প্ৰতিবাৰেই হাত দুখন চাবোনেৰে ভালদৰে ধুব লাগে। নাক, মুখ, চকু আদি স্পৰ্শৰ আগত আৰু পাছতো এনেদৰে হাত ধুব লাগে। মানুহৰ ভিৰ থকা ঠাইৰ পৰা পৰাপক্ষত আঁতৰি থাকিব লাগে। ফ্লুৰ দৰে সংক্ৰমণ হ’লে ঘৰতে থাকিব লাগে। কাঁহ, নাকেৰে পানী ওলোৱা, হাঁচিওৱা, জ্বৰ আদি ধৰণৰ ইনফ্লুৱেঞ্জা লক্ষণ থকা লোকৰ পৰা কমেও এহাত দূৰৈত থাকিব লাগে। কৰ্মদক্ষ হৈ থাকিব লাগে আৰু মানসিক হেঁচা সহ্য কৰিবলৈ চেষ্টা কৰিব লাগে। ভালদৰে শুৱ লাগে। যথেষ্ট পৰিমাণে পানী আৰু পুষ্টিকৰ আহাৰ খাব লাগে। নকৰিব লগা হাত মিলোৱা, সাৱতি ধৰা, সামাজিক চুম্বন আৰু আন অভিনন্দনমূলক স্পৰ্শ। চিকিত্সকৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ খোৱা। য’তে ত’তে থু পেলোৱা। শিশুক এছপিৰিন দিয়া। উত্স: চিডিচি