আন নাম: ৰুবেলা কাৰক: ভাইৰাছ লক্ষণ মিজিলচ এবিধ অতি সহজে সোঁচৰা শ্বাসতন্ত্ৰৰ সংক্ৰমণ। ফ্লুৰ দৰে লক্ষণ আৰু উপসৰ্গই দেখা দিয়ে। জ্বৰ, কাঁহ, চকু চলচলীয়া হোৱা আৰু ৰঙা পৰা, নাকেৰে পানী ওলাই থকা। মুখৰ ভিতৰত কিছুমান ৰঙা ৰঙা দাগ দেখা দিয়ে। ইয়াৰ মাজভাগ বগা নীলা বৰণৰ হয়। গোটেই শৰীৰত চকলা চকল ঘাঁ হয়। সংবহন অতিশয় সোঁচৰা মিজিলছ ভাইৰাছ ৰোগীৰ কাঁহ আৰু হাঁচিৰ দ্বাৰা বিয়পে, নাক আৰু ডিঙিৰ পৰা ওলোৱা পদাৰ্থৰ সংস্পৰ্শলৈ আহিলেও এই ৰোগ হয়। এই ভাইৰাছ বিধ বায়ু আৰু সংক্ৰমিত ঠাইত, মুকলি পৰিবেশত দুঘন্টালৈকে সক্ৰিয় আৰু সংক্ৰামক হৈ থাকে। শৰীৰত চকলা চকল লক্ষণে দেখা দিয়াৰ ৪ দিন আগত আৰু পাছত আক্ৰান্ত ব্যক্তিৰ দ্বাৰা এইৰোগ বিয়পিব পাৰে। কেইটামান কিটিপ চিকিত্সকৰ লগত পৰামৰ্শ কৰি ভেকচিন লব লাগে। কম বয়সীয়া আৰু অপৰিপুষ্টিত ভোগা শিশুৰ এই ৰোগত মৃত্যুও হব পাৰে। উত্স: আইএনডিজি দল।