এই ৰোগত এবিধ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমণ হোৱাৰ ফলত ডিঙি আৰু নাকত প্ৰভাৱ পেলায়। ২ বছৰতকৈ কম বয়সৰ শিশুৰ শ্বাসনলীত আক্ৰমণ কৰে। এই ৰোগৰ নাম এই কাৰণেই হুপিং ৰখা হ’ল যে, আক্ৰান্ত ব্যক্তিয়ে উশাহ লওঁতে হুপ হুপ শব্দ কৰে। কাৰণ বৰ্ডেটেলা পাৰটুছিছ নামৰ বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হয়। এই ৰোগ আক্ৰান্ত ব্যক্তিৰ কাঁহ আৰু হাঁচিৰ ফলত উত্পন্ন হোৱা ৰেম্পিৰেটৰী ড্ৰপলেটৰ দ্বাৰা আন লোকলৈ সংক্ৰমিত হয়। এই বেক্টেৰিয়া আক্ৰান্ত ব্যক্তিৰ শৰীৰৰ পৰা নিঃসৰিত পদাৰ্থ যেনে নাকৰ পানীৰ স্পৰ্শৰ দ্বাৰাও বিয়পিব পাৰে। উপসৰ্গ বেক্টেৰিয়া সংক্ৰমণ হোৱাৰ ৭-১৭ দিনৰ ভিতৰত উপসৰ্গবোৰে দেখা দিয়ে। ২ বছৰৰ তলৰ শিশুবোৰৰ উপসৰ্গ চকুত পৰা ধৰণৰ। উপসৰ্গবোৰ ৬ সপ্তাহলৈকে থাকে আৰু এইবোৰত তিনিটা স্তৰত ভগাব পাৰি। স্তৰ ১: উপসৰ্গবোৰৰ ভিতৰত থাকে-হাঁচিওৱা, চকু চলচলীয়া হোৱা, নাকেৰে পানী বৈ থকা, আভোক, শক্তিহীনতা, আৰু নিশা কাঁহ হোৱা। স্তৰ ২: একেলেঠাৰিয়ে কাঁহ হোৱা আৰু কাঁহৰ পাছত উশাহ লব বিচাৰিলে হুপ শব্দ হোৱা। স্তৰ ৩: আৰোগ্যৰ স্তৰ। লাহে লাহে কাঁহ কমি আহে। প্ৰায় ৪ সপ্তাহৰ পাছত এই স্তৰ আৰম্ভ হয়। কম বয়সীয়া লোকৰ ২ সপ্তাহতকৈ বেছি দিন ধৰি কাঁহ হৈ থাকিলে হুপিং কাঁহ হব পাৰে। প্ৰতিৰোধ পাৰটুছিছ প্ৰতিষেধকৰ বাবে সকলো শিশুকে পৰামৰ্শ দিয়া হয়। এই প্ৰতিষেধক ডিফথেৰিয়া আৰু টিটেনাছৰ প্ৰতিষেধকৰ লগত একেলগে পোৱা যায় (DTP)। আগতে এই সংক্ৰমণ হ’লে বা ভেকচিন ল’লেও জীৱনৰ বাবে প্ৰতিৰোধৰ কাম নকৰে। বুষ্টাৰ ড’জ ৬ বছৰ বয়সৰ পাছত দিবলৈ পৰামৰ্শ দিয়া নহয়। যদিহে সংক্ৰমণ মহামাৰী ৰূপ নলয়। উত্স: আইএনডিজি দল।