এই ৰোগত ডিঙি, মুখ, ছাল আৰু হাওঁফাওঁৰ সংক্ৰমণ হয়। কাৰণ কৰ্ণিবেক্টেৰিয়াম ডিফথেৰিয়া নামৰ বেক্টেৰিয়াই এই ৰোগৰ কাৰণ। এই বেক্টেৰিয়া শ্লেমাৰৰ দ্বাৰা এজনৰ পৰা আনজনৰ শৰীৰলৈ বিয়পে। এই বেক্টেৰিয়াই এবিধ বিষাক্ত পদাৰ্থৰ সৃষ্টি কৰে যিয়ে হূদযন্ত্ৰৰ পেশীৰ প্ৰদাহ আৰু স্নায়ুৰ ক্ষতি কৰে। লক্ষণ নাকেৰে পানী ওলাই থকা। ডিঙিৰ বিষ। জ্বৰ। গা বেয়া লগা। প্ৰতিৰোধ শিশুবোৰক ডিফথেৰিয়া ভেকচিন DPT ৰ জৰিয়তে দিব লাগে। বিষদ জানিবলৈ শিশুৰ প্ৰতিষেধক সূচী চাওঁক। যদি শিশুৰ ডিফথেৰিয়া হোৱা বুলি সন্দেহ হয় অতি শীঘ্ৰে চিকিত্সকক দেখুৱাব লাগে। ই প্ৰানহানীকাৰক ৰোগ। উত্স: আইএনডিজি দল।