লক্ষণ বহুদিনৰ পৰা লাগি থকা কাঁহ। কাঁহৰ লগত তেজ যোৱা। দূৰ্বলতা। ৰক্তহীনতা। অৰুচি ভাৱ। ঋতুস্ৰাৱ বন্ধ হোৱা। জ্বৰ হোৱা। ওজন কমি যোৱা। ৰাতি শৰীৰৰ পৰা ঘাম ওলোৱা আদি হ’ল যক্ষ্মাৰোগৰ লক্ষণ। চিকিৎসা প্ৰতিদিনে কেঁচা পিয়াঁজ তিনিটামান খাওঁক। নিয়মিতভাৱে মানিমুনি শাক খাওঁক। মহালক্ষ্মীবিলাসৰ ৰস ২০০ মি:গ্ৰাম মৌৰ লগত মিহলাই দিনে তিনিবাৰকৈ সেৱন কৰক। ভীম কলৰ পাতৰ সৰ ১৫ মি:লি: আৰু মৌ দহ গ্ৰাম মিহলাই খাওঁক। পিপলিৰ গুড়ি মৌৰ লগত খোৱা উচিত। প্ৰতিদিনে স্বৰ্ণমালতী ৰস খাওঁক দহ গ্ৰাম গাখীৰৰ লগত এফোটা নহৰু বটি এমাহমান খাওঁক। গাখীৰত কোমোৰাৰ ৰস চেপি খালে যক্ষ্মা ৰোগৰ উপশম ঘটে। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।