ভৰিৰ গেৰুৱা ফটাতো এটা সৌন্দৰ্য্য সংক্ৰান্তিয় সাধাৰণ সমস্যা৷ ই বিৰক্তিকৰ অৱস্থাত পেলাব পাৰে৷ পিছে ইয়াৰপৰা কেতিয়াবা ডাঙৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হ’ব পাৰে৷ সাধাৰণতে গেৰুৱাৰ বাহিৰফালৰ ছাল টান, ডাঠ আৰু শুকাই গৈ এৰাই যায়৷ ইয়াকেই গেৰুৱা ফটা বোলা হয়৷ কেতিয়াবা কম বেছি পৰিমাণে বিষ হোৱাৰ লগতে তেজো ওলাব পাৰে৷ এইটো এটা সাধাৰণ সমস্যা৷ ছাল শুকাই গ’লেই (জেৰ’ছিছ) এনে হয়৷ গেৰুৱাৰ বাহিৰৰ অংশটোৰ ছাল বেছি ডাঠ হৈ গ’লে এই সমস্যাটো বেছিকৈ হয়৷ কাৰণ যিকোনো লোকৰেই গেৰুৱা ফাটিব পাৰে, কিন্তু সম্ভাৱনা বেছি থকা কাৰণবোৰ: শুকান জলবায়ুৰ পৰিৱেশত বসবাস কৰা। শৰীৰ শকত আৰু ওজন বৃদ্ধি। একেৰাহে খালি ভৰিৰে খোজ কঢ়া বা গেৰুৱা ওলাই থকা চেণ্ডেল, জোতা পিন্ধা। ঘাঁমগ্ৰন্থিৰ নিষ্ক্রিয়তা। ভৰিৰ আন আন সমস্যাৰ দৰে ভৰি ফটাৰ চিকিত্সা নকৰাকৈ থাকিলে ই দ’ আৰু সংক্ৰমিত হব পাৰে। যিসকল লোকৰ ডায়েবেটিছ বা ৰোগ প্ৰতিৰোধ সংক্ৰান্তিয় কিবা সমস্যা আছে, তেনে লোকৰ বাবে ই ভয়াবহ হৈ উঠিব পাৰে৷ চিকিত্সা আৰু প্ৰতিৰোধ নিয়মীয়াকৈ মইছাৰাইজাৰ লগাই থাকিলে গেৰুৱা ফটা ৰোধ কৰিব পৰা যায়৷ প্ৰথম দেখা দিয়াৰ লগে লগে পিউমিছ শিলেৰে ডাঠ ছাল আৰু ফটা অংশ সদাই লাহে লাহে ঘঁহি নোহোৱা কৰিব পৰা যায়৷ খালি ভৰি, গেৰুৱা ওলাই থকা, পাতল শ্বুল থকা চেণ্ডেল বা জোতা পিন্ধি খোজ কাঢ়িব নালাগে৷ কোমল শ্বুলৰ জোতা পিন্ধিলে গেৰুৱা ফটা নিয়ন্ত্ৰণলৈ আহে৷ সদাই দুবাৰ মইছাৰাইজাৰ ঘঁহিব লাগে৷ নিশা শোৱাৰ সময়ত মইছাৰাইজাৰ কৰি মোজা পিন্ধিব লাগে৷ উৎস: আইএনডিজি দল।