চৌদিশে এতিয়া ফাগুনৰ পছোৱা বতাহ। ধুলিয়ৰি শুকান বতাহে স্বাভাৱিকতে ছাল কৰি তোলে শুকান, ৰুক্ষ। লগতে বতাহ লাগি চুলিও যথেষ্ট ফাটে। এনে অৱস্থাত আপুনি কিছু সাৱধানতা অৱলম্বন কৰি ছাল-চুলিৰ যতন ল’লেই হ’ল। এইকেইটা দিনত ছাল সতেজ হৈ থাকিবলৈ দৈনিক ভাল উন্নতমানৰ ময়শ্বাৰাইজাৰ ব্যৱহাৰ কৰিব। বিশেষকৈ পাতল ময়শ্বাৰাইজাৰ অধিক উপযোগী। তদুপৰি এইকেইটা দিনত খাদ্য তালিকাখনতো গুৰুত্ব দিয়া উচিত। সতেজ ফল-মূল, শাক-পাচলি আৰু প্ৰচুৰ পৰিমাণে পানী সেৱন কৰাটো অতি দৰকাৰী। প্ৰচুৰ পৰিমাণে পানী খালে ছাল সতেজ আৰু উজ্জ্বল হৈ উঠে। এইকেইটা দিনত খাদ্য তালিকাত কেপচিকাম, মাশ্বৰূম, ষ্ট্ৰ’বেৰী, বেলিফুলৰ গুটি, মিছা মাছ আদি খাব লাগে। এনে ধৰণৰ খাদ্যসমূহে শুকান বতৰত ছাললৈ সতেজতা কঢ়িয়াই আনে। উৎস: সম্ভাৰ।