শুকান বতৰৰ ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে। এই সময় ছোৱাত ভালদৰে যত্ন নল’লে সৌন্দৰ্য ম্লান হ’ব পাৰে। ফাগুন-চ’ত মাহত শীতৰ জঠৰতা ভাঙি প্ৰকৃতি সজীৱ হৈ উঠে। এই সময় ছোৱাত শুকান বতাহ বলে বাবে নানান ধৰণৰ ৰোগৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই সময় ছোৱাত ঘৰতে পোৱা সহজলভ্য বস্ত্তৰ দ্বাৰা কিদৰে আমাৰ ছাল খন ভালে ৰাখিব পাৰি তাৰে এটি চমু আলোচনা কৰো আহকচোন। আমাৰ ছাল খন পৰিষ্কাৰ কৰি ৰাখিবলৈ নিতৌ পৰিষ্কাৰ পানীৰে গা ধুব লাগে। পাৰিলে নেমু টেঙাৰ ৰস কেই ফুট মান গা-ধোৱা পানীত মিহলাই ল’ব পাৰিলে সুফল পাব পাৰি। নিতৌ ১০ ৰ পৰা ১২ গিলাচ পানী খোৱা উচিত। এচৰিয়া পানীত এমুঠি মহানিমৰ পাত সিজাই সেই পানীৰে গা ধুলেও ছালৰ ৰোগৰ পৰা হাত সাৰিব পাৰি। এই সময় ছোৱাত ছালৰ ওপৰত সৰু সৰু গুটি হৈ কেতিয়াবা খজুৱতি হোৱা দেখা যায়। এনে ধৰণৰ হ’লে কেঁচা হালধি থেতেলি তাৰ ৰস ছালত সানিব লাগে। তাৰ কিছু সময়ৰ পিছত নহৰু এফুটা থেতেলি তাৰ পৰা ওলোৱা ৰস লগাই ১০ মিনিট মান সময় ৰাখি পৰিষ্কাৰ পানীৰে ধুব লাগে। এনে কৰিলে ছাল খন নিমজ হোৱাৰ লগতে সৰু সৰু ফোঁহা আৰু খজুৱতি নাইকিয়া হয়। আমাৰ দেহৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন প্ৰকাৰৰ খাদ্যপ্ৰাণ, প্ৰ’টিন, খনিজ পদাৰ্থ আদি শাকৰ পৰাও পোৱা যায়। এই শাক পাতে আমাৰ দেহ সুস্থ আৰু সবল কৰাৰ উপৰি কিছুমান অভৱ জনিত ৰোগ সমূহ প্ৰতিৰোধ আৰু নিৰাময় কৰাত সহায়তা কৰে। এই খিনি সময়ত গাৰ ছালবোৰ ফাটে বাবে কমলা টেঙাৰ বাকলি ৰ’দত শুকুৱাই গুড়ি কৰি মৌৰ সৈতে মিহলাই কিছু সময়ৰ বাবে গাত সানি থ’ব লাগে। অলপ অলপ শুকুৱাৰ আৰম্ভ কৰিলে চেঁচা পানীৰে ধুই শুকান টাৱেল এখনেৰে মচিব। এনে কৰিলে ছাল খন ফটাৰ পৰা উপশম পাব আৰু লগতে মসৃণো হ’ব। বিশেষকৈ গাৰ ছাল নাফাটিবৰ বাবে ভিটামিন ‘বি’ যুক্ত ফল-মূল আৰু শাক-পাচলি যথেষ্ট পৰিমাণে খোৱা উচিত। কাজিনেমু, ৰবাবটেঙা, কমলাটেঙা, মৌচুম্বি, মধুৰিআম, আমলখি, শিলিখা, পালেং শাক, চুকা শাক, চজিনা, চজিনাৰ পাত, বগৰী টেঙা, বিলাহী, ঔটেঙা আৰু বন্ধা কবি আদি নিমখীয়াকৈ খাব পাৰিলে ভাল। লেখিকা: অপৰাজিতা ভূঞা।