আহাৰত আমি ঘিউ আৰু তেলৰ ব্যৱহাৰ কৰিব লাগে। খাদ্য সময়মতে খাব লাগে। নিশা শোৱাৰ আগতে মেডিটেচন কৰিব। টোপনি ভাল হ’ব। দেহত লোচন লগালে সুগন্ধি, ৰংবিহীন হোৱা উচিত। খুব ঘন ময়শ্বৰাইজাৰৰ সলনি পাতল ময়শ্বাৰাইজাৰ ব্যৱহাৰ কৰিব। মানসিক আৰু শাৰিৰীক হেঁচা দূৰ কৰাৰ বাবে নাকেৰে উশাহ-নিশাহৰ ব্যায়াম কৰিব। সপ্তাহত দুবাৰকৈ দেহত প্ৰলেপ ব্যৱহাৰ কৰিব। ওটমিল, দৈ আৰু হালধিৰ পাউদাৰ মিহলাই লগাব নতুবা টোপোলা কৰি গাত ঘঁহি ঘঁহি ধুই দিব। নিয়মিত কৰিলে ছাল, মিহি, কোমল আৰু উজ্জ্বল হ’ব। আজিকালি বজাৰত উপলব্ধ ক্ৰীম ব্যৱহাৰৰ ফলত ছালৰ বৰণ বগা হয় যদিও এনে ক্ৰীমে ছালখন ক্ষয় যোৱাতহে সহায় কৰে। ফলত ৰ’দত ওলালেই ছালৰ ৰং ক’লা হয় আৰু ধূলিৰ এলাৰ্জি হয়। ধূলিৰ বাবেই শালমইনাই হয়। গতিকে প্ৰতিদিনে যদি গাখীৰত হালধিৰ পাউদাৰ মিহলাই পৰিষ্কাৰ কৰো তেন্তে ছালৰ ক্ষয়-ক্ষতি নহয়। ই ছালৰ পৰা ধূলি পৰিষ্কাৰ কৰাৰ লগতে নোমছিদ্ৰসমূহ পৰিষ্কাৰ কৰে। ছাল ময়শ্ব হৈ থাকে। বজাৰৰ ক্লিনজাৰৰ ফলত ছালখন শুকান হয়। গাখীৰে ছালক সতেজ আৰু বগা কৰি ৰাখে। শীতকালি আমাৰ দেহক সক্ৰিয় কৰি ৰখাৰ বাবে ব্যায়াম বা যোগাসন কৰিব লাগে। ই ছালখনৰ উজ্জ্বলতা বঢ়ায় আৰু সতেজ কৰি ৰাখে। লগতে মনটোক শান্ত-শীতল কৰি ৰাখে। আমি গা ধোৱাৰ আগতে সদায় তেলৰ মালিচ দেহত কৰিব লাগে। তেলখিনি কুহুমীয়াকৈ গৰম কৰি দুটামান তুলসী আৰু নিমপাত দি ল’ব লাগে। তেল মালিচৰ ফলত আমাৰ তেজ চলাচল সঠিকভাৱে হয়। মালিচৰ পিছত কুহুমীয়া পানীৰে গা ধুব। বেছি গৰম পানীৰে গা ধুলে ছাল শোটোৰা পৰে। মালিচৰ তেলৰ ভিতৰত অলিভ অইল, নিম অইল, নাৰিকল আৰু বাদাম তেল ব্যৱহাৰ কৰিব পাৰে। পকা অমিতা আৰু দৈ মিহলাই লগালে ছালৰ পৰা দাগ আতঁৰিব। ছালখনো বগা হ’ব। বাদাম নিশা তিয়াই পিচদিনা পেষ্ট কৰি দৈৰ লগত লগালেও ছালৰ বৰণ বগা আৰু মিহি হ’ব। নিশা শোৱাৰ আগতে গোলাপজল, নাৰিকলৰ তেল আৰু এচামুচমান আপেলৰ চিদাৰ ভিনেগাৰ মিহলাই লগাব। সদায় লগালে ছাল মিহি আৰু বগা হ’ব। শীতৰ দিনত আমি কুহুমীয়া পানী খাই থাকিলে আমাৰ ছালখন সতেজ হৈ থাকে। ফ্ৰীজৰ খাদ্য, টেমাত থকা খাদ্য আদি খাব নালাগে। ই হজম হোৱাত বাধা দিয়ে আৰু স্বাস্থ্যৰ ক্ষতিও কৰে। এইকেইদিন আমি ৰঙালাউ, গাজৰ, বীট, কল, নেমু , বাচমতি চাউল, বাদাম, তিল, গাখীৰ, ঘিউ আদি খাব লাগে। বাদাম, বুট, মগু, আদি খালে ছাল শুকান নহয়। জলফাই, আমলখি খালে শালমইনা আদি নহয়। লেখিকা: ভানু শৰ্মা, সম্ভাৰ।