চাফা পানীত দুচামুচ নেমুৰ ৰস মিলাই দিনটোত তিনিবাৰ মুখখন ধুব। গা ধোঁৱাৰ আগতে মুখত ভাল মুলটানি মাটি আৰু চন্দন মিহলাই লেপন দি ১০ মিনিটৰ পিছত মুখখন ধুই দিব। গৰু গাখীৰৰ লগত এচামুচ চন্দন, এচামুচ হালধি গুড়ি মিহলাই মুখত প্ৰলেপ লগাই লাহে লাহে মালিচ কৰি শুই থাকক। পুৱা ভালদৰে মুখখন ধুব। যিসকলৰ মুখত শালমইনা পকি থাকে, তেনে লোকে পকা বিলাহীৰ ৰস শালমইনাৰ ওপৰত সানি থ’ব, লাহে লাহে শুকাই যাব। শালমইনাৰ দাগ গুচাবলৈ কেঁচা হালধিৰ ৰস, তুলসীৰ ৰস আৰু মৌ একেলগে মিলাই দাগসমূহৰ ওপৰত লগালে দাগ নাইকিয়া হয়। পকা অমিতাৰ ৰস মুখত সানিলে শালমইনাৰ দাগ নাইকিয়া হয় আৰু মুখৰ ৰং উজ্জ্বল হয়। মহানিমৰ পাতৰ গুড়ি পানীত মিহলাই শালমইনা ধুলে শালমইনা বহি যায়। ছালকুঁৱৰীৰ বীজ শালমইনাত সানিলে ভাল হয়। কি খাব লাগে ঠাণ্ডা পানী দিনটোত কমেও তিনি লিটাৰ খাব লাগে। ফলৰ ৰস (সতেজ), শাক-পাচলি যথেষ্ট পৰিমাণে খাব লাগে। আমলখি নিতৌ খাব লাগে। ৰাতি শোৱাৰ আগতে ত্ৰিফলা দুচামুচ এগিলাচ পানীত মিহলাই খাব লাগে। কি খাব নালাগে তেল, ঘিউ, মাখন, মছলাজাতীয় খাদ্য পৰাপক্ষত খাব নালাগে। চৰ্বিজাতীয় খাদ্য অধিক খাব নালাগে। ছালত যিকোনো ক্ৰীমৰ প্ৰলেপ সানিব নালাগে সেইদৰে বেছি পৰিমাণৰ পাউদাৰ সানিব নালাগে। টোপনি ক্ষতি কৰিব নালাগে। চাহ, কফি, মাদক দ্ৰব্য গ্ৰহণ কৰিব নালাগে। উৎস: সম্ভাৰ।