শুকান ছাল চাবোন ব্যৱহাৰ নকৰি ফেচ ৱাছ নাইবা বুটৰ বেচন ব্যৱহাৰ কৰি মুখ চাফা কৰক। চাবোন ব্যৱহাৰ কৰিলে গ্লিচাৰিণযুক্ত চাবোন বা বেবী চ’প ব্যৱহাৰ কৰক। মুখ ধুই স্কিন টনিক লগাব। ই ৰক্ত সঞ্চালন বঢ়াই ছালখনলৈ উজ্জ্বলতা আনে। মেক্আপ্ কৰাৰ আগতে সদায় ভাল কোম্পানীৰ ‘ময়শ্বাৰাইজাৰ’ লগাব। ক্ৰীম দিনে যিমানবাৰ পাৰে লগাব। অলিভ অইলেৰে মালিচো কৰিব পাৰে। এনে কৰিলে ছালখন কোমল আৰু মৃসণ হোৱাৰ লগতে মুখত দেখা দিয়া ৰেখাবোৰ ক্ৰমে নাইকিয়া হ’ব। শুকান ছাল ব্ৰণ বিশেষ নহয়। গৰম পানীৰে মাহেকত এবাৰ ভাপ ল’লেই হয়। এনে কৰাৰ ফলত ৰোমকুপৰ গুৰিৰ ধূলি, ময়লা পৰিষ্কাৰ হয়। সপ্তাহত অন্তত: তিনিদিনকৈ কণীৰ কুহুম আৰু এচামুচ অলিভ অইল মিহলি কৰি মুখত লগাই ১৫-২০ মিনিট থাকি ঠাণ্ডা পানীৰে ধুই পেলাব লাগে। গাখীৰৰ সৰ আৰু ময়দা নাইবা গাখীৰৰ সৰৰ লগত অকণমান নিমখ বা চেনি মিহলাই মুখত সানি ১০ মিনিট সময় ৰাখি ঠাণ্ডা বা কুহুমীয়া পানীৰে ধুই পেলাব। এনে কৰিলে ছাল নিমজ আৰু কোমল হ’ব। তৈলাক্ত ছাল মটৰ দাইলৰ মিহি গুড়ি মুখ ধোওঁতে ব্যৱহাৰ কৰিব পাৰে। নেমু নাইবা চন্দনযুক্ত ফেচৱাছ ব্যৱহাৰ কৰিব। মেকআপ কৰাৰ আগতে এষ্ট্ৰিনজেণ্ট লোচন তুলাত সানি মুখত লগালে ছালৰ অতিৰিক্ত তেলেতীয়া ভাবটো নোহোৱা হ’ব। তৈলাক্ত ছালত ব্ৰণ বেছিকৈ হয়। উতলা গৰম পানীত তুলসী পাত মিহলাই সেই পানীৰে সপ্তাহত এবাৰকৈ ভাপ মুখত ল’ব। পিছত ঠাণ্ডা পানীৰে ধুই দিব। সপ্তাহত অন্তত: তিনিদিন কণীৰ বগা অংশৰ লগত অকণমান নেমুৰ ৰস মিহলাই মুখত সানক। ২০ মিনিটমান পিছত মুখখন ঠাণ্ডা পানীৰে ধুই পেলাওক। সদায় শোৱাৰ আগেয়ে কুহুমীয়া পানী আৰু ফেচৱাছেৰে মুখখন ধুই চাফা কৰি ল’ব। স্বাভাৱিক বা মিশ্ৰ ছাল দিনটোত মাজে মাজে ঠাণ্ডা পানী মুখত মাৰি থাকক। মুখ ধোওঁতে বেচন ব্যৱহাৰ কৰিব পাৰে। মুখ ধোৱাৰ পিছত স্কিন টনিক নাইবা ভাল ক্ৰীম লগাব পাৰে। সপ্তাহত ২-৩ দিন কণীৰ কুহুম আৰু অলিভ অইল মিহলাই মুখত সানি ১৫-২০ মিনিটমান পাছত ঠাণ্ডা পানীৰে ধুই পেলাব। এনে কৰিলে মুখৰ উজ্জ্বলতা বাঢ়ে। ৰাতি শোৱাৰ আগতে মুখ পৰিষ্কাৰ কৰি ময়শ্বাৰাইজাৰ বা বেবীলোচন লগাই থ’লে ছাল কোমল হৈ থাকে। মাজে মাজে মুখত গৰম পানীৰ ভাপ ল’লে ৰোমকুপবোৰৰ ওচৰত জমা হোৱা তেল, ময়লা, ধূলি আদি পৰিষ্কাৰ হয় আৰু ব্ৰণ হোৱাৰ ভয় নাথাকে। গৰমৰ দিনত ছালৰ পৰিচৰ্যা দিনে দুবাৰকৈ গা ধোৱক আৰু কেইবাবাৰো মুখত ঠাণ্ডা পানীৰ ছিটা মাৰক। ফল-মূল, কেঁচা শাক-পাচলিৰ চালাড, ফলৰ ৰস আৰু ডাবৰ পানী নিয়মিতৰূপে খালে ছাল ভালে থাকে। দিনে ৭/৮ গিলাচ পানী খাওক। গাখীৰ আৰু নেমুৰ ৰস মিহলাই সপ্তাহত এদিনকৈ সানি ১০/১৫ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাব। মাজে মাজে বৰফৰ টুকুৰা মুখত আলফুলকৈ লগাওক। ঘামচি হৈ দাগ থাকিলে বৰষুণৰ পানীৰে গা ধুব। বেচন অথবা কৰ্পূৰ তেলো লগাব পাৰে। মৌ সানিলেও ভাল। সপ্তাহত এদিন অকণমান মিনি নিমখ আৰু মিঠাতেল মিহলাই ৫-৭ মিনিটমান সময় মুখত সানি ঠাণ্ডা পানীৰে ধুই পেলাব। ময়দাৰ লগত গাখীৰৰ সৰ মিহলাই সানি শুকালে কুহুমীয়া পানীৰে ধুই পেলাবও পাৰে। খুউব চোকা ৰ’দত কৰবালৈ যাব লগা হ’লে ছানস্ক্ৰীন লোচন ব্যৱহাৰ কৰাৰ লগতে ছাতি আৰু ছানগ্লাছ ব্যৱহাৰ কৰিব। ৰ’দত ছাল পুৰিলে অলিভ অইলৰ লগত নেমুৰ ৰস অথবা ভিনেগাৰ মিহলাই হাত-মুখ আৰু ডিঙিত সানি আধাঘণ্টামানৰ পিছত ধুই পেলাব। উৎস: ইন্টাৰনেট।