টেঙা দৈ-মুলতানী মাটিৰ মাস্ক দুই চামুচ টেঙা দৈৰ লগত এক চামুচ মুলতানী মাটিৰ গুড়ি মিহলাই তাত আধা চামুচ মৌ আৰু আধা চামুচ গোলাপ জল মিহলাব। ভালদৰে মিহলাই জুলীয়া কৰি কপাহৰ পেডৰ সহায়ত মুখমণ্ডলত লগাই ২০ মিনিটৰ পিচত প্ৰথমতে কুহুমীয়া গৰম পানীৰে আৰু পিচত ঠাণ্ডা পানীৰে ধুই পেলাব। মৌৰ মাস্ক আধা চামুচ মৌৰ লগত দুই চামুচ পানী প্ৰথমতে মিহলাই পিচত দুই চামুচ এলক’হল (চাৰ্জিকেল স্পিৰিট) ঢালি ভালদৰে মিহলাই ল’ব। যদি ডাঠ হৈ পৰে উতলা গৰম পানীত থৈ গৰম কৰিলে কোমল হৈ পৰিব। ঠাণ্ডা হ’লে কপাহৰ পেডেৰে মুখমণ্ডলত লগাই ২০ মিনিট ৰাখি পিচত ধুই পেলাব। তিয়ঁহ-মৌৰ ফেচপেক চাৰি চামুচ তিয়ঁহ বটি লৈ তাত চাৰি চামুচ মৌ, এক চামুচ নেমুৰ ৰস আৰু এক চামুচ গোলাপ জল মিহলাব। এনেদৰে মিহলাই প্ৰস্তুত কৰা ফেচপেক কপাহৰ পেডৰ দ্বাৰা মুখমণ্ডলত লগাব। ২০ মিনিটৰ পিচত পানীৰে ধুই পেলাব। মৌ ওটমিলৰ ফেচপেক দুটা কণীৰ বগা অংশৰ লগত ৬ চামুচ মৌ আৰু এক চামুচ নেমুৰ ৰস মিহলাই লৈ তাৰ লগতে ওটমিল মিহলাব। বেছি ডাঠ হ’লে এক চামুচ পানী দিব। এনেদৰে প্ৰস্তুত কৰা ফেচপেক কপাহৰ পেডৰ দ্বাৰা মুখমণ্ডলত লগাই ২০ মিনিটৰ পিচত প্ৰথমতে কুহুমীয়া গৰম পানীৰে পিচত ঠাণ্ডা পানীৰে ধুই পেলাব। উৎস: সম্ভাৰ।