ৰ’দত ছাল নুপুৰিবলৈ ছালত ISSFS বা 30 SFS থকা ছানস্ত্ৰীন ব্যৱহাৰ কৰিব লাগে। ছানস্ক্ৰীন লগাবলৈ প্ৰথমে লাময়স্ত লগাব। প্ৰয়োজন হ’লে মেকআপ কৰিব পাৰে। তাৰ ওপৰতহে ছানস্ক্ৰীন লগাব। মুক্ত ছালত ছানস্ক্ৰীন লগালে ছালত গুটি উঠিব পাৰে। ৰ’দৰ পৰা আহি ছাল গ্লিচাৰিণ চাবোনেৰে ধুব। তেতিয়া ছাল নোপোৰে। ডাবৰ পানীৰে ছাল ধুলে পোৰা ছাল ভাল হয়। গৰমৰ দিনত পোৰা ছাল ভাল কৰিবলৈ লাফেয়াৰ চাৰি চামুচ, দৈ প্ৰয়োজন সাপেক্ষে, মৌ এচামুচ মিহলাই ছালত লগাব। ছাল পোৰা ভাল হ’ব। একেৰাহে এসপ্তাহ লগালে বগা উজ্জ্বল হ’ব। বহুতৰ গ্ৰীষ্মকালত ছালত গুটি ওলায়। এনে হ’লে লানিম চাৰিচামুচ, গুড়ি হালধি আধা চামুচ, কণী এটাৰ বগাখিনি, দৈৰ পানী মিহলাই দহ মিনিটকৈ এসপ্তাহ লগাব। সুফল পাব। গুটি ওলোৱা ভাল হ’বলৈ ভজা তেলযুক্ত, মচলাযুক্ত খাদ্য নাখাব। সদায় পুৱা খালী পেটত এচামুচ আদাৰ ৰস, এচামুচ নেমুৰ ৰস মিহলাই খাব। পেট গৰম হ’লে বা গেছ হ’লে বা গুটি উঠিলে ভাল খাব। গ্ৰীষ্মৰ দিনত সচৰাচৰ এই কেইটা সমস্যা হয়েই। ঘামচি ওলালে এই লেপ গা ধোৱাৰ আধা ঘণ্টাৰ আগত লগাব। বৰিক পাউদাৰ একাপ, লানিম আধা পেকেট, পদিনাৰ ৰস আধা কাপ, তিয়ঁহৰ ৰস আধা কাপ- আটাইখিনি মিহলাই ল’ব। প্ৰয়োজন সাপেক্ষে ডাবৰ পানীও মিহলাব পাৰে। আটাইখিনি ফ্ৰিজত থৈ দিব। চেঁচা হ’লে লগাব। গা ধোৱা পানীত পদিনাৰ ৰস মিহলাই গা ধুলে ঘামচি নোলায়। গোলাপ জল ৫ টোপাল, জেছমিনৰ তেল ৫ টোপাল, চন্দনৰ তেল আধা চামুচ গা ধোৱা পানীত মিহলাই গা ধুলেও ছালত ঘামচি নোলায়। ঘৰমৰ দিনত কপাহী, খাদী আদি কাপোৰহে পিন্ধিব। কোনো ছিন্থেটিক কাপোৰ নিপিন্ধিব। কপাহী কাপোৰ পিন্ধিলে বতাহৰ আহ যাহ থাকে বাবে গৰম কম লাগে আৰু ঘামচি নোলায়। দুৰ্গন্ধ ওলালে অশান্তি হয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ গা ধোৱা পানীত নেমুৰ ৰস আৰু নিমখ মিহলাই গা ধুব। ইয়াৰ বাবে এবাল্টি পানীত এটা সম্পূৰ্ণ নেমুৰ ৰস আৰু নিমখ মিহলাই গা ধুব। জেৰেণীয়ামৰ তেল ৬ টোপাল, পাছাউৰীৰ তেল ৬ টোপাল গা ধোৱা পানীত মিহলাই গা ধুলেও গাৰ দুৰ্গন্ধ আঁতৰে। এগিলাচ পানীত দুচামুচ পদিনাৰ ৰস, এচামুচ নেমুৰ এঅস আৰু প্ৰয়োজনসাপেক্ষে নিমখ মিহলাই দিনে দুবাৰকৈ খালে গাৰ দুৰ্গন্ধ আঁতৰ হয়। গৰমৰ দিনত পৰাপক্ষত মাংস, কণী, নহৰু, কফি খাব নালাগে। তেতিয়া ছালত ঘামচি নোলায় আৰু গাৰ দুৰ্গন্ধ নোহোৱা হয়। ভৰিত পানীয়ে খালে কি কৰিব? ভৰি পৰিষ্কাৰকৈ ধুব। পৰিষ্কাৰ গামোচেৰে মোচিব। টেলকম পাউডাৰত জেতুকাৰ পাতৰ গুড়ি মিহলাই দিনত দুবাৰকৈ লগাব। জোতা- মোজা ভালদৰে ধুই কাঢ়া ৰ’দত শুকাইহে পিন্ধিব। হাতত পানীগুটি উঠিলে জেতুকা পাতৰ লগত ডালিমৰ পাত পিহি লগাব, ভাল পাব। চুলিত উফি হ’লে দুৰ্গন্ধ ওলায়। ইয়াৰ বাবে চুলি ঔটেঙাৰ বীজেৰে ধুব। কুমলীয়া আমৰ পিহা আধা কাপ, মিথি গুটিৰ পিহা আধা কাপ, তিলৰ তেল দুচামুচ মিহলাই চুলিৰ গুৰিত লগাব। এঘণ্টা ৰাখি চুলি পানীৰে ধুব। উফি দূৰ হ’ব। গৰমৰ দিনত ওকণিও বেছি হয়। ইয়াৰ বাবে আপুনি সম পৰিমাণত নিমপাতৰ ৰস আৰু পিঁয়াজৰ ৰস মিহলাই চুলি আৰু চুলিৰ গুৰিত লগাব। দুঘণ্টা ৰাখি লাবটানীৰে মূৰ ধুব। দহদিন একেৰাহে কৰিলে ওকণি দূৰ হ’ব, চুলি সৰা বন্ধ হ’ব, চুলি গজিব। টেলকম পাউডাৰত কৰ্পূৰ্গুড়ি কৰি মিহলাই কাষলতি, ডিঙি, পিঠিত লগাব। দুৰ্গন্ধ নোলাব। চেঁচা লাগি থাকিব। ঘাম কমকৈ ওলাব। ঘামচি নোলায়। উৎসঃ অসমীয়া খবৰ