গ্ৰীষ্ম কালত সাধাৰণতে সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ পৰা ছালখনক সুৰক্ষা দিবলৈ ছানস্ক্ৰীন ব্যৱহাৰ কৰা হয়। এই ব্যৱহাৰৰ ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰা উচিত। এই পৰামৰ্শ ছাল বিশেষজ্ঞৰ। ছালৰ প্ৰকাৰ বিশ্লেষণ কৰিহে ছানস্ক্ৰীন ব্যৱহাৰ কৰা উচিত। পৰাপক্ষত ছাল বিশেষজ্ঞৰ সৈতে আলোচনা কৰিহে ছানস্ক্ৰীন ব্যৱহাৰ কৰিব। যিসকল লোকৰ ছাল তৈলাক্ত, তেনে লোকে জেল বা স্প্ৰেযুক্ত ছানস্ক্ৰীন ব্যৱহাৰ কৰিব। শুকান ছালৰ গৰাকীসকলে লোচন বা ক্ৰীমযুক্ত ছানস্ক্ৰীন ব্যৱহাৰ কৰিব পাৰিলে সুফল পাব। এই গ্ৰীষ্মত মেটযুক্ত ছানস্ক্ৰীন অধিক উপযোগী। মেটযুক্ত ছানস্ক্ৰীন ব্যৱহাৰে ছালখন সতেজ কৰি ৰাখে। লগতে উজ্জ্বলতা প্ৰদান কৰে। এছ পি এফযুক্ত ছানস্ক্ৰীনহে ব্যৱহাৰ কৰিব। এছ পি এফ ৩০ যুক্ত ছানস্ক্ৰীনে সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ তাপ প্ৰতিৰোধ কৰাত সহায় কৰে। গৰমত ঘামচিৰ প্ৰতিকাৰ কোমল টাৱেলেৰে গা মচিব। জোৰেৰে মোহাৰি বা ঘঁহি গা নমচিব। গাত কোনো প্ৰকাৰৰ তেল নলগাব। এই সময়ছোৱাত চন্দন বটি লগত গোলাপ জল মিহলাই ফেচপেক ব্যৱহাৰ কৰিব। গা ধোৱাৰ এঘণ্টাৰ আগতে এচামুচ খোৱা চ’ডা বা ছ’ডিয়াম-বাই-কাৰ্বনেট(ঔষধৰ দোকানত উপলব্ধ)একাপ গোলাপ জলত গুলি লৈ কপাহেৰে শৰীৰত লগাব। উৎস: অসমীয়া প্ৰতিদিন