চীনা বাদাম ,আফুগুটি আৰুহ গোলাপ ফুলৰ পাহিজ সমপৰিমাণত লৈ মিহিকৈ বটি মুখত সানি শুকাবলৈ দি পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক। এনে ব্যৱস্থা দিনে এবাৰকৈ একেৰাহে এসপ্তাহ কৰিলে মুখত পৰা কলা দাগ নাইকিয়া হব। মুখত বলি ৰেখা পৰিলে চীনাবাদাম দুটা পানীত তিয়াই থৈ পুৱা শিলত ঘঁহি গুড়বোৰ মুখত সানিব। এসপ্তাহ এনেদৰে সানিলে মুখৰ বলিৰেখাৰ দাগ নাইকীয়া হয়। ৰঙা গোলাপৰ পাহি মাখনৰ লগত বটি বহল মুখৰ বটলত ভৰাই থব। ৰাতি শোৱাৰ সময়ত এই মাখন ওঠঁত সানি শুই থাকিব। শুকান আৰু ফটা ওঁঠৰ বাবে এই মিশ্ৰণ বৰ ভাল আৰু এসপ্তাহ ব্যৱহাৰৰ পিছত ওঠঁ গুলপীয়া হৈ পৰিব। চকুত নিয়মীয়াকৈ গোলাপ জল দিব। গোলাপ জলে চকু দুটা শীতল কৰি ৰখাৰ লগতে চকুৰ উজ্জ্বলতা বঢ়াব। এচামুচ অলিভ অয়লৰ লগত চাৰি টোপাল নেমুৰ ৰস মিহলাই মুখত সানি তলৰ পৰা ওপৰলৈ মালিচ কৰক। চকুত যাতে তেল নোসোমায় তাৰ প্ৰতি সাৱধান হ’ব। বিছ মিনিটৰ পিছস্ত কুহুমীয়া গৰম পানীৰে মুখখন ধুই পেলাওক। শুকাই যোৱা ছালৰ বাবে এই মিশ্ৰণ বৰ উপকাৰী। অলিভ অয়লেৰে সমগ্ৰ শৰীৰ মালিচ কৰিলে ছাল ভালে থাকে। ছাল শুকাই গৈজ কোঁচ খোৱা আদি ৰোগ এই তেলে দূৰ কৰে। গা ধোৱাৰ দুই তিনি ঘণ্টাৰ আগতে এই মালিচ লব। মুৰ্গীৰ কণী এটা(কুহুমসহ), এঁৱা গাখীৰ এচামুচ আৰু এচামুচ বিশুদ্ধ মৌ মিহলাই ফেটি লৈ পেষ্ট বনাওক। এই পেষ্ট মুখত দুবাৰকৈ সানিজ আধা ঘণ্টা ৰাখিজ মুখ ধুই পেলাওক। এনেদৰে পুৱা-গধূলি দুবাৰকৈ একেৰাহে প্পোন্ধৰদিন সানিলে মুখৰ ৰ্ং বগা হব আৰু মুখৰ উজ্জ্বলতা বাঢ়িব। শীতকালি মুখ আৰু গাৰ ছাল শুকাই ছালখন দেখাত আপচু হৈ পৰে। তেনেকুৱা হ’লে আধা কাপ ঠাণ্ডা গাখীৰত অকণমান নিমখ মিহলাই কপাহ এটুকুৰাৰে মুখ আৰু হাতৰ ছালত সানক। ছালখন নিমজ আৰু ধুনীয়া হৈ পৰিব। ঠাণ্ডাৰ দিনত আঁঠু আৰু কিলাকুটিৰ ময়লা নাইকিয়া কৰিবলৈ নিমখ মিহলি পানীত কাপোক্ৰ তিয়াই ঘঁহিব। আঠু আৰু কিলাকুটিৰ ক’লা দাগ পৰিস্কাৰ হৈ পৰিব। একাপ গাখিউইৰত এচামুচ মৌ মিহলাই ৰাতি শোৱাৰ আগতে খাব। পুৱা আপোনাৰ দেহ-মন সতেজ লাগিব। আধা লিটাৰ পানীত চাহপাত এচামুচ উতলাই চেকি লওক। সেই পানীত জেতুকাৰ শুকান গুৰি(মেহেন্দি বা হেনা) মিহলাই তাত শুকান আমলখিৰ গুৰি আৰু নেমুৰ ৰস মিহলাই গা ধোৱাৰ আগতে চুলিত সানি শুকাবলৈ দিয়ক। এই মিশ্ৰণৰ প্ৰয়োগে চুলি ঘন, কোমল আৰু ক’লা কৰে। চুলি কেতিয়াবা ৰঙচুৱা হৈ পৰিলে বেছি পৰিমাণে চাহপাত উতলাই তাৰ লগত আমলখিৰ গুৰি বেছিকৈ দি মিশ্ৰণটো বনাওক। আকণৰ বগা আঠাৰ লগত হালধি বটি পেষ্ট বনাই লওক। শালমইনা ওলোৱা মুখত এই মিশ্ৰণটো লগাই শুকাই গ’লে ধুই পেলাব। কেইদিনমান প্ৰয়োগ কৰিলেই শালমইনা নাইকিয়া হ’ব। মৌ ৩-৪ চামুচৰ লগত অকণমান নিমখ আৰু সামান্য পৰিমাণে ভিনেগাৰ মিহলাই মুখত সানিলে মুখত পৰা বলিৰেখা বা বয়সৰ দাগ নাইকীয়া হয়। নিমৰ গুটিৰ ভিতৰৰ শাহ গাখীৰৰ লগত বটি মুখত সানিলে ছালৰ শুকান ভাব নাইকীয়া হয় আৰু শালমইনা চিৰদিনৰ কাৰণে লোপ পায়। এশ গ্ৰাম মচুৰ দাইল ভালদৰে ধুই কোনোমতে বুৰ যোৱাকৈ কম পানীত এৰাতি তিয়াই থওক। পিছদিনা পুৱা এই দাইল বটি গাখীৰ বা দৈ মিহলাই পুৱা-গধূলি দুবাৰকৈ মুখত সানি কিছু দেৰিৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুই পেলাওক। মুখৰ উজ্জ্বলতা দুগুণে বাঢ়িব। ১০ গ্ৰাম জিৰা বটি লৈ পানীত উতলাই লওক। জুইৰ পৰা নমাই অলপ ঠাণ্ডা হবলৈ দি চেকি লওক। এই পানীৰে বাৰে বাৰে মুখ ধুলে সৌন্দৰ্য বৃদ্ধি পায়।নাৰিকল তেল এশ গ্ৰামত নিমপাত দি সামান্য গৰম কৰি চেকি বটলত ভৰাই থওক। এই তেল মূৰত ঘঁহি ফণীয়ালে মুৰৰ ওকণি নাইকীয়া হব। উতলাই সিজাই লোৱা মটৰ মাহ আৰু সুমথিৰাৰ বাকলি গাখীৰৰ লগত বটি পেষ্ট এটা তৈয়াৰ কৰি সৰ্বশৰীৰত সানিলে শৰীৰৰ ছালৰ ৰ্ং উজ্জ্বল আৰু কোমল হয়। ক’লা ৰঙো বগা হয়। মুখত ওলোৱা শালমইনা নাইকীয়া কৰিবৰ কাৰণে আন এটি উপায় হ’ল- কেঁচা পদিনা পাত বটি তাৰ লগত নেমুৰ ৰস দুই তিনিটোপাল দি দিয়ক। এই মিশ্ৰণ মুখত সানি ৩-৪ মিনিট সময়ৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক। এনে ব্যৱস্থা দিনে এবাৰকৈ এসপ্তাহ কৰিলে চেহেৰা উজ্জ্বল আৰি কান্তিময় হৈ পৰিব। বেচনত গাখীৰ বা দৈৰ লগত আধা চামুচ হালধি গুৰি মিহলাই মুখত সানিলে মুখ সুন্দৰ আৰু কমনীয় হৈ উঠে। পেস্তা বাদাম বটি গুৰি কৰি লওক। এই গুৰি দাগৰ ওপৰত একেৰাহে ঘঁহক। ছমাহলৈ এনেদৰে দিনে এবাৰকৈ ঘঁহিলে লাহে লাহে দাগবোৰ নাইকীয়া হৈ পৰিব। সময়তকৈ আগতে চুলি পকিলে একাপ গাখীৰত আধা চামুচ বিশুদ্ধ বাদাম তেল আৰু সোৱাদ অনুসৰি চেনি মিহলাই ৰাতি শোৱাৰ আগতে খাওক। এনেদৰে তিনিমাহ একেৰাহে খালে চুলি পকা বন্ধ হব আৰু আগৰ পকা চুলিও লাহে লাহে ক’লা পৰি উঠিব। নেমুৰ ৰস আধা কাপ উলিয়াই লৈ চুলিত ভালদৰে সানক। চুলিৰ গুৰিত এই ৰসেৰে মালিচ কৰক। কিছুসময় ৰাখি পিছত ভাল চেম্পুৰে মুৰ ধুই পেলাওক। চুলি কোমল আৰু উজ্জ্বল হৈ পৰিব। স্বাস্থ্য আৰু দীৰ্ঘজীৱন