আমাৰ ছাল শৰীৰ আবৰি থকা আটাইতকৈ বৃহৎ অংগ। মসৃণ আৰু নিমজ ছালে আমাৰ বয়সকো ঢাকি ৰাখিব পাৰে। ছালে আমাক পাৰিপাৰ্শ্বিকতাৰ চৰম অৱস্থা আৰু প্ৰদূষণৰ পৰা ৰক্ষা কৰে। গ্ৰীষ্মকালত খজুৱতি, ফোঁহা, পিঠিৰ গাঁৰ, ঘামচি আদিৰ দ্বাৰা আমাৰ ছাল আক্ৰান্ত হয়। ইয়াৰ ফলত ছালৰ মসৃণতা কমে আৰু আমি অস্বস্তি ভোগ কৰো। ইয়াৰ প্ৰতিষেধক হিচাপে বাণিজ্যিক সংস্থাসমূহে বিভিন্ন ধৰণৰ ক্ৰীম, টেলকাম পাউদাৰ, ল’শ্বন আদিৰ ইস্তাহাৰ প্ৰৱেশ কৰে। এনে বক্তব্যসমূহ বিজ্ঞানভিত্তিত প্ৰতিষ্ঠিত নহয়। কোনো ক্ৰীম, টেল্ক বা শৰীৰত প্ৰলেপ দিয়া তৰলে আমাৰ শৰীৰ শীতল কৰি ৰাখিব নোৱাৰে আৰু তাপৰ পৰা উৎপন্ন হোৱা ব্যাধিক বাধা দিবলৈ অপাৰগ। আমি স্বাস্থ্য বিজ্ঞানৰ নিয়ম মানি চলিলেই ছালৰ বিভিন্ন সংক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰো। গ্ৰীষ্মকালত আমি ঘামি থকাৰ বাবেই বেক্টেৰিয়াৰ দ্বাৰা ছাল আক্ৰান্ত হয় কাৰণ সেমেকা আৰু উষ্ণ পৰিৱেশে এই জীৱাণুবোৰৰ বৃদ্ধিত অৰিহণা যোগায়। বেক্টেৰিয়াৰ দ্বাৰা উৎপন্ন হোৱা ছালৰ বিভিন্ন ব্যাধি নিৰাময়ৰ বাবে মেডিকেটেড চাবোনেৰে (যেনে নিক’ আৰু টেবল চাবোন) প্ৰতিদিনে দুবাৰকৈ স্নান কৰা প্ৰয়োজন। স্নান কৰা এবাল্টি পানীত চাহ চামুচেৰে এচামুচ ছডিয়াম বাইকাৰ্বনেট মিহলাই ল’ব লাগে। ঘাম বিশেষকৈ কাষলতিৰ তলত জমা হয়। গতিকে এই অঞ্চলত থকা কেশ আঁতৰাই চাফাকৈ ৰাখিব লাগে। ঘামৰ পৰা উৎপন্ন হোৱা খৰ-খজুৱতি নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা ঔষধ কেশৰ দ্বাৰা বাধাপ্ৰাপ্ত হয় আৰু ইয়াৰ মূলত থকা ছিদ্ৰত প্ৰৱেশ কৰিব নোৱাৰে। ফলস্বৰূপে ঘাম জমা হৈ ছালৰ সংক্ৰমণ হয়। কাষলতিৰ তল প্ৰতিদিনে গ্ৰীষ্মকালত দুই/তিনিবাৰ ধুব লাগে। একেদৰে, ঘামচি নিৰাময়ৰ পাউদাৰে ঘামৰ তলত মিশ্ৰিত হৈ শৰীৰৰ নোমৰ গুৰিৰ ছিদ্ৰবোৰ বন্ধ কৰি পেলায়। এই বন্ধ ছিদ্ৰৰ তল ভাগত শৰীৰৰ পৰা নিৰ্গত হোৱা তেলতেলীয়া পদাৰ্থ জমা হ’বলৈ ধৰে। ই বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে পুষ্টিকাৰক মাধ্যম সৃষ্টি কৰে। মেডিকেটেড চাবোনেৰে স্নান কৰি বেক্টেৰিয়া ধ্বংস কৰিব পাৰি। ষ্টেফাইল’ ককাচ শ্ৰেণীৰ বেক্টেৰিয়া আমাৰ ছালৰ ওপৰভাগত অৱস্থান কৰে। সাধাৰণতে ইহঁতে আমাৰ কোনো অপকাৰ নকৰে। যদি কোনো ব্যক্তিৰ অসুখৰ বাবে শৰীৰৰ ৰোগ ৰোধ কৰিব পৰা ক্ষমতা কমি যায় বা শৰীৰৰ কোনো অংশত ঘা লাগিলে এই জীৱাণুবোৰ ছালৰ গভীৰ অংশত প্ৰৱেশ কৰে আৰু ছালত ফোঁহাৰ সৃষ্টি কৰে। এই জীৱাণুৰ কোষৰ আৱৰণক মেডিকেটেড চাবোনে বিনষ্ট কৰিব পাৰে-ফলস্বৰূপে ইহঁত ধ্বংস হয়। গতিকে এনে চাবোন গ্ৰীষ্মকালত ব্যৱহাৰ কৰা নিতান্ত প্ৰয়োজন। আমাৰ মুখমণ্ডলৰ ছালত তেজৰ শিৰাৰ সংখ্যা সৰহ। এনে শিৰা আমাৰ মজগুৰ লগত সংযোজিত কলাৰ লগত পোনপটীয়াকৈ লগ হৈ থাকে। যিকোনো মুহুৰ্ততে মুখমণ্ডলৰ কোনো অংশ কটা গ’লে বেক্টেৰিয়াই এই অংশৰ পৰা মগজুত প্ৰৱেশ কৰে আৰু বিপদজনকৰূপে সংক্ৰমণ কৰে। আমাৰ ওঁঠৰ ওপৰভাগ বিশেষকৈ এই কাৰ্য্যৰ বাবে উপযুক্ত স্থল। এই স্থলত হোৱা সাধাৰণ সংক্ৰমণ মাৰাত্মক হ’ব পাৰে। আনহাতে, এই মূলত আঘাতৰ প্ৰৱণতা বেছি- বিশেষকৈ খুৰেৰে ডাঢ়ি চাঁচি পৰিষ্কাৰ কৰোতে কটা যোৱাৰ সম্ভাৱনা থাকে বাবে এই দিশত সতৰ্ক হোৱা উচিত। পুৰুষ আৰু নাৰী উভয়ৰে ওঁঠৰ ওপৰভাগত কেশৰ সংখ্যা বেছি হোৱাৰ বাবে সহজে ঘামাক্ত আৰু লেতেৰা হয় আৰু কেশৰন্ধ্ৰ বন্ধ হৈ যায়। ফলত বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হয়। সংক্ৰমিত ঠাইডোখৰ ৰঙাপৰি ওখহে আৰু স্পৰ্শ কৰিলে বিষায়। ইয়াত ক্ৰমাগতভাৱে পুজ জমা হয়। এই পুজ বাহিৰ কৰিবলৈ চেষ্টা কৰিলে ই বৰঞ্চ ভিতৰৰ কলাত প্ৰৱেশ কৰে আৰু ক্ষিপ্ৰভাৱে প্ৰসাৰণ হয়, কাৰণ এই অঞ্চলত প্ৰচুৰ তেজ থাকে। ইয়াক প্ৰতিৰোধ কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি এন্টিবায়টিক ব্যৱহাৰ কৰা উচিত। ছালৰ বিষয়ে গ্ৰীষ্মকালত ল’ব লগা সতৰ্কতা মেডিকেটেড ক্ৰীম ছালৰ সংক্ৰমণ থকালৈকে ব্যৱহাৰ কৰিব লাগে। বেছিদিন ব্যৱহাৰ কৰিলে ছালৰ অনিষ্ট সাধন হয়। যেনে ষ্টেৰয়ড যুক্ত ক্ৰীমে ষ্টেৰয়ডৰ ওপৰত নিৰ্ভৰশীলতা বঢ়ায় ছাল ৰঙা পৰে আৰু পাতল হয়। ছালৰ ৰঙৰ পৰিৱৰ্তন হ’ব পাৰে। মুখমণ্ডলত সৃষ্টিহোৱা ব্ৰণ (বিশেষকৈ ক’লা আৰু বগা মূৰ থকা)নি:সন্দেহে চিন্তাৰ কাৰণ। ইয়াক নাইকিয়া কৰিবলৈ আঙুলিৰ দ্বাৰা চেপা মৰাৰ ইচ্ছা হয়। এনে কাৰ্য্য কেতিয়াও কৰা অনুচিত কাৰণ নখ আৰু আঙুলিয়ে সংক্ৰমণ বৃদ্ধি কৰে। ইয়াক আঁতৰাবলৈ এই বিষয়ে জ্ঞান থকা ব্যক্তিৰ পৰামৰ্শ ল’ব লাগে। পুৰণা প্ৰসাধন সামগ্ৰী মুখমণ্ডলত ব্যৱহাৰ কৰা অনুচিত। বহুতো মহিলাই বটল বা টিউব খালী নোহোৱালৈকে এনে সামগ্ৰী ব্যৱহাৰ কৰে। ব্যৱহাৰৰ শেষ তাৰিখ পঢ়ি চোৱা উচিত। সময় আগবঢ়াৰ লগে লগে এনে পদাৰ্থৰ বিয়োজন ঘটি অন্য পদাৰ্থলৈ ৰূপান্তৰ হয়। ফলস্বৰূপে এলাৰ্জিক ক্ৰিয়া হ’ব পাৰে বা মুখমণ্ডল ৰঙা পৰে। মুখমণ্ডলত প্ৰসাধন ব্যৱহাৰ কৰি ৰাতি শোৱা অনুচিত। ইয়াৰ উপাদানসমূহে ঘাম আৰু মলিৰ লগত মিশ্ৰিত হৈ কেশ-ছিদ্ৰবোৰ বন্ধ কৰি দিয়াৰ বাবে গালত শালমন উৎপন্ন হ’ব পাৰে। সঘনে নতুনকৈ উৎপাদিত প্ৰসাধন সলনি কৰিব নালাগে। কোনো বান্ধবীৰ ছালৰ বাবে উপযুক্ত হোৱা এনে সামগ্ৰী আপোনাৰ ছালৰ বাবে ক্ষতিকাৰক হ’ব পাৰে আৰু এলাৰ্জী সৃষ্টি কৰা পদাৰ্থৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বেছি। নাৰীৰ স্বভাৱসুলভ মনোবৃত্তি হৈছে মুখমণ্ডলত উৎপন্ন হোৱা কেশ নাইকিয়া কৰা বা ছালখনক মসৃণ কৰা। ইয়াৰ বাবে ব্লিচিং কৰা হয়। সঘনে এনে কৰা অনুচিত। ব্লিচিঙত ব্যৱহাৰ্য ৰাসায়নিক পদাৰ্থই এলাৰ্জিত অৰিহণা যোগায় আৰু ছালৰ প্ৰতিটো অংশ একেধৰণে মসৃণ নহব’ও পাৰে। আমাৰ ছালৰ লগত খাপখোৱা পৰিষ্কাৰক ব্যৱহাৰ কৰিব লাগে। তেলেতীয়া ছালৰ বাবে ফেন উঠা পৰিষ্কাৰক আৰু শুকান ছালৰ বাবে উপযুক্ত হৈছে চফেদ পৰিষ্কাৰক বছৰৰ ঋতুৰ পৰিৱৰ্তন অনুসৰি পৰিষ্কাৰক সালসলনি কৰিব পাৰি। লেখিকা: জয়া হাজৰিকা, দৈনিক অসম।