নিয়মিত এই গৰমত নাৰিকলৰ পানী, আমৰ চৰবত, আনাৰস, আপেল, তৰমুজৰ ৰস, কেঁচা আম সিজাই তাৰ পানী, তেঁতেলীৰ পানী আদি খাব লাগে। ছালকুঁৱৰীৰ ৰস নিয়মিত আমলখিৰ ৰসৰ লগত মিহলাই একাপকৈ খালে চুলি নসৰে। ছালত দাগ নপৰে। ছাল সতেজ কৰি ৰাখে। বয়সৰ চাপ কমে। ফ্ৰিকল্ছ নহয়। পিগমেণ্টেচন নহয়। স্বাস্থ্য আটিল কৰি ৰাখে। নেমুৰ চৰবত এগিলাচ খাব। আজিৰ দিনত আমি গাড়ীত এ চি, ঘৰত এ চি, অফিচত এ চি ব্যৱহাৰ কৰো। গতিকে এ চিৰ সন্মুখত এবাটি শীতল পানী থৈ দিব। এটোপাল লেভেণ্ডাৰ অইল বা নীম অইল দি থ’ব। কমলাৰ তেলো অতি উত্তম। সুন্দৰ সুগন্ধিৰ লগতে ইতিবাচক পৰিবেশ হয়। যদি অফিচত কম্পিউটাৰৰ সন্মুখত থাকে, তেন্তে ৰুমালত ট’নাৰ লগাই মুখত হেঁচুকি দিব। ফলত ছালৰ ক্ষতি নকৰে। ঘাম শৰীৰৰ পৰা নিৰ্গত হ’লে এখন ৰুমালত ট’নাৰ লগাই মচিব। এনে কৰিলে আমাৰ নোমছিদ্ৰসমূহ ডাঙৰ নহয়। ছালকুঁৱৰীৰ সতেজ বীজলুৱাখিনি ছালত লগালে ছালৰ সতেজতা বঢ়ায়। ছাল নিস্তেজ নহয় আৰু ছালত দাগ নপৰে। আনাৰসৰ ৰসত দুয়োখন ভৰি প্ৰায় আধাঘণ্টা ডুবাই ৰাখিলে ছালৰ পৰা মৃতকোষ পৰিষ্কাৰ হয়। ফলত ভৰিৰ ছাল বগা আৰু মিহি হয়। গৰমৰ দিনত ছালত জ্বলন হয়। এনে নোহোৱাৰ বাবে ছালকুঁৱৰীৰ জুলীয়াখিনি ভৰিৰ তলুৱাত, ছালত আৰু মূৰত লগালে তৎক্ষণাৎ শৰীৰ শীতল হয়। নাভিত লগালেও শৰীৰৰ গৰম নাশ হয়। গৰমৰ দিনত ১০ বজাৰ পৰা ৪ বজালৈ ৰ’দত ওলাব নালাগে। ইয়াৰ বাবে আনাৰসৰ ৰসত মৌ মিহলাই ছালত ১৫ মিনিটমান লগালে ছালৰ পৰা দাগ আঁতৰে। তদুপৰি মেলানিন ফেচিয়েল কৰালেও ছালৰ পৰা দাগ আঁতৰে। গৰমত কেতিয়াও শীতল কাৰ্বহাইড্ৰেট আৰু চেনি থকা পানীয় নাখাব, ই শকত কৰিব। দুপৰীয়া ফল-মূল, গজালি ওলোৱা বুট-মগু ইত্যাদি খাব। কাৰ্যালয়লৈ যাওঁতে লগত সদায় পানীৰ বটল লৈ যাব। আনৰ পানী গ্ৰহণ নকৰিব। নিজৰ পানীত এটা শুকান আমলখি দি ল’ব। নতুবা কেইটামান চফগুটি দি খাব। শৰীৰ শীতল কৰি ৰাখিব। পানীখিনি খায়ো ভাল লাগিব। নতুবা আনাৰস এটুকুৰা দিলেও সোৱাদ লাগিব। পদিনা সিজাই তাৰ পানীখিনি এটা স্প্ৰে বটলত ভৰাই ফ্ৰিজত থৈ দিব। কৰ্মক্ষেত্ৰৰ পৰা আহি মুখত, হাতত আৰু ডিঙিত স্প্ৰে কৰিব। এনে কৰিলে ছানবাৰ্ণ নহয়। ছালৰ নোমছিদ্ৰসমূহ ডাঙৰ নহয়। জিৰাৰ পানীত দুটামান পদিনাৰ পাত অলপ নেমুৰ ৰস মিহলাই খাব। অৱশ্যে ‘জলজিৰা’ বজাৰত পোৱা যায়। সূৰ্যমুখীৰ গুটি, নাৰিকল তেল, অলিভ অইল, চিয়া গুটি, শনগছৰ গুটি ইত্যাদি খাব। চল্লিশৰ উৰ্দ্ধৰ মহিলাসকলে আনাৰসৰ ৰসৰ লগত ওটমিল মিহলাই ২০ মিনিটমান থৈ দিব। লগতে পদিনাৰ পাউদাৰ মিহলাই ২০ মিনিটমান থৈ দিব। লগতে পদিনাৰ পাউদাৰ এচামুচ দি পেষ্ট তৈয়াৰ কৰি শৰীৰত আৰু মুখত লগাব। এখন পলিথিন ৰেপিং পেপাৰৰ দ্বাৰা ঢাকি দি ২৫ মিনিট ৰাখিব। পিচত ঘঁহি ঘঁহি ধুই দিব। এনে কৰিলে ছালৰ নোমছিদ্ৰৰ পৰা মৃতকোষসমূহ পৰিষ্কাৰ হয়। বগা হ’ব। ৰ’দে পোৰাৰ চামনি আঁতৰি যাব। আপোনাৰ স্বাস্থ্য আপোনাৰ হাতত। গতিকে মনক শান্ত কৰাৰ বাবে সূৰ্য প্ৰাণায়াম কৰি ২০ মিনিট মেডিটেচন কৰিব। আপোনাৰ মনটো শান্ত আৰু স্বাস্থ্যৱান হৈ থাকিব। কৰ্মৰত মহিলাসকলে ক্লিনজিং ফেচ ৱাশ্বৰ সলনি ক্লিনজিং মিল্ক ব্যৱহাৰ কৰিব। ই ছালৰ ময়শ্বাৰ ধৰি ৰখাত সহায় কৰিব। তেলেতীয়া ছালৰ ক্লিনজিং জেল ব্যৱহাৰ কৰিব। ই ছালৰ আৰ্দ্ৰতা ধৰি ছালৰ কোষৰ পৰা মৃত ছাল পৰিষ্কাৰ কৰিব। তৎক্ষণাৎ ট’নাৰ লগাব। ইয়াৰ দ্বাৰা ছালত তেজ চলাচল সঠিকভাৱে হ’ব। ছালখন সতেজ হৈ থাকিব। পিচত চি চি ক্ৰীম লগাই কৰ্মক্ষেত্ৰলৈ যাব। যিহেতু চি চি ক্ৰীমত ছানস্ক্ৰীন, ময়শ্বাৰাইজাৰ, প্ৰাইমাৰ, লাইট ফাউণ্ডেচন, এণ্টি এইজিঙৰ সামগ্ৰী থাকে। শুকান ছালৰ বাবে উত্তম। বহল নোমছিদ্ৰসমূহ কমাই ৰাখে। ছালত পৰা ক’লা দাগ আঁতৰায় আৰু লুকুৱাই ৰাখে। কাৰ্যালয়লৈ যোৱাৰ আগতেই এছ পি এফযুক্ত লিপষ্টিক লগাব। শৰীৰত এছ পি এফ ছানস্ক্ৰীন লগাই কাৰ্যালয়লৈ ওলাব। ছানগ্লাছৰ লগত ছাতি ব্যৱহাৰ কৰিব। গাড়ীত গ’লেও ছানগাছ পিন্ধিব। পুৱা সোনকালে উঠি ১০ মিনিটমান মেডিটেচন কৰিব লাগে। ই মনৰ লগতে শৰীৰকো শান্ত কৰি ৰাখে। ফলত শৰীৰৰ সমস্যা নাশ কৰে। পুৱা খোজ কাঢ়িলে বা আসন কৰিলে শৰীৰত তেজ চলাচল হয়। শৰীৰৰ বিভিন্ন বেমাৰ নাশ কৰে। বয়সৰ ছাপ নপৰে। ছাল মৃসণ হৈ থাকে। ছাললৈ উজ্জ্বলতা আনে। পেটৰ সমস্যাৰ বাবে আমাৰ চুলি সৰে, ছালত দাগ পৰে। বয়সৰ ছাপ পৰে। গতিকে পানীখিনিত দুটামান পদিনাৰ পাত দি খাব। এনে কৰিলে শৰীৰৰ গৰম ওলাই যায়। গৰমত ঘাম ওলালে সদায় টিচু পেপাৰৰ দ্বাৰা মচিব। তেতিয়া ছালত বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে। কৰ্মক্ষেত্ৰৰ পৰা আহি মুখখন ক্লিনজিং মিল্কৰ দ্বাৰা পৰিষ্কাৰ কৰি অলপ ট’নাৰ লগাব। কাৰ্যালয়ৰ পৰা আহি গৰম খাদ্য খোৱাৰ বিপৰীতে আম, দৈ, থেকেৰা, নেমুৰ চৰবত খাব। মূৰৰ ছালৰ মালিচ নিয়মিত মূৰৰ তালু মালিচ কৰিলে ছালত তেজৰ চলাচল বাঢ়ে। ইয়াৰ ফলত চুলিয়ে ছালৰ পৰা পুষ্টি সংগ্ৰহ কৰি অধিক উজ্জ্বল আৰু সতেজ হৈ উঠে। লগতে ছাল সক্ৰিয় হৈ উঠে। চুলিৰ গড় আয়ুস বাঢ়ি যায়। চুলি মালিচ কৰিব পৰা যায়। মালিচ কৰাৰ সময়ত চুলি কেতিয়াও মুঠি মাৰি ধৰি নাটানিব। প্ৰথমে ফণিৰে, তাৰ পিচত ব্ৰাছেৰে চুলিখিনি আঁচুৰি লৈ মূৰ মালিচ কৰিব। তিতা চুলিৰ মূৰ মালিচ কৰিব নালাগে। যিসকলৰ চুলি শুকান, সেইসকলে প্ৰতিদিনে এবাৰ মালিচ কৰিব আৰু যিসকলৰ চুলি তৈলাক্ত, সেইসকলে প্ৰতিবাৰ শ্বেম্পু কৰাৰ আগতে মালিচ কৰিব। স্বাভাৱিক চুলিৰ কাৰণে সপ্তাহত চাৰি দিন মালিচ কৰিলেই যথেষ্ট। চুলিৰ মালিচ কৰাৰ কোনো নিৰ্দ্দিষ্ট সময় নাই। যেতিয়াই মন যায় কৰিব পাৰে। ৫-১০ মিনিটমান কৰিলেই যথেষ্ট হ’ব। লেখিকা: ভানু শৰ্মা, অসমীয়া প্ৰতিদিন।