তৰমুজ তৰমুজ পিহি মুখত লগাব। যিসকলে মুখখনত খুব গৰম অনুভৱ কৰে, তেওঁলোকৰ বাবে তৰমুজ অতি উত্তম। ডাব নাৰিকল গৰমত মুখত ডাব নাৰিকলৰ পানী সানিলে ছালখন সতেজ আৰু মৃসণ হৈ পৰে। বিলাহী গৰমৰ দিনত একাংশ লোকৰ মুখত বা হাতত সৰু সৰু ফোঁহাৰ দৰে হয়। তেনে লোকে পকা অমিতাৰ লগত গাখীৰৰ পৰা উলিওৱা ক্ৰীম একেলগে মিহলাই ফোঁহাৰ ওপৰত লগাব। ১০-১৫ মিনিট পিচত ঠাণ্ডা পানীৰে ধুব। তিয়ঁহ সূৰ্যৰ ৰশ্মিত দেহৰ ছাল ক’লা পৰিলে তিয়ঁহ এটা কাটি ৰস উলিয়াই, সেই ৰস ফ্ৰিজত থৈ দিব। যেতিয়া ৰ’দৰ পৰা আহিব, সেই ৰস গোটেই মুখ, হাত, যি অংশত ৰ’দে পোৰে, তাত ১৫-২০ মিনিট লগাই ঠাণ্ডা পানীৰে ধুই দিব। পকা অমিতা পকা অমিতা ভালদৰে হাতেৰে পিহি মলমৰ দৰে কৰি গোটেই মুখত সানিব। সদায় পাৰিলে ভাল। দেখিব কেনেদৰে মুখৰ ৰং উজ্জ্বল হৈ পৰিছে। আপেল একাপ ঘৰত পতা দৈৰ লগত এটা আপেলৰ ৰস মিহলাই তাত পাঁচ টোপাল নেমুৰ ৰস মিহলাই ১৫ লগাব ভিন্ন সমস্যাৰ উপায় গৰমত কিছু লোকৰ বহুত ঘামচি হোৱা দেখা যায়। তেনে লোকে জেতুকা ৰস আৰু শেৱালি ফুলৰ পাতৰ ৰস মিহলাই ঘামচি হোৱা ঠাইত লগাই ১০ মিনিটৰ পিচত পানীৰে ধুব। নেমুৰ ৰস সানিলেও উপশম পাব। খুব চুলি সৰিলে মূৰত জবা ফুলৰ ‘পেষ্ট’ প্ৰস্তুত কৰি লগাব নাইবা ব্ৰাহ্মী শাক মূৰত প্ৰলেপ দিব সপ্তাহত তিনিদিনকৈ। দেখিব চুলি সৰা নাইকিয়া হৈছে। গৰমত ঘামৰ বাবে বহুতৰে চুলি সৰা সমস্যা বেছিকৈ দেখা পোৱা যায়। মূৰত কিছু লোকৰ ওকণি হ’লে মহানিমৰ পাত আৰু চিৰতাৰ পাত একেলগে খুন্দি পাঁচ মিনিট মূৰত প্ৰলেপ দি এখন কাপোৰেৰে বান্ধি থ’ব। তাৰ পিচত পানীৰে ধুই দিব। সপ্তাহত ৪ দিনকৈ কৰিব। মূৰত উফি হ’লে ঔ টেঙাৰ বীজ উলিয়াই মূৰত সানিব। সপ্তাহত ২/৩ দিনকৈ ব্যৱহাৰ কৰিব। লেখিকা: বৰ্ণালী ভট্টাচাৰ্য, অসমীয়া প্ৰতিদিন।